লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ
লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-১
- দেৱজিৎ ফুকন
(১)
মেখেলা চাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী
প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ মেখেলা পিন্ধিব লাগে ৷ গতিকে বায়েকৰ মেখেলাচাদৰ পিন্ধি স্কুল যায় ৷ কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ ৷ লাজ পায় তেনেদৰে স্কুল যাবলৈ ৷ ফলত পঢ়াশুনাত লাহে লাহে মনোযোগ কমি আহিল ৷ স্কুল ক্ষতি কৰিবলৈ ধৰিলে ৷ এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰি থাকিল ৷ স্কুললৈ যোৱাতকৈ ঘৰত চাহ পুলি , চেগুন পুলি ৰুই ভাল পোৱা হল ৷ তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হল ৷ প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হল ৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোনৰ পদক ৷ সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা ৷ ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷ ছাই কেন্দ্ৰত যোগদান কৰিবনে নাই তাক লৈ দোধোৰমোধোৰ অৱস্থাত থকাৰ সময়ত মাকে কলে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া এনেদৰে মেখেলা চাদৰ পিন্ধাৰ দৰকাৰ নাই আৰু ৷ ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল ৷ মেখেলাচাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল ৷ আৰু আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ আমাৰ ঘৰৰ পৰা মাথো চাৰি কিলোমিটাৰ নিলগৰ বৰপথাৰ বাৰমূখীয়া গাৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হল এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে ৷
(২)
নিজা পোচাক নাই , সতীৰ্থ খেলুৱৈৰ প্ৰতাৰণা, তাৰ মাজতে পদক আজুৰি আনিছিল লাভলীনাই
আৰ্থিক অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা লাভলীনাই স্কুলত পঢ়ি থাকোতে যিদৰে বায়েকহতৰ ইউনিফৰ্ম পিন্ধি স্কুল যাবলগীয়া হৈছিল ঠিক তেনেদৰে একেই অৱস্থাৰ সন্মুখীন হৈছিল বক্সিং ৰিঙতো ৷ সেয়া আছিল বক্সিং কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ কথা ৷ কলিকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ গৈছিল লাভলীনা ৷ কিন্তু নিজৰ বাবে নাছিল খেলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ আনকি নিজাকৈ এযোৰ খেলৰ পোছাকো নাছিল ৷ যাত্ৰাৰ সময়ত এগৰাকী সতীৰ্থ খেলুৱৈয়ে তাইৰ পোছাকযোৰ নিজে খেলাৰ পাছত লাভলীনাক দিবলৈ মান্তি হৈছিল ৷ কিন্তু অসমৰ সেই খেলুৱৈগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত প্ৰাৰম্ভিক পৰ্যায়তে পৰাজিত হৈছিল ৷ আচৰিত কথা খেলত পৰাজয়ৰ পাছত সেই খেলুৱৈ গৰাকীয়ে তাইৰ পোছাক লাভলীনাক দিবলৈ অমান্তি হল ৷ হয়তো ঈৰ্ষাত ৷ যাৰ ফলত লাভলীনাৰ বাবে প্ৰতিযোগিতাত যোগদান সেই সময়ত অসম্ভৱ হৈ পৰিছিল ৷ অৱশ্যে এগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে তেনে অৱস্থাত তেওঁৰ নিজৰ এজোৰ পোছাক লাভলীনালৈ আগবঢ়াই দিয়ে ৷ তেতিয়া লাভলীনাৰ বয়স মাথো ১৫ বছৰ ৷ গতিকে জ্যেষ্ঠ খেলুৱৈ গৰাকীৰ পোছাকযোৰ বহুত ডাঙৰ আৰু জলহু ধৰণৰ হ’ল ৷ কিন্তু আন কোনো বিকল্পও নাছিল লাভলীনাৰ সন্মুখত ৷ প্ৰচুৰ আত্মবিশ্বাস আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰা যোগ্যতা থকা লাভলীনাক যেন কোনো প্ৰতিকুল পৰিৱেশেই বিচলিত কৰিব নোৱাৰে ৷ জ্যেষ্ঠ খেলুৱৈৰ জলহু পোছাক আৰু আনৰ পৰা লোৱা গ্লোবেৰেই সেই প্ৰতিযোগিতাত পদক আজুৰি আনিছিল লাভলীনাই ৷ অভাৱ – অনাটন বা আন কোনো সমস্যাই বাধা দিব নোৱাৰা লাভলীনা কিছুদিন পূৰ্বে ক’ভিডটো আক্ৰান্ত হৈছিল ৷ কিন্তু তাৰ মাজতো অব্যাহত ৰাখিছিল কঠোৰ প্ৰশিক্ষণ ৷ আজিৰ দিনটোত টকিঅ’ত উপস্থিত হোৱা লাভলীনাৰ এনে অলেখ কাহিনীৰ মাজেৰে এই অৱস্থাত উপনীত হৈছেগৈ ৷
(৩)
ৰেলত চিট নাপায় শৌচালয়ৰ কাষত চাদৰ পাৰি শুই গুৱাহাটীলৈ গৈছিল ছাইত যোগদান কৰিবলৈ
সেইয়া আছিল ২০১২ চনৰ ২৮ জুনৰ কথা ৷ গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ খবৰ আহিল যে পাছদিনা লাভলীনাই গুৱাহাটীৰ ছাই কেন্দ্ৰত যোগদান কৰিব লাগে ৷ লাহনে সেই খবৰ লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক দিলে আৱেলি সময়ত ৷ খৰখেদাকৈ লাভলীনা যাবলৈ ওলাল যদিও যাতায়তৰ নিজা কোনো সুবিধা নাছিল ৷ ফলত মাজনিশা ১২ বজাত কামৰূপ এক্সপ্ৰেছৰ জেনেৰেল ডবাত কন্যাক লৈ পিতৃ টিকেন বৰগোহাঁয়ে যাত্ৰা আৰম্ভ কৰিলে সৰুপথাৰৰ পৰা গুৱাহাটীলৈ বুলি ৷ বহিবলৈ ক’তো এটা ছীটো নাই ৷ কি কৰিব উপায় নাপায় পিতৃ টিকেন বৰগোহাঁয়ে ৰেলগাড়ীৰ শৌচালয়ৰ কাষতে মজিয়াত এখন বিছনা চাদৰ পাৰি লাভলীনাক শুবলৈ দি নিজে ওৰে ৰাতি কাষত বহি গুৱাহাটীলৈকে গ’ল আৰু পৰৱৰ্তী দিনটোত গুৱাহাটীৰ ছাই কেন্দ্ৰত ১৬ বছৰৰ অনুৰ্দ্ধ খেলুৱৈ হিছাপে যোগদান কৰেগৈ লাভলীনাই ৷ মুৱাই-থাই আৰু কিক বক্সিংৰ জগতৰ পৰা এনেদৰেই বক্সিঙৰ ৰিঙলৈ লাভলীনাৰ উত্তৰত ৷
মুৱাই-থাই আৰু কিক বক্সিঙৰ বাহিৰেও প্ৰশিক্ষক প্ৰশান্ত দাসে লাভলীনাক মণিপুৰী সমৰকলা ঠাং’টা (Thang’ta)ৰ প্ৰশিক্ষণ দিছিল ৷ এবাৰ যোৰহাটত অনুষ্ঠিত হোৱা এক কৰ্মশালাত যোগদান কৰি উভতি অহাৰ সময়ত লাভলীনাহতৰ গাড়ীখনত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ অৱশ্যে পাছত চিআৰপিএফ বাহিনী আহি দলটোক উদ্ধাৰ কৰিছিল ৷ তেতিয়া কিশোৰী লাভলীনাই দুৰ্বৃত্তৰ হাতৰ পৰা সতীৰ্থ সকলক ৰক্ষা কৰিবলৈ গাড়ীৰ পৰা নামি যাব পৰা নাছিল ৷ কিন্তু ঘৰলৈ আহি প্ৰশিক্ষক প্ৰশান্ত দাসক কৈছিল যে ভবিষ্যতে নিজকে এনেদৰে সজাই তুলিব যাতে অৱলা হিচাপে গাড়ীত বহি থকাৰ সলনি আত্মৰক্ষাৰ কাৰণে নিজেই যূজিব পাৰে ৷ সেইজনীয়ে লাভলীনা ৷ কোনো পৰিৱেশতে পাছলৈ উভতি নহা অদম্য সাহসৰ প্ৰতীক স্বাভিমানী লাভলীনা ৷
লাভলীনা বিগত বছৰ কভিডৰ সময়ত প্ৰায় তিনিমাহ ঘৰত আছিলহি ৷ সেই সময়খিনিত অঞ্চলটোৰ দুখীয়া লোকসকলৰ মাজত খাদ্য দ্ৰব্য বিতৰণ কৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ ঘৰত থকা সময়খিনিত পথাৰলৈ গৈ খেতি কৰা, গছপুলি ৰোৱা , মাছমৰা আদিত ব্যস্ত থাকে মাক মামনিৰ অতি মৰমৰ জীৱৰী লাভলীনা ৷ মাকৰ ঘৰ আমাৰ চাংপুলৰ ঘৰখনৰ পৰা মাথো এক কিলোমিটাৰ নিলগত ৷ দৈনিক মাকলৈ লাভলীনাই ভিডিঅ’ কল কৰে ৷ ইটালীত প্ৰশিক্ষণ লৈ থকাৰ সময়ত মাকলৈ যেতিয়া ফোন কৰিবলৈ আজৰি পায়, তেতিয়া আমাৰ ভাৰতবৰ্ষত সময় নিশা ১২ বাজি পাৰ হয় ৷ হ’লেও জীয়েকৰ ভিডিঅ কল নোপোৱালৈকে ৰুগীয়া মাকে অপেক্ষা কৰে ৷ মাক মামনিৰ দুয়োটা কিডনী বিকল হৈ পৰাত যোৱা ফেব্ৰুৱাৰী মাহত কলিকতাত কিডনী সলনি কৰিবলগীয়া হয় ৷ বৰ্তমানো সম্পূৰ্ণ সুস্থ নহয় মাক মামনি ৷ অলিম্পিকলৈ চলায় থকা কঠোৰ অনুশীলনৰ মাজত ফেব্ৰুৱাৰী মাহত লাভলীনাই চিকিৎসালয়ত মাকৰ সংগ দিছিলহি ৷ ভাৰাক্ৰান্ত মন লৈয়ে অব্যাহত ৰাখিছিল কঠোৰ অনুশীলন ৷ ৷ধনশিৰি মহকুমাৰ বাৰমূখীয়াৰ পৰা টকিঅ’লৈ লাভলীনাৰ এই যাত্ৰাৰ লগত জড়িত আন কিছু কথা আপোনালোকলৈ আগবঢ়াম পৰবৰ্তী খণ্ড সমূহত ৷(আগলৈ)
(লেখক গোলাঘাটৰ ডি আৰ কলেজৰ সহযোগী অধ্যাপক)