পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি

Share This Article

ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন কৰিছে ৷ দেশখনৰ কোম্পেনী এন এছ ওয়ে বিভিন্ন দেশৰ চৰকাৰক এই ছফটৱেৰ বিক্ৰী কৰে ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ ওপৰত চকু ৰাখিবলৈ পেগাছাছ ছফটৱেৰ প্ৰস্তুত কৰা হৈছিল যদিও বিভিন্ন দেশৰ চৰকাৰে সাধাৰণ নাগৰিকৰ ফোনতো পেগাছাছ সংস্থাপন কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ ইজৰাইল চৰকাৰে মন্ত্ৰীগোট গঠন কৰি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে ৷ অবৈধ চোৰাংচোৱাগিৰি সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে ফ্ৰান্স চৰকাৰেও ৷ দেশখনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক বিবৃতিত কয় ,” যদি এই তথ্যসমূহ সত্য হয় , তেনেহ’লে ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ পেগাছাছৰ চিকাৰ হোৱা কেবাজনো ফৰাচী নাগৰিকে ইতিমধ্যে অভিযোগ দাখিল কৰিব বুলি ঘোষণা কৰিছে ৷ এই অভিযোগ লাভ কৰাৰ লগে লগে আইনী প্ৰক্ৰিয়াৰে তদন্ত আৰম্ভ হ’ব ৷ “ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণ , সংবাদ ৱেবচাইট ‘মেডিয়া পাৰ্ট ‘ৰ সম্পাদক এডৱি প্লেনেলৰ ফোন নম্বৰ পেগাছাছৰ সাম্ভাব্য টাৰ্গেটৰ তালিকাত প্ৰকাশ পাইছিল ৷ ইয়াৰ পাছতে দেশখনে বিষয়টোক গুৰুত্বসহকাৰে লৈ নিজাববীয়া তদন্ত আৰম্ভ কৰিছে ৷ ইজৰাইল আৰু ফ্ৰান্সৰ এনে পদক্ষেপৰ বিপৰীতে পেগাছাছ কাণ্ডক লৈ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ পেগাছাছ টাৰ্গেট লিষ্টক শাসকীয় বিজেপি দলে এক আন্ত:ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি অভিহিত কৰি বিষয়টোৰ পৰা গা এৰা দিব বিচাৰিছে ৷ ইয়াৰ মাজতে ছট্টিছগড় চৰকাৰে নিজাববীয়াকৈ বিষয়টোৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে ৷

উল্লেখ্য যে , পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে  ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷  শেহতীয়াকৈ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ ফোন নম্বৰ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.