ঘানাৰ পৰা চন্দ্ৰপুৰলৈ : জাবৰৰ নামত বিশ্বত কিহৰ ৰাজনীতি চলিছে ?

Share This Article
  • জুৰি বৰুৱা

বিশ্বৰ আটাইতকৈ বৃহৎ ইলেকট্ৰ’নিক জাবৰৰ ডাম্পিং গ্ৰাউণ্ড হৈছে ঘানাৰ এগবগব্লছি ৷ আফ্ৰিকা মহাদেশৰ ঘানা তৃতীয় বিশ্বৰ এখন অত্যন্ত দৰিদ্ৰ দেশ ৷ গুগল কৰি এগবগব্লছিক চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ ২০ বছৰ বয়সতে কেঞ্চাৰত মৃত্যুক সাৱটি লোৱা এই ঠাইৰ যৌৱনবোৰ জাবৰৰ মাজতে জন্ম হয় আৰু জাবৰৰ মাজতে ইহঁত নোহোৱাও হয় ৷ এগবগব্লছিলৈ উন্নত, আধুনিক প্ৰযুক্তিবিদ্য়াত পাৰ্গত দেশবোৰৰ জাবৰৰ ৰপ্তানি হয় ৷ আইনগত আৰু বে-অইনী দুয়োটা বাটেৰেই ৷  এগবগব্লছিক চোৱাৰ পাছত আৰু কোনো ডাম্পিং গ্ৰাউণ্ড চাবলৈ মন নাযাব পাৰে ৷ কিন্তু ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী চহৰৰ জাবৰৰ বোজা লৈ থকা গাজীপুৰ ডাম্পিং গ্ৰাউণ্ডক বাদ দিব কেনেকৈ ? কোৱা হয় এই ডাম্পিং গ্ৰাউণ্ডৰ জাবৰৰ উচ্চতা ৬৫ মিটাৰ পৰ্যন্ত ওখ হয়, যিটো কুটুব মিনাৰতকৈ মাত্ৰ ৮ মিটাৰহে চাপৰ ৷ এনেধৰণৰ কথাবোৰ সতকাই আমি নাপাতো ৷ কাৰণ জাবৰ, ডাম্পিং গ্ৰাউণ্ড এই বিষয়বোৰ আজি কিছু বছৰ আগলৈকে আমাৰ বাবে কোনো চিন্তনীয় বিষয়ে নাছিল ৷ য’তে মন যায় তাতে আমি জাবৰ পেলাইছিলো, আৰু তাক ঘৰৰ বাহিৰ কৰি দিয়ে নিজৰ দায়িত্ব শেষ বুলি ভাবিছিলো ৷ কিন্তু চহৰ এখন দোপতদোপে বাঢ়ি অহাৰ লগে লগে তাৰ জনসংখ্যাৰ ঘনত্ব আৰু প্ৰয়োজনো ভাবিব নোৱাৰা ধৰণে বাঢ়িবলৈ ধৰিলে ৷ চহৰ চাৰিসীমাত শ্লামৰ সমান্তৰাল ভাৱে আৰম্ভ হ’বলৈ ধৰিলে ডাম্পিং গ্ৰাউণ্ড ৷ ভাৰতৰ প্ৰতিখন চহৰৰে ই এতিয়া এটা লেখতল’বলগীয়া চৰিত্ৰ ৷

গুৱাহাটী চহৰৰ পৌৰ আৱাসিক এলেকাৰ জনসংখ্যা ২০২০ চনতকৈ ২০২১ চনত ১.৬১% বৃদ্ধি পাইছে ৷ ১,১৩৫,০০০ জনসংখ্যাৰ চহৰ গুৱাহাটীত প্ৰতিদিনে কিমান জাবৰ জমা হয় তাৰ হিচাপ ৰখাটো পৌৰ নিগমৰ বাবেও সম্ভৱ নহয় ৷ কিন্তু এই কথা নিশ্চিত যে জাবৰ ব্যৱস্থাপনাৰ গুৰু দায়িত্ব পৌৰ নিগমৰে ৷ উল্লেখ্য যে, জাবৰ বৃদ্ধি হ’লেও ইয়াৰ নিষ্কাষণৰ ব্যৱস্থা আমাৰ দৰে দেশবোৰত একেবাৰে বিৰল ৷ উন্নত দেশবোৰত পেকেজড সামগ্ৰীৰ ব্যৱহাৰ অত্যন্ত বেছি আাৰু তাৰ ফলতে আমেৰিকাৰ দৰে দেশত জাবৰৰ পৰিমাণো প্ৰতি ছেকেণ্ডতে ভাবিব নোৱাৰাকৈ বৃদ্ধি পায় ৷  সেই  হাৰত আমাৰ ঠাইবোৰত জাবৰৰ পৰিমাণ নাবাঢ়িলেও, ইয়াত উন্নত দেশবোৰৰ দৰে জাবৰ ব্যৱস্থাপনাৰ কোনো পৰিকল্পিত নীতি নাই ৷ ঘৰৰ জাবৰক হীন চকুৰে চোৱাৰ দৰে জাবৰ ব্যৱস্থাপনাও ইয়াত অৱহেলিত, অদৰকাৰী বিষয় হিচাপে পৰি ৰয় ৷ জাবৰ ব্যৱস্থাপনাৰ লগত জড়িত আইনসংগত দিশবোৰো প্ৰতি দিনেই ইয়াত অৱহেলিত হয় ৷ পৌৰ নিগমলৈ মোকলাই দিয়া নাম মাত্ৰ পুঁজিয়ে এটা সুনিৰ্দিষ্ট জাবৰ ব্যৱস্থাপনাৰ ৱৰ্ক প্লেন নিৰ্মাণ কৰিব নোৱাৰে ৷ তদুপৰি এই কামৰ সৈতে সংলগ্ন কৰ্মচাৰীসকলৰ নিম্ন পৰিমাণৰ মজুৰি তথা নিম্ন স্তৰৰ সন্মানে কামটোৰ প্ৰতি থকা দায়বদ্ধতাখিনিও ক্ৰমান্বয়ে নোহোৱা কৰে৷

প্ৰথম বিশ্বই তৃতীয় বিশ্বক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱাৰ কৰাৰ দৰে, তৃতীয় বিশ্বৰ চহৰকেন্দ্ৰীক চাৰিসীমাও অজি সেই একেই উদ্দেশ্যৰ বাবে ব্যৱহৃত ৷ এনে কাৰণতে স্বচ্ছ ভাৰতৰ প্ৰতিখন চহৰৰে পিছফালটো জাবৰ কু-ব্যৱস্থাপনাৰ কুৎসিত সাক্ষী ৷ উল্লেখ্য যে, প্ৰদূষণৰ লগতে এই সমগ্ৰ বিষয়টো সামাজিক অন্তৰ্ভূক্তি আৰু অৰ্থনৈতিক বহনক্ষমতাৰ লগতো জড়িত ৷ সামাজিক অন্তৰ্ভূক্তি কাৰণ জাবৰৰ আশে পাশে অধিকাংশ সমাজৰ নিম্ন  শ্ৰেণীৰহে উপস্থিতি থাকে ৷ তাৰ পৰিৱৰ্তে অধিকাংশ জাবৰৰ জন্ম দিয়ে সমাজৰ আৰ্থিকভাৱে  সবল, উচ্চ, নাগৰিক শ্ৰেণীটোৱে ৷ দ্বিতীয়তে, অৰ্থনৈতিক বহনক্ষমতাৰ অবিহনে জাবৰক চাব নোৱাৰি ৷ কাৰণ, দীৰ্ঘম্যাদী অৰ্থনৈতিক বৃদ্ধিৰ বাবে পৰিৱেশ আৰু সমাজৰ মাজত ভাৰসাম্য থকাটো জৰুৰী ৷ দেশৰ জাবৰ ব্যৱস্থাপনাৰ নিয়মসমূহ যদিওবা বহনক্ষম উন্নয়নৰ উদ্দেশ্যৰ খাতিৰত জাৰি কৰা হৈছে, কিন্তু প্ৰকৃতাৰ্থত নিদিষ্ট চহৰবোৰত প্ৰয়োগ হৈছেনে নে নাই তাৰ ওপৰত চকু ৰখাটো বিভাগীয় দপ্তৰৰ দায়িত্ব ৷ তাৰ লগতে নাগৰিক সমাজৰো এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ চৰকাৰৰ বাবে পৰিৱেশ সুৰক্ষাৰ  বিভিন্ন পদক্ষেপ লোৱাটো যিদৰে জৰুৰী, সেইদৰে নাগৰিকৰ বাবেও পৰিৱেশ সম্পৰ্কীয় আলাপ, আলোচনা অতিকে প্ৰয়োজনীয় ৷  দেশৰ জাবৰ ব্যৱস্থাপনাৰ নিয়মসমূহে waste অৰ্থাৎ জাবৰক wealth অৰ্থাৎ সম্পদলৈ ৰূপান্তৰ কৰাৰ বাবে ৩ টা মন্ত্ৰ দিছে – recovery (পুনৰুদ্ধাৰ), reuse (পুনৰ ব্যৱহাৰ) recycle (পুণৰ ব্যৱহাৰযোগ্য) ৷ কিন্তু এই তিনিটাক বাস্তৱত ৰূপায়ন কৰাত বিভাগীয় কৰ্তৃপক্ষৰ সুনিৰ্দিষ্ট পৰিকল্পনাৰ অভাৱৰ কথা এতিয়া দেখদেখকৈ ওলাই পৰিছে ।

চন্দ্ৰপুৰক ডাম্পিং গ্ৰাউণ্ড কৰি কিছু জাবৰৰ পৰা গুৱাহাটী চহৰ হাত হাৰিব পাৰিলেও জাবৰৰ দীৰ্ঘকালীন সমস্যাৰ পৰা মুক্তি পোৱাটো সম্ভৱপৰ ন’হব ৷ কোনো সন্দেহ নাই, ক’ভিডৰ পৰৱৰ্তী পৰ্যায়ত জাবৰ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা আগতকৈও বাঢ়িছে ৷ এই ক্ষেত্ৰত চন্দ্ৰপুৰ যদি ডাম্পিং গ্ৰাউণ্ডৰ পৰা বাদ পৰে তেন্তে আন এখন ঠাই সোমাব ৷ চন্দ্ৰপুৰৰ বাবে যিদৰে বিৰোধ, সেই বিৰোধ আন এখন ঠাইৰ বাবেও থাকিব পাৰে ৷ এতিয়া প্ৰশ্ন হয়, কল্যানকামী চৰকাৰ এখনে এই বিষয়টোক কিমান দিনলৈ আওকান কৰি থাকিব ? নে পাৰিৱেশিক বিষয় এটাক বিজ্ঞানসন্মতভাৱে সমাধা কৰাৰ পৰিৱৰ্তে বিতৰ্কৰ মাজতে দ’ম বান্ধিবলৈ দিব ?

(লেখক যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা )

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.