সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০ মহাবিদ্যালয়ত নতুনকৈ আৰম্ভ হ’ব বিজ্ঞান আৰু বাণিজ্য শাখা।কিন্তু পঢ়াব কোনে?

দহখন মহাবিদ্যালয়ত নতুনকৈ বানিজ্য আৰু বিজ্ঞান শাখা পবর্তন কৰিব অসম চৰকাৰে৷কিন্তু আমাৰ প্ৰশ্ন,তাত পঢ়াব কোনে?হাফলংত বুধবাৰে অনুষ্ঠিত হল অসম চৰকাৰৰ কেবিনেট বৈঠক৷বৈঠকত সিদ্ধান্ত লোৱা হল,দহখনকৈ কলেজত নতুনকৈ পবর্তন কৰা হব বিজ্ঞান আৰু বানিজ্য শাখা৷সেই অনুসৰি শুৱালকুছি মহাবিদ্যালয় আৰু মৰিগাও মহাবিদ্যালয়ত প্ৰবর্তন কৰা হব বানিজ্য শাখা৷আনহাতে আন ৮ খন মহাবিদ্যালয়ত আৰম্ভ কৰা হব বিজ্ঞান শাখা৷ইয়াৰ পূর্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নতুনকৈ কেইবাখনো মহাবিদ্যালয় স্থাপন আৰু বহুকেইখন পুৰনা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষনা আগবঢ়াইছিল৷কিন্তু প্ৰশ্ন উত্থাপন হব,এই সমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এতিয়া পঢ়াব কোনে? অসমৰ বর্তমানৰ বিশ্ববিদ্যালয় সমূহতে খালী হৈ ৰৈছে ১৩৫৭ টা পদ৷মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত খালী হৈ আছে সর্বমুঠ ২৮৮৭ টা পদ৷বিগত ২৩ ডিচেম্বৰত বিধানসভাত শিক্ষাসম্পর্কীয় এটা প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে৷প্ৰশ্নত সোধা হৈছিল,অসমৰ মহাবিদ্যালয়,বিশ্ববিদ্যালয় সমূহত কিমান স্থায়ী অধ্যক্ষ,শিক্ষক আৰু কর্মচাৰীৰ পদ খালী হৈ আছে?সেই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জনায়,যে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত সর্বমুঠ ২৮৮৭ টা পদ খালী হৈ আছে৷
ইয়াৰ ভিতৰত মহাবিদ্যালয় সমূহত খালী হৈ ৰৈছে ১৫৩০ টা পদ৷শিক্ষামন্ত্ৰীৰ ভাষ্য অনুসৰু মহাবিদ্যালয় সমূহত খালী হৈ আছে ৩০ টা অধ্যক্ষৰ পদ৷আনহাতে ৭৪৩ টা প্ৰবক্তা,২৩৩ টা তৃতীয় শ্ৰেনীৰ কর্মচাৰী আৰু ৫২৪ টা চতুর্থ শ্ৰেনীৰ কর্মচাৰীৰ পদ খালী হৈ আছে অসমৰ মহাবিদ্যালয় সমূহত৷
আনহাতে অসমৰ ১০ খন বিশ্ববিদ্যালয়ত খালী হৈ আছে ১৩৫৭ টা পদ৷৩৪৯ টা শিক্ষকৰ পদ আৰু ১০০৮ টা কর্মচাৰীৰ পদ খালী হৈ আছে অসমৰ বিশ্ববিদ্যালয় সমূহত৷
ইয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ত ১৩২ টা শিক্ষকৰ পদ আৰু ৭৪৬ টা কর্মচাৰী পদসহ খালী হৈ আছে সর্বমুঠ ৮৭৮ টা পদ৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ত খালী হৈ আছে ১৬৭ টা পদ৷বড়োলেণ্ড বিশ্ববিদ্যালয়ত খালী হৈ আছে ২৮ টা পদ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত খালী হৈ আছে ৮ টা পদ৷একেদৰে কটন বিশ্ববিদয়ালয়ত খালী হৈ আছে ৯৪ টা পদ৷ইয়াৰে ৯০ পদেই শিক্ষকৰ৷আনহাতে কুমাৰ ভাস্কৰ বার্মা সংস্কৃত বিশ্ববিদয়ালয়ত ২০ টা,শ্ৰী শ্ৰী ভট্টদেব বিশ্ববিদ্যালয়ত ৪ টা,কবিগুৰু ৰবিন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয়ত ৪ টা,মাজুলী বিশ্ববিদ্যালয়ত ৪১ টা আৰু মাধবদেব বিশ্ববিদ্যালয়ত খালী হৈ আছে ১১৩ টা পদ৷
এনেদৰেই শিক্ষক আনকি অধ্যক্ষৰ অবিহনেই চলি আছে এতিয়া অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহ৷একো একোখন বিশ্ববিদ্যালয়ত খালী হৈ ৰৈছে ১৩২ টা পযর্ন্ত শিক্ষকৰ পদ৷তাৰমাজতে মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰি আহিছে নতুন মহাবিদ্যালয় স্থাপন আৰু মহাবিদ্যালয় সমূহত নতুন নতুন শাখা প্ৰবর্তনৰ সিদ্ধান্তৰ কথা৷প্ৰশ্ন উত্থাপন হব,অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষক নিযুক্তি কেতিয়া হব?নে শিক্ষক অবিহনেই চলি যাব অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান৷

- Donation -

Leave A Reply

Your email address will not be published.