শিক্ষকতাৰ এক অম্লান স্মৃতি

Share This Article
  • হেমেন দাস

১৯৬১ চন। মই গুৱাহাটীৰ ছাত্রীবাৰীৰ আৰবান বেচিক স্কুলৰ প্ৰধান শিক্ষক আছিলো। এদিন স্কুল ছুটিৰ পাছত বিলপাৰৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছিলো। হঠাৎ এজন ৫/৬ বছৰীয়া ল’ৰাই পিছ ফালৰ পৰা আহি মোৰ ধুতিত খামুছি ধৰি ক’ব ধৰিছিল “হেড মাষ্টৰ , আমাৰ ঘৰলৈ আহ। ” সি মোৰ ধুতিত ধৰি সিহঁতৰ ঘৰলৈ টানিব ধৰিলে। মই তাৰ  কথা মানি সিহঁতৰ ঘৰৰ সমুখ পালো। এটা খেৰৰ জুপুৰীৰ পৰা এজনী মহিলা ওলাই আহি মোক দেখি এখন পীৰা আনি বহিব দিলে। লৰাটোৱে মাকক কব ধৰিলে, “মা আমাৰ হেড আহিছে। পিঠা কৰা। “তেতিয়াও সি মোৰ ধুতিত ধৰি আছিল।  মাক জনী লাজত ৰঙা পৰিছিল। তেওঁ এজন দিন মজদুৰৰ পত্নী। লৰাটোৱে বাৰে বাৰে কব ধৰিলে, “মা পিঠা কৰা, পিঠা কৰা” পুত্ৰৰ কথা অমান্য কৰিব নোৱাৰি  তেওঁ এখন পটাত  চাউল এমুঠি চাউল আনি পিহিব ধৰিলে। তাকে দেখি লৰাটোৱে মাকৰ ওচৰলৈ গ’ল।

কিছু সময় পাছত মাকে কাঁহি এখনত খলাচাপৰি পিঠা দুখন আন এখন পীৰাৰ ওপৰত লৈ মোৰ সমুখত থলে। লৰাটোৱে হাঁহি হাঁহি মাকৰ ওচৰত থিয় হৈ থাকিল।সিহঁতৰ চোতালত বহি থাকোতে ল’ৰাটো ক’ত দেখি ছিলো তাকে ভাবি আছিলো। মই পিঠা খাই থাকোতে ল’ৰাটোৱে মাকৰ কাষত থিয় হৈ আছিল। তাক সমুখৰ পৰা দেখাৰ লগে  লগে মোৰ মনত পৰিলে এমাহ মান আগতে তাক দেখাৰ দৃশ্য। সিদিনা সি স্কুললৈ গৈ স্কুলৰ বাৰান্দাৰ  ওচৰ পাই কান্দিব ধৰিছিল। লগৰ বোৰে চেষ্টা কৰিও তাক স্কুলৰ ভিতৰলৈ নিব পৰা নাছিল। এজনী শিক্ষয়ত্ৰীয়েও তাক লৰাব নোৱাৰিলে। কথাটো মোৰ দৃষ্টগোচৰ হোৱাত মই তাক কোলাত লৈ মোৰ ওচৰৰ চেয়াৰ এখনত বহুবাও। চকীদাৰক কৈ এপেকেট বিস্কুট আনি খাব দিও। এজন শিক্ষকৰ লগত আলোচনা কৰি জানিব পাৰিলো যে প্ৰথম দিনা স্কুলত অহাৰ দিনা শিক্ষয়ত্ৰী এজনীয়ে এজন ছাত্রক কোবোৱা দেখিছিল। কোব খোৱাৰ ভয়ত সি স্কুলৰ ভিতৰলৈ যাব খোজা নাই। মই তাক বিস্কুট খুৱাই কোলা লৈ শ্ৰেণীকোথাত থৈ কও যে আজিৰ পৰা শিক্ষকে কাকো নোকোবায়। মোৰ মৰমৰ কথা সি পাহৰিব পৰা নাছিল। সেয়েহে সি মোক বাটৰ পৰা টানি নি মাকৰ হতুৱাই পিঠা কৰি খুৱাইছিল। ১৯৬১চন কথা ৷আজি২০২১ৰ  শিক্ষক দিবসৰ  দিনা হঠাৎ মনত পৰিল।

(হেমেন দাসৰ ফেচবুক পেজৰ পৰা)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.