কৰিমগঞ্জত চিকিৎসালয়ৰ শৌচাগাৰত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে। নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা । চিকিৎসালয়খনৰ নাৰ্ছৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে আশা কৰ্মীয়ে। বিতৰ্কই যেন লগ এৰা নাই কৰিমগঞ্জৰ এখন চৰকাৰী প্ৰাথমিক চিকিৎসালয়ক । কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এইবাৰ এগৰাকী প্ৰসূতি মাতৃয়ে সন্তান প্ৰসৱ কৰিলে শৌচাগাৰত । কৰ্তব্যৰত জিএনএম সুস্মিতাৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপিত হৈ আহিছে বাৰম্বাৰ । এইবাৰ খোদ আশা কৰ্মীয়ে জিএনএম সুস্মিতাৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে । চিকিৎসালয়ৰ শৌচাগাৰত প্ৰসূতি মাতৃয়ে সন্তান প্ৰসৱৰ ঘটনাক কেন্দ্ৰ কৰি স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত । জানিব পৰা মতে, যোৱা নিশা ধলছৰা পঞ্চায়ত এলেকাৰ এগৰাকী প্ৰসূতি মাতৃক জৰুৰী কালীন অবস্থাত ভৰ্তি কৰোৱা হৈছিল নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত আৰু ভৰ্তি কৰোৱাৰ পিছৰে পৰাই কৰ্তব্যৰত চিকিৎসক সকলে চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰা হৈছে বুলি ৰোগীৰ আত্মীয়ৰ অভিযোগ । প্ৰসূতি গৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাৰ পিছতো কোনো এজন নাৰ্ছ অথবা চিকিৎসকে ৰোগীৰ প্ৰতি সহায়ৰ হাত আগ বঢ়োৱা নাছিল ।এটা সময়ত প্ৰসূতি মহিলা গৰাকীয়ে শৌচাগাৰতেই প্ৰসৱ কৰে সন্তান । আনকি শৌচাগাৰৰ পৰাও ৰোগী গৰাকীক অনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । মুঠ কথাত চৰকাৰী হস্পিটেলত সঘনাই ৰোগীৰ প্ৰতি দ্বায়িত্বহীনতা দেখিবলৈ পোৱা যায় । আনকি শৌচাগাৰত এইবাৰ সন্তান প্ৰসৱ কৰাৰ ঘটনাই কৰিমগঞ্জৰ নিলামবজাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।