Investigative reporting with dedication.
চাহ নুখুওৱাৰ বাবে প্ৰাণ গ’ল ৰোগীৰ ?

কৈ থাকিলে ওৰ নপৰে অসমৰ স্বাস্থ্য বিভাগটোৰ কথা।প্ৰতি দিনেই নানান অভিযোগ বিভাগটোৰ কৰ্মীৰ বিৰুদ্ধে।কোনোবা দিনা যদি চিকিৎসকৰ গাফিলতিত কোনো ৰোগীয়ে প্ৰাণ হেৰুৱাইছে,কোনোবা দিনা আকৌ নাৰ্ছৰ অৱহেলাত মৃত্যুক সাৱটিছে ৰোগীয়ে।আজি পুৱাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷সঠিক চিকিৎসাৰ অভাৱত এজনে মৃত্যুক সাৱটি লয় বুলি অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই। আইচিইউত ভৰ্তি কৰাৰ সময়ত মেডিকেলৰ নাৰ্ছে চাহ খাবলৈ বিচাৰিছিল টকা।চাহ খাবলৈ টকা নিদিয়াৰ বাবে ভাল কৈ চিকিৎসা নকৰাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।ৰোগীক গৰু ছাগলীৰ নিচিনাকৈ বান্ধি চিকিৎসা কৰি থৈ চাহ খাবলৈ নিদিয়াৰ বাবে ভাল দৰে চিকিৎসা নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।





