সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক্ষমা খুজিব লগীয়া মন্তব্য মই কৰা নাইঃ পৰেশ বৰুৱাক উভতি ধৰিলে নগেন শইকীয়াই

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই বৰাকক শান্তি-সম্প্ৰীতিৰ খাতিৰত অসমৰ পৰা পৃথক কৰিব লাগে বুলি কৰা মন্তব্যৰ পাছতেই শইকীয়াৰ বিৰুদ্ধে সৰৱ হৈছিল নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। কিন্তু এইবাৰ পৰেশ বৰুৱাক উভতি ধৰিছে নগেন শইকীয়াই। শইকীয়াই কয় যে-পৰেশ বৰুৱাই মোৰ কথা জানি লৈ মন্তব্য কৰক। ক্ষমা খুজিব লগীয়া মন্তব্য মই কৰা নাই। বিষয়টোত বৰাকৰ গুণী-জ্ঞানী লোকসকলে আগভাগ লওক। আমি অকল বৰাকক ভাল পালে নহ’ব-আমাকো ভালপাব লাগিব। মোৰ ভাষাটোক বাৰে বাৰে এনে কৰিলে মই সহ্য নকৰোঁ। পৰেশ বৰুৱাই মোৰ মন্তব্য ভালকৈ শুনিলে মোৰ কথাখিনি বুজি পাব। মোক অপমান কৰিলে মই বেয়া নাপাওঁ। কিন্তু মোৰ মনৰ ভাৱ মিছা নহয়। ভাষাটোক লৈ বিবাদ চলি থকাতকৈ বৰাকক পৃথক কৰাটো ভাল। আমি স্থায়ী শান্তি বিচাৰো। উল্লেখ্য যে নগেন শইকীয়া আৰু পৰেশ বৰুৱাৰ বাক যুদ্ধই ৰাজ্যৰ পুনৰ সৃষ্টি কৰিছে ভাষিক বিতৰ্ক

Leave A Reply

Your email address will not be published.