সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিহু সম্পৰ্কীয় চিন্তন বৈঠক সম্পন্ন কেইবাটাও প্ৰস্তাৱ গ্ৰহণ

বিহু কৃষ্টি পৰিষদ,অসমৰ উদ্যোগত, কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আৰু মডাৰ্ণ ইংলিচ স্কুলৰ আতিথ্যত যোৱা ২০ নৱেম্বৰত অসমৰ বিভিন্ন বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বিহু পৰিৱেশ্য কলা বিষয়ক এখনি চিন্তন বৈঠক অনুস্থিত হয়।সভাখন সঞ্চালনা কৰে ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য তথা বিহু কৃষ্টি পৰিষদ,অসমৰ মুখ্য পৃষ্ঠপোষক ড° অনিল শইকীয়াই।সভাত সাম্প্ৰতিক সময়ত চৰকাৰী- বেচৰকাৰী তথা বিশ্বৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ,সততে অসমবাসীক বিতুষ্ট কৰা বিহু পৰিৱেশনৰ আলোচনাই প্ৰধান স্থান লাভ কৰে।আলোচনাত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী,অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ড° ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উপ- সচিব নয়না বড়া,সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা,গুৱাহাটী বিহু সন্মিলনী সমূহৰ সমন্বয় সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মা,অসম ঢুলীয়া শিল্পী সন্মিলনীৰ প্ৰধান সম্পাদক অজিত গগৈ ওজা,বিশিষ্ট অভিনেত্ৰী তথা বিহুৱতী ক্ৰমে জয়া দুৱৰা শইকীয়া,মাধুৰীমা চৌধুৰী,মিনু বনিয়া,পৰিষদৰ মুখ্য উপদেষ্টা ডাঃ অমৰেন্দ্ৰ গগৈ,বিহু গ্ৰন্থকাৰ হেম গগৈ,পৰিষদৰ সভাপতি ড° শুকদেৱ অধিকাৰী,উপ-সভাপতি ক্ৰমে নৰহৰি চুতীয়া,উপেন নেওগ ,কুসুম্বৰ টায়েৰাই গগৈ,গুৱাহাটী মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি জুনু ৰাজখোৱাকে মুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিহু সাধক উপস্থিত থাকে।সভাৰ লগত সংগতি ৰাখি ড° দীপেন দাসৰ সম্পাদনাত ‘বিহু নাচৰ মৌলিক বিচাৰ’আৰু দুৰ্লভ বুঢ়াগোহাঞিৰ ‘বিহুৰ ভোগজৰা’ শীৰ্ষক গ্ৰন্থ দুখনি উন্মোচন কৰা হয়।সভাত আলোচনামৰ্মে কেইবাটাও প্ৰস্তাৱ কেইটা গ্ৰহণ কৰা হয়।প্ৰস্তাৱ নং-১:ৰঙালী বিহুৰ পৰিৱেশ্য কলা ক্ৰমে হুঁচৰি মুকলি বিহু আৰু গাভৰু বিহুৰ পৰম্পৰাগত শৈলীকহে ভাৰত আৰু বাহিৰত চৰকাৰী-বেচৰকাৰী বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত তথা যিকোনো অনুষ্ঠানত পৰিবেশন কৰা হওক। প্ৰস্তাৱ নং-২ বিহুনাম আৰু ঢোলৰ চেও চাপৰৰ আধাৰত বিহুৱতীয়ে হাতত হস্ত-সামগ্ৰী(বিহু বাদ্যক বাদ দি)লৈ ঢুলীয়া আদি বাদ্যযন্ত্ৰীসহ বিহু নাচ পৰিবেশন কৰিলে তেনে বিহুনাচক বিহু আধাৰিত সৃজনীশীল নাচ বুলি ঘোষণা কৰক।প্ৰস্তাৱ নং -৩ ইতিমধ্যে বিহুমঞ্চৰ প্ৰতিযোগিতাত প্ৰচলিত হুঁচৰি বিহু বা বিহু হুচৰি অভিধাৰ সলনি হুচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা নামকৰণ কৰা হওক।এনে নামকৰণে ভৱিষ্যত প্ৰজন্মক হুঁচৰি আৰু মুকলি বিহুৰ স্বকীয় ৰূপৰ সন্ধান দিব।সভাত সাম্প্ৰতিক সময়ত বিভিন্ন কাৰ্যসূচীত পৰিবেশিত তথা সংবাদ মাধ্যমত বিৰূপ সমালোচনা কৰা তথা হুঁচৰি মুকলি বিহু আৰু গাভৰু বিহুৰ পৰম্পৰাগত শৈলীৰ ভিডিঅ’ ক্লিপিং জিলা সমিতিৰ সম্পাদিকা জ্বলী বৰাৰ উদ্যোগত প্ৰদৰ্শিত হয়।সভাখনিৰ আঁত ধৰে বিহু কৃষ্টি পৰিষদ,অসমৰ মুখপাত্ৰ ড° দীপেন দাসে।

Leave A Reply

Your email address will not be published.