বিগত বিধানসভা নিৰ্বাচনত কান্ধত কান্ধ মিলাই ৰাজ্যৰ শাসনভাৰ দখল কৰিবলৈ চেষ্টা কৰি নিৰ্লজ্জ আত্মসমৰ্পণ কৰাৰ পিছত এতিয়া তুংগত উঠিছে কংগ্ৰেছ-AIDUFৰ বাকযুদ্ধ। এতিয়া মিত্ৰতা ভংগৰ পিছত নিশকতীয়া কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে AIUDFক। ইয়াৰ বিপৰীতে কংগ্ৰেছক হুংকাৰ দি AIUDFৰ বিধায়ক ৰফিকুল ইছলামে কয় যে-AIDUFৰ কান্ধত হাত থৈ কংগ্ৰেছে পাইছে ২৯ জন বিধায়ক। নহ’লে চিংগল ডিজিটত থাকিল হেতেন কংগ্ৰেছ। AIUDFৰ জন্মৰ আগৰ পৰাই হিন্দু-মুছলমান হৈ আছিল। এনেদৰেই এতিয়া ৰাজ্যত মিনিটে মিনিটে হৈছে ৰাজনৈতিক পট পৰিৱৰ্তন। সেয়েহে আগন্তুক বিধানসভা উপ নিৰ্বাচনত এই কাৰকবোৰে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব সেয়াহে হব লক্ষণীয়।