নতুন পেঞ্চন আঁচনিৰ বিৰোধিতা আপৰ

Share This Article

দেশত প্ৰবৰ্তিত হৈ থকা নতুন পেঞ্চন আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টিয়ে। পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। কৰ্মচাৰী সকলৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক তিনিমাহৰ সময়সীমা বান্ধি দিছে আম আদমীয়ে। কেন্দ্ৰীয় ভাৱেও সমগ্ৰ দেশতে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ বাবে নতুন পেঞ্চন আঁচনি এক অভিশাপ সদৃশ। নতুন পেঞ্চন আঁচনিয়ে দেশৰ কৰ্মচাৰীৰ ভৱিষ্যত ধ্বংস কৰিব। বৰ্তমানৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি দলটোৱে সংবাদমেলত কয় য়ে ব্যয় কমাবলৈ আৰু দেশৰ অৰ্থনৈতিক অৱস্থা লুকুৱাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.