সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাজবাটত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ সমাপ্তি

ওদালগুৰি জিলাৰ মাজবাটত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ সংখ্যক স্মৃতি দিৱস ৫ নৱেম্বৰ আৰু ৯ নৱেম্বৰ দুদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনৰ ১১-০০ বজাত বাৰ্ষিক সাধাৰণ সভা। দুপৰিয়া ১-০০ বজাত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ নতুন স্থায়ী সমিতি গঠন কৰা সয়। সন্ধিয়া ৫-০০ বজাত সাংস্কৃতিক মঞ্চ উন্মোচন কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ শুকদেৱ অধিকাৰীয়ে।৬-০০ বজাত সমবেত সংগীত প্ৰতিযোগিতা। ৮-০০ বজাত স্থানীয় ন-পূৰণি শিল্পীৰ দ্বাৰা গীত নৃত্যৰে কাৰ্য্যসূচীৰ সফল সামৰণি পৰে। ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ নতুন সমিতিত দীপক মৌৰক সভাপতি, অৰবিন্দ ডেকাক কাৰ্যকৰী সভাপতি, কৃষ্ণ কমল শৰ্মা উপ-সভাপতি আৰু জ্যোতিষ কলিতাক সম্পাদক হিচাপে লৈ ৩১ জনীয়া নতুন সমিতি খন গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.