মাজবাটত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ সমাপ্তি

Share This Article

ওদালগুৰি জিলাৰ মাজবাটত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ সংখ্যক স্মৃতি দিৱস ৫ নৱেম্বৰ আৰু ৯ নৱেম্বৰ দুদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনৰ ১১-০০ বজাত বাৰ্ষিক সাধাৰণ সভা। দুপৰিয়া ১-০০ বজাত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ নতুন স্থায়ী সমিতি গঠন কৰা সয়। সন্ধিয়া ৫-০০ বজাত সাংস্কৃতিক মঞ্চ উন্মোচন কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ শুকদেৱ অধিকাৰীয়ে।৬-০০ বজাত সমবেত সংগীত প্ৰতিযোগিতা। ৮-০০ বজাত স্থানীয় ন-পূৰণি শিল্পীৰ দ্বাৰা গীত নৃত্যৰে কাৰ্য্যসূচীৰ সফল সামৰণি পৰে। ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ নতুন সমিতিত দীপক মৌৰক সভাপতি, অৰবিন্দ ডেকাক কাৰ্যকৰী সভাপতি, কৃষ্ণ কমল শৰ্মা উপ-সভাপতি আৰু জ্যোতিষ কলিতাক সম্পাদক হিচাপে লৈ ৩১ জনীয়া নতুন সমিতি খন গঠন কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.