চৰম বিত্তীয় সংকট নেকি ৰাজ্যত?

Share This Article

এবছৰত গণি গণি এক লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰে ৰাজ্যত বিলুপ্তি ঘটাইছে আঠ হেজাৰ শিক্ষকৰ পদ । প্ৰাথমিক শিক্ষাৰ পৰা বিলুপ্ত কৰা হৈছে পদসমূহ । চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে বিষয়টোক লৈ স্পষ্টীকৰণ দিয়াৰ বাবে বুধবাৰে ততাতৈয়াকৈ সংবাদ মেল আয়োজন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।মন্ত্ৰী পেগুৱে কয় যে বিলুপ্ত কৰা শিক্ষকৰ পদসমূহ অকাৰ্যক্ষম। বিত্তীয় শৃঙ্খলা অটুট ৰখাৰ বাবেই চৰকাৰে পদসমূহ বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে এই শিক্ষক বিলুপ্তিৰ প্ৰক্ৰিয়া ৰাজ্যত আজিৰ পৰা দুবছৰৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল । ৰাজ্যত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে ২০২০ চনৰ ২৬ মে’ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেটে ৮,০০০ শিক্ষক পদ খালীৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াই অনুমান কৰা হৈছিল এই পদ সমূহ বিলুপ্তি ঘটোৱাৰ চক্ৰান্ত আৰম্ভ কৰিছে চৰকাৰে। সৰ্বশিক্ষা অভিযানৰ অধীনৰ ষ্টেটপুল শিক্ষক সকলক অতিৰিক্ত সা-সুবিধা প্ৰদান কৰিবলৈ যাওঁতে বিত্তীয় সমতা বজাই ৰখাৰ স্বাৰ্থতে কেবিনেটে এই ৮০০০ পদ পূৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চৰকাৰে উক্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত শিক্ষা বিভাগৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইজন ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰেই ৮০০০ নিয়মীয়া শিক্ষকৰ পদ বিলুপ্তিত চূড়ান্ত মোহৰ লগালে। ফলস্বৰূপে ৰাজ্যৰ ৮০০০ গৰাকী শিক্ষিত নিবনুৱা বঞ্চিত হ’ল চৰকাৰী চাকৰিৰ পৰা। আনহাতে, ৰাজ্যত ছাত্ৰ অনুপাতে পৰ্যাপ্তসংখ্যক শিক্ষক থকা বুলি সংবাদ মেলত দাবী কৰে শিক্ষামন্ত্ৰীয়ে । বৰ্তমান ৰাজ্যত খালী হৈ আছে ৪ হেজাৰ নিয়মীয়া শিক্ষকৰ পদ । এই পদ সমূহো সদ্যহতে পূৰণ কৰিব বিচৰা নাই চৰকাৰে । চৰকাৰী বিদ্যালয়ত যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ অধিক হয় তেন্তে নতুনকৈ পদ সৃষ্টি কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।  শিক্ষামন্ত্ৰীৰ মতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ।সেই সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে।  শিক্ষামন্ত্ৰীৰ এই বক্তব্যক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ । প্ৰশ্ন উত্থাপন হৈছে চৰকাৰী বিদ্যালয়ত যদি সঁচাকৈয়ে বৃদ্ধি পাই আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেন্তে চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তৰ আঁৰৰ ৰহস্য কি ? মুঠৰ ওপৰত স্ববিৰোধী বহু বক্তব্যৰে শিক্ষামন্ত্ৰীয়ে ঢাকি ৰাখিব বিচাৰিছে চৰকাৰৰ গোপন উদ্দেশ্য । প্ৰকৃততে চৰম বিত্তীয় সংকটত জুৰুলা হৈ পৰা চৰকাৰৰ সমগ্ৰ শিক্ষা ব্যবস্থাক ব্যক্তিগতকৰণৰ এয়া আন এক পদক্ষেপ বুলি অভিযোগ উত্থাপন হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.