সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হেল্থ চিটী হাস্পতালত ফিজিওথেৰাপী দিৱস পালন

বিশ্ব ফিজিওথেৰাপী দিৱসৰ লগত সংগতি ৰাখি আজি খানাপাৰাৰ হেল্থ চিটী হাস্পতালত বিশ্ব ফিজিওথেৰাপী দিৱস পালন কৰা হয় ৷ এই উপলক্ষত চিকিৎসালয়খনৰ ফিজিওথেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে , প্ৰতিবছৰে ৮ ছেপ্তেম্বৰ তাৰিখে ৱৰ্ল্ড কনফেডাৰেশ্যন অৱ ফিজিওথেৰাপীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি একোটা মূল বিষয়ৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় ৷এইবাৰৰ বিষয়বস্তু হৈছে পুনৰ সংস্থাপন আৰু দীৰ্ঘকালীন কোভিড ৷ হেল্থ চিটী হাস্পতালৰ ফিজিওথেৰাপীৰ মুখ্য চিকিৎসক ডা: অৰিন্দম দেৱে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে ৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অস্থি – শল্য ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডা: ইৰান ভৰালীয়ে ৷উপস্থিত থাকে হেল্থ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক ডা: বি পি চক্ৰৱৰ্তী , অধীক্ষক ডা: হেমজিৎ তালুকদাৰ , চিকিৎসা সেৱা সঞ্চালক ডা: অতনু বৰঠাকুৰ আদিকে ধৰি কেবাগৰাকীও চিকিৎসক ৷

Leave A Reply

Your email address will not be published.