সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?

নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজমল সম্পৰ্কীয় ধাৰণাও সলনি হ’ল ৷ আজমলৰ পৰা মুখ্যমন্ত্ৰীয়ে হাঁহিমুখে  গ্ৰহণ কৰিলে বৰঙণি ৷ কেৱল সেয়াই নহয় , বদৰুদ্দিন আজমলৰ ভাতৃ , এ আই ইউ ডি এফৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ বাবে হিমন্ত বিশ্ব শৰ্মা হৈ পৰিল দেশৰ শ্ৰেষ্ঠ্ মুখ্যমন্ত্ৰী ৷ এইবাৰ আজমল – কংগ্ৰেছৰ মিত্ৰতা ভংগ হ’ল ৷

কিন্তু কিয় ছিৰাজুদ্দিন আজমলৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ ইমান প্ৰশংসা ? মঙলবাৰে ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয় যে  ছিৰাজুদ্দিন আজমলে প্ৰশংসা কৰাৰ বিনিময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওলোকৰ অগৰু কাঠৰ ব্যৱসায়ৰ পথ নিষ্কন্টক কৰি দিছিল ৷ অগৰু কাঠৰ পৰিবহনত যাতে আৰক্ষী আৰু বন বিভাগে কোনো হকা – বাধা নকৰে তাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অখিল গগৈয়ে উল্লেখ কৰাৰ দৰে সঁচাকৈ প্ৰশংসাৰ বিনিময়ত আজমলক পুৰষ্কৃত কৰিছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?কি নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ? ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত আহি পৰিছে  মুখ্যমন্ত্ৰীৰ সেই বিশেষ নিৰ্দেশৰ প্ৰতিলিপি ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতিলিপি

যোৱা ১৯ জুলাইত ছিৰাজুদ্দিন আজমলে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ দিনটোতে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক  আৰু আৰক্ষী সঞ্চালক প্ৰধানক দিছিল এই বিশেষ নিৰ্দেশ ৷ এই নিৰ্দেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্ট ভাষাৰে কৈছে যে বনাঞ্চলৰ পৰা সংগ্ৰহ নকৰা অগৰু আৰু আন বাণিজ্যিক কাঠ পৰিবহনৰ ক্ষেত্ৰত আৰক্ষী আৰু বন বিভাগক কোনো বাধা নিদিবলৈ নিৰ্দেশ দিয়া হ’ল ৷ এইক্ষেত্ৰত যাতে কোনো অপ্ৰয়োজনীয় হাৰাশাস্তি কৰা নহয় , তাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও বিশেষ নিৰী্ক্ষণ কৰিব বুলি উক্ত নিৰ্দেশটোতে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷  বিভাগীয় জাননীৰ সলনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে স্বাক্ষৰ কৰি দিয়া এই নিৰ্দেশেই স্পষ্ট কৰি দিছে যে অগৰু কাঠৰ ব্যৱসায়ৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকী বিশেষভাৱে সচেতন হৈ পৰিছে ৷

অসমৰ ৰাইজেও নিশ্চয় ভালদৰেই জানে যে অগৰু কাঠৰ আন্তৰ্জাতিক ব্যৱসায়ী হ’ল বদৰুদ্দিন আজমলৰ পৰিয়াল ৷ আজমল পৰিয়ালে অগৰু কাঠৰ ব্যৱসায়ৰ জড়িয়তেই ডুবাইকে ধৰি বিশ্বৰ আন বহু দেশত গঢ়ি তুলিছে বিশাল ব্যৱসায়িক সাম্ৰাজ্য ৷ কিন্তু মূল্যবান এই অগৰু কাঠৰ যাতে চোৰাং সৰবৰাহ নহয় , তাৰ বাবে বন বিভাগে অগৰুৰ সৰবৰাহৰ ওপৰত ৰাখে চোকা নজৰ ৷সষ্টম হৈ থাকে আৰক্ষীও ৷ হয়তো আজমল পৰিয়ালৰ বাবে আৰক্ষী বা বন বিভাগৰ তালাচী হৈ পৰিছিল মূৰৰ কামোৰণি ৷ যাৰ বাবে তেওলোক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ সুযোগৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে ৷প্ৰথমতে বৰঙণি দিলে , তাতো কাম নিসিজা দেখি ৰাজহুৱা প্ৰশংসা আৰম্ভ কৰিলে ৷হয়তো সেই সময়লৈকে বাট চাই আছিল মুখ্যমন্ত্ৰীগৰাকীয়েও ৷ যাৰ বাবে ছিৰাজুদ্দিন আজমলে প্ৰশংসা কৰা ১৯ জুলাইৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে অগৰু কাঠৰ সৰবৰাহত বাধা নিদিবলৈ বন বিভাগ আৰু আৰক্ষীক পোনপটীয়া নিৰ্দেশ প্ৰদান কৰিলে ৷ ছিৰাজুদ্দিন আজমলৰ প্ৰশংসা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ এই নিৰ্দেশৰ সংযোগে ভাবিবলৈ বাধ্য কৰে যে একমাত্ৰ ব্যৱসায়িক স্বাৰ্থতেই মুখ্যমন্ত্ৰী আৰু শাসকীয় দলৰে গোপন সম্পৰ্ক ৰক্ষা কৰি আহিছে আজমল ভাতৃদ্বয়ে ৷ একেদৰে ৰাজনৈতিক লাভালাভৰ বাবেই ৰাইজক দেখুৱাই আজমলক গালি পাৰিলেও মুখ্যমন্ত্ৰীৰ যে আজমলৰ প্ৰতি আছে বিশেষ দৰদ , সেয়া ফটো আৰু নিৰ্দেশৰ প্ৰতিলিপিয়েই প্ৰতিফলিত কৰে ৷

 

Leave A Reply

Your email address will not be published.