মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷
মন্ত্ৰী পীয়ূষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ঠিকা লাভ কৰাৰ বিষয়টো নাকচ কৰি কয় যে কোভিডকালীন পৰিস্থিতিত অসম চৰকাৰে বিশেষজ্ঞ সমিতি গঠন কৰিছিল আৰু মনোনয়নৰ ভিত্তিত ঠিকা প্ৰদান কৰিছিল ৷ ৩৫ খন ফাৰ্মক পি পি ই কীটৰ ঠিকা প্ৰদান কৰা হৈছিল আৰু ৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ ঠিকা প্ৰদান কৰিছিল ৷
কিন্তু আৰ টি আই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩ মাৰ্চত জাৰি কৰা HLA.275/2020/03 নং কাৰ্যালয় স্মাৰক অনুসৰি জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতিসমূহ গঠন কৰা হৈছিল ৷কিন্তু জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ পূৰ্বেই মনোনয়নৰ ভিত্তিত ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজে ৷

২৩ মাৰ্চ, ২০২০ত জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ নিৰ্দেশ

 

২০২০ চনৰ ২৩ মাৰ্চত অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ নিৰ্দেশ দিছিল অথচ ১৮ মাৰ্চ ,২০২০ত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ৫ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ কি অৰ্হতাৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে জৰুৰীকালীন ক্ৰয়ৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ পূৰ্বেই ঠিকা লাভ কৰিছিল , সেই কথা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিল ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৩৫ খন ফাৰ্মক পি পি ই কীটৰ অৰ্ডাৰ দিয়া হৈছিল ৷ ইয়াৰ ভিতৰত এখন ফাৰ্ম যে ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজ আছিল , সেই কথা আৰ টি আইৰ তথ্যই স্পষ্ট কৰি দিছে ৷ জে চি বি ইণ্ডাষ্ট্ৰীজক ১৮ মাৰ্চত ৯৯০ টকা দৰত ৫ হাজাৰ পি পি কীট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল ৷ ১০০০ টা পি পি ই কীট ১৯ মাৰ্চত আৰু ৪০০০ টা পি পি ই কীট ২৩ মাৰ্চৰ ভিতৰত যোগান ধৰাৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছিল ৷

সমিতি গঠনৰ পূৰ্বেই ১৮ মাৰ্চ, ২০২০ত ৰিণিকি ভূঞা শৰ্মাক দিয়া হৈছিল পি পি ই কীটৰ ঠিকা

 

কিন্তু ৰিণিকি ভূঞা শৰ্মাই কেৱল ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰে ৷ যাৰ বাবে ৪ এপ্ৰিল ,২০২০ত স্বাক্ষৰ কৰা এক নিৰ্দেশৰ জড়িয়তে এন এইচ এমৰ সঞ্চালকে এই যোগানৰ নিৰ্দেশ বাতিল কৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই যোগানৰ নিৰ্দেশ আৰু বাতিল সন্দৰ্ভত এটা শব্দও উচ্চাৰণ নকৰিলে ৷

৫০০০ পি পি ই কীটৰ ঠিকা লৈ ৰিণিকি ভূঞা শৰ্মাই যোগান ধৰিলে মাত্ৰ ১৪৮৫ টা কীট, যাৰ বাবে ৪ এপ্ৰিলত
পূৰ্বে দিয়া যোগানৰ নিৰ্দেশ বাতিল কৰা হয়

কেৱল ৰিণিকি ভূঞা শৰ্মাই নহয় , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাইও এই সময়ছোৱাতে পি পি ই কীট আৰু হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল ৷ জৰুৰীকালীন ক্ৰয়ৰ চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই ঘনশ্যাম ধানুকাই ২০২০ চনৰ ২২ আৰু ২৩ মাৰ্চত মুঠ ২০ হাজাৰ পি পি ই কীটৰ যোগানৰ ঠিকা লাভ কৰিছিল ৷ প্ৰথমতে ধানুকাই ৯৯০ টকা দৰত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল যদিও পাছত নিজে চৰ্ত আৰোপ কৰি এই দৰ ১৫০০ টকালৈ বৃদ্ধি কৰিছিল ৷ লগতে গুৱাহাটীৰ পৰিৱৰ্তে নতুন দিল্লীৰ অসম ভৱনতহে পি পি ই কীট যোগান ধৰিছিল ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাৰ ঠিকা সন্দৰ্ভতো পীয়ূষ হাজৰিকাই কোনো মন্তব্য নকৰিলে ৷

চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই লাভ কৰিছিল পি পি ই কীটৰ ঠিকা

 

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে ৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ নিৰ্দেশ দিয়া হৈছিল ৷ বাতৰিত উল্লেখ কৰা ফাৰ্মখনে মাত্ৰ ৮৫ লাখ টকাৰ ঠিকা লাভ কৰিছিল ৷মন্ত্ৰী হাজৰিকাৰ মতে ‘মাত্ৰ’ ৮৫ লাখ টকাৰ ঠিকা লাভ কৰা ঘনশ্যাম ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিকেল নামৰ প্ৰতিষ্ঠানটোৱে ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগান ধৰিছিল ৷ আন প্ৰতিষ্ঠানে ১৮.৮৮ টকা মূল্যত যোগান ধৰা ১০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ধানুকাই যোগান ধৰিছিল ১০০.৩০ টকা দৰত ৷ আন প্ৰতিষ্ঠানে ৯৪.৪০ টকা দৰত যোগান ধৰা ৫০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই যোগান ধৰিছিল ২৩১.৮৭ টকা দৰত ৷ এইদৰে ধানুকাই মুঠ ৩৬,৬০০ টা ৫০০ মিলিলিটাৰৰ আৰু ৫ হাজাৰটা ১০০ মিলিলিটাৰৰ হেণ্ডছেনিটাইজাৰ যোগান ধৰিছিল ৷ অত্যাধিক দৰত ধানুকাই হেণ্ড ছেনিটাইজাৰ যোগান ধৰা সন্দৰ্ভতো মৌন হৈ ৰ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা ৷

অত্যাধিক দৰত ধানুকাক দিলে ছেনিটাইজাৰৰ ঠিকা

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই তেওঁৰ আন এখন ফাৰ্ম মেডিটাইমৰ নামত যে ১০.৮৪ কৌটি টকাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল , সেই প্ৰসংগতো এটা শব্দও উচ্চাৰণ নকৰিলে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে কোভিডকালীন সময়ত কোনোবাই চি এছ আৰ কৰিবলৈ হ’লেও চৰকাৰী নিৰ্দেশৰ প্ৰয়োজন আছিল ৷ কিন্তু চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট আনোতে কেতিয়া চৰকাৰী নিৰ্দেশ দিয়া হৈছিল , কিমান দৰ নিৰ্ধাৰণ কৰা হৈছিল , কোনে যোগান ধৰিছিল ,তাৰ কোনো উত্তৰ নাই অসম চৰকাৰৰ হাতত ৷ যদি চি এছ আৰ কৰিবলৈও চৰকাৰী নিৰ্দেশৰ প্ৰয়োজন , তেনেহ’লে চৰকাৰী নিৰ্দেশ নোহোৱাকৈ কেনেকৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট আহি পালে , সেই কথাও নজনালে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ তেওঁৰ মতে সেই সময়ত কোনোবাই ১০-১৫ টা পি পি ই কীট যোগান ধৰিলেও চৰকাৰে গ্ৰহণ কৰিছিল ৷ কিন্তু চীনৰ পৰা অনা বুলি প্ৰচাৰ কৰা ৫০ হাজাৰ পি পি ই কীটৰ গুণগত মানৰ পৰীক্ষা কৰি সেয়া কিয় ব্যৱহাৰ কৰা নহ’ল , তাৰো কোনো উত্তৰ নাই পীয়ূষ হাজৰিকাৰ হাতত ৷ আনকি , কোনে চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট কোনে আনিছিল সেই প্ৰশ্নৰো উত্তৰ নিদিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীটৰ কথা নাজানে এন এইচ এমে, হিচাপ নিদিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে ‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ত প্ৰকাশিত বাতৰি ভুৱা ৷যদি বাতৰি ভুৱা হ’বলৈ হয় , তেনেহ’লে এন এইচ এম অসমে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ধানুকাৰ প্ৰতিষ্ঠানক দিয়া যোগানৰ নিৰ্দেশবোৰো ভুৱা হ’ব লাগিব ৷ যদিহে বাতৰি ভুৱা হ’বলৈ হয় তেনেহ’লে সঁচা তথ্যৰে কোভিড প্ৰতিৰোধৰ নামত হোৱা ব্যয়ৰ হিচাপ কিয় ৰাজহুৱা নকৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296