সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷
মন্ত্ৰী পীয়ূষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ঠিকা লাভ কৰাৰ বিষয়টো নাকচ কৰি কয় যে কোভিডকালীন পৰিস্থিতিত অসম চৰকাৰে বিশেষজ্ঞ সমিতি গঠন কৰিছিল আৰু মনোনয়নৰ ভিত্তিত ঠিকা প্ৰদান কৰিছিল ৷ ৩৫ খন ফাৰ্মক পি পি ই কীটৰ ঠিকা প্ৰদান কৰা হৈছিল আৰু ৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ ঠিকা প্ৰদান কৰিছিল ৷
কিন্তু আৰ টি আই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩ মাৰ্চত জাৰি কৰা HLA.275/2020/03 নং কাৰ্যালয় স্মাৰক অনুসৰি জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতিসমূহ গঠন কৰা হৈছিল ৷কিন্তু জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ পূৰ্বেই মনোনয়নৰ ভিত্তিত ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজে ৷

২৩ মাৰ্চ, ২০২০ত জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ নিৰ্দেশ

 

- Donation -

২০২০ চনৰ ২৩ মাৰ্চত অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতি গঠনৰ নিৰ্দেশ দিছিল অথচ ১৮ মাৰ্চ ,২০২০ত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ৫ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ কি অৰ্হতাৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে জৰুৰীকালীন ক্ৰয়ৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ পূৰ্বেই ঠিকা লাভ কৰিছিল , সেই কথা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিল ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৩৫ খন ফাৰ্মক পি পি ই কীটৰ অৰ্ডাৰ দিয়া হৈছিল ৷ ইয়াৰ ভিতৰত এখন ফাৰ্ম যে ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজ আছিল , সেই কথা আৰ টি আইৰ তথ্যই স্পষ্ট কৰি দিছে ৷ জে চি বি ইণ্ডাষ্ট্ৰীজক ১৮ মাৰ্চত ৯৯০ টকা দৰত ৫ হাজাৰ পি পি কীট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল ৷ ১০০০ টা পি পি ই কীট ১৯ মাৰ্চত আৰু ৪০০০ টা পি পি ই কীট ২৩ মাৰ্চৰ ভিতৰত যোগান ধৰাৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছিল ৷

সমিতি গঠনৰ পূৰ্বেই ১৮ মাৰ্চ, ২০২০ত ৰিণিকি ভূঞা শৰ্মাক দিয়া হৈছিল পি পি ই কীটৰ ঠিকা

 

কিন্তু ৰিণিকি ভূঞা শৰ্মাই কেৱল ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰে ৷ যাৰ বাবে ৪ এপ্ৰিল ,২০২০ত স্বাক্ষৰ কৰা এক নিৰ্দেশৰ জড়িয়তে এন এইচ এমৰ সঞ্চালকে এই যোগানৰ নিৰ্দেশ বাতিল কৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই যোগানৰ নিৰ্দেশ আৰু বাতিল সন্দৰ্ভত এটা শব্দও উচ্চাৰণ নকৰিলে ৷

৫০০০ পি পি ই কীটৰ ঠিকা লৈ ৰিণিকি ভূঞা শৰ্মাই যোগান ধৰিলে মাত্ৰ ১৪৮৫ টা কীট, যাৰ বাবে ৪ এপ্ৰিলত
পূৰ্বে দিয়া যোগানৰ নিৰ্দেশ বাতিল কৰা হয়

কেৱল ৰিণিকি ভূঞা শৰ্মাই নহয় , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাইও এই সময়ছোৱাতে পি পি ই কীট আৰু হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল ৷ জৰুৰীকালীন ক্ৰয়ৰ চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই ঘনশ্যাম ধানুকাই ২০২০ চনৰ ২২ আৰু ২৩ মাৰ্চত মুঠ ২০ হাজাৰ পি পি ই কীটৰ যোগানৰ ঠিকা লাভ কৰিছিল ৷ প্ৰথমতে ধানুকাই ৯৯০ টকা দৰত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল যদিও পাছত নিজে চৰ্ত আৰোপ কৰি এই দৰ ১৫০০ টকালৈ বৃদ্ধি কৰিছিল ৷ লগতে গুৱাহাটীৰ পৰিৱৰ্তে নতুন দিল্লীৰ অসম ভৱনতহে পি পি ই কীট যোগান ধৰিছিল ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাৰ ঠিকা সন্দৰ্ভতো পীয়ূষ হাজৰিকাই কোনো মন্তব্য নকৰিলে ৷

চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই লাভ কৰিছিল পি পি ই কীটৰ ঠিকা

 

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে ৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ নিৰ্দেশ দিয়া হৈছিল ৷ বাতৰিত উল্লেখ কৰা ফাৰ্মখনে মাত্ৰ ৮৫ লাখ টকাৰ ঠিকা লাভ কৰিছিল ৷মন্ত্ৰী হাজৰিকাৰ মতে ‘মাত্ৰ’ ৮৫ লাখ টকাৰ ঠিকা লাভ কৰা ঘনশ্যাম ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিকেল নামৰ প্ৰতিষ্ঠানটোৱে ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগান ধৰিছিল ৷ আন প্ৰতিষ্ঠানে ১৮.৮৮ টকা মূল্যত যোগান ধৰা ১০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ধানুকাই যোগান ধৰিছিল ১০০.৩০ টকা দৰত ৷ আন প্ৰতিষ্ঠানে ৯৪.৪০ টকা দৰত যোগান ধৰা ৫০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই যোগান ধৰিছিল ২৩১.৮৭ টকা দৰত ৷ এইদৰে ধানুকাই মুঠ ৩৬,৬০০ টা ৫০০ মিলিলিটাৰৰ আৰু ৫ হাজাৰটা ১০০ মিলিলিটাৰৰ হেণ্ডছেনিটাইজাৰ যোগান ধৰিছিল ৷ অত্যাধিক দৰত ধানুকাই হেণ্ড ছেনিটাইজাৰ যোগান ধৰা সন্দৰ্ভতো মৌন হৈ ৰ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা ৷

অত্যাধিক দৰত ধানুকাক দিলে ছেনিটাইজাৰৰ ঠিকা

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাই তেওঁৰ আন এখন ফাৰ্ম মেডিটাইমৰ নামত যে ১০.৮৪ কৌটি টকাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল , সেই প্ৰসংগতো এটা শব্দও উচ্চাৰণ নকৰিলে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে কোভিডকালীন সময়ত কোনোবাই চি এছ আৰ কৰিবলৈ হ’লেও চৰকাৰী নিৰ্দেশৰ প্ৰয়োজন আছিল ৷ কিন্তু চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট আনোতে কেতিয়া চৰকাৰী নিৰ্দেশ দিয়া হৈছিল , কিমান দৰ নিৰ্ধাৰণ কৰা হৈছিল , কোনে যোগান ধৰিছিল ,তাৰ কোনো উত্তৰ নাই অসম চৰকাৰৰ হাতত ৷ যদি চি এছ আৰ কৰিবলৈও চৰকাৰী নিৰ্দেশৰ প্ৰয়োজন , তেনেহ’লে চৰকাৰী নিৰ্দেশ নোহোৱাকৈ কেনেকৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট আহি পালে , সেই কথাও নজনালে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ তেওঁৰ মতে সেই সময়ত কোনোবাই ১০-১৫ টা পি পি ই কীট যোগান ধৰিলেও চৰকাৰে গ্ৰহণ কৰিছিল ৷ কিন্তু চীনৰ পৰা অনা বুলি প্ৰচাৰ কৰা ৫০ হাজাৰ পি পি ই কীটৰ গুণগত মানৰ পৰীক্ষা কৰি সেয়া কিয় ব্যৱহাৰ কৰা নহ’ল , তাৰো কোনো উত্তৰ নাই পীয়ূষ হাজৰিকাৰ হাতত ৷ আনকি , কোনে চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট কোনে আনিছিল সেই প্ৰশ্নৰো উত্তৰ নিদিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীটৰ কথা নাজানে এন এইচ এমে, হিচাপ নিদিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে ‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ত প্ৰকাশিত বাতৰি ভুৱা ৷যদি বাতৰি ভুৱা হ’বলৈ হয় , তেনেহ’লে এন এইচ এম অসমে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ধানুকাৰ প্ৰতিষ্ঠানক দিয়া যোগানৰ নিৰ্দেশবোৰো ভুৱা হ’ব লাগিব ৷ যদিহে বাতৰি ভুৱা হ’বলৈ হয় তেনেহ’লে সঁচা তথ্যৰে কোভিড প্ৰতিৰোধৰ নামত হোৱা ব্যয়ৰ হিচাপ কিয় ৰাজহুৱা নকৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

 

Leave A Reply

Your email address will not be published.