সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়

সম্পূৰ্ণ তথ্য লাভ কৰিলে উন্মোচিত হ’ব অধিক ভয়াৱহ কাহিনী

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত একপ্ৰকাৰ যুঁজ দিবলগীয়া হ’ল ৷ কাৰণ , কোনো পৰিস্থিতিতেই আমি বিচৰা তথ্য দিবলৈ ইচ্ছুক নাছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম ৷ কোভিডৰ নামত আৰু কিমান ধন , কেনেদৰে ব্যয় কৰা হ’ল , তাৰ তথ্য বিচাৰি ২০২১ চনৰ ১০ ছেপ্তেম্বৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ওচৰত প্ৰথমখন আৰ টি আই আবেদন দাখিল কৰে দ্য ক্ৰছকাৰেন্টে ৷ এই আৰ টি আই আবেদনৰ জড়িয়তে সাতটা বিষয়ৰ তথ্য বিচৰা হৈছিল ৷ দ্য ক্ৰছকাৰেন্টে বিচৰা তথ্যসমূহ আছিল-
কোভিড প্ৰতিৰোধৰ বাবে ২০২০ চনৰ ১৫ মাৰ্চৰ পৰা তথ্য যুগুত কৰা দিনটোলৈ পি পি ই কীট , ৰেপিড টেষ্ট কীট , ভেন্টিলেটৰ আৰু আই চি ইউ বেড ক্ৰয় কৰা সন্দৰ্ভত তলত উল্লেখ কৰা বিষয়ৰ তথ্যসমূহ জনাওক –
১) ওপৰত উল্লেখ কৰা প্ৰতিটো সামগ্ৰী ক্ৰয়ৰ বিপৰীতে প্ৰকাশ কৰা নিবিদাৰ জাননী ৷
২) উপৰোক্ত সামগ্ৰী ক্ৰয়ৰ নিবিদাত অংশগ্ৰহণ কৰা প্ৰতিটো প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা ৷ লগতে প্ৰতিষ্ঠানসমূহে আগবঢ়োৱাৰ নিৰিখ ৷
৩) সামগ্ৰী যোগানৰ বাবে যোগ্য বিবেচিত প্ৰতিষ্ঠানৰ তালিকা ৷
৪) প্ৰতিটো ক্ৰয়ৰ বিপৰীতে দিয়া যোগানৰ নিৰ্দেশ ৷
৫) প্ৰতিটো যোগানৰ বিপৰীতে লাভ কৰা পি পি ই কীট , ৰেপিড এন্টিজেন কীট , ভেন্টিলেটৰ , আই চি ইউ বেডৰ সংখ্যা ৷
৬) প্ৰতিটো ক্ৰয় আৰু যোগানৰ নিৰ্দেশৰ বিপৰীতে মোকলাই দিয়া ধনৰ পৰিমান ৷
৭) ক্ৰয় কৰা সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰি দিয়া প্ৰতিবেদন৷

২০২১ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ প্ৰেৰণ কৰা আৰ টি আই আবেদন

 

- Donation -

এই আবেদন অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰেৰণ কৰে এনএইচএমলৈ ৷ কিন্তু আজি পৰ্যন্ত তাৰ সঠিক উত্তৰ অথবা কোভিড প্ৰতিৰোধৰ নামত হোৱা ব্যয়ৰ সবিশেষ তথ্য প্ৰদান নকৰিলে এন এইচ এমে ৷ তাৰ বিপৰীতে ২০২১ চনৰ ২৬ নৱেম্বৰত কেৱল যোগানকাৰী প্ৰতিষ্ঠানৰ নাম থকা এখন আধৰুৱা তালিকাহে প্ৰদান কৰিলে ৷ সম্পূৰ্ণ তথ্য বিচাৰি আকৌ এন এইচ এমৰে যোগাযোগ কৰা হয় ২০২১ চনৰ ১৪ ডিচেম্বৰত ৷ এইবাৰ এন এইচ এমে আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডলৈ আবেদনখন হস্তান্তৰ কৰে ৷ ২০২২ চনৰ ১০ মাৰ্চত আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডেও আকৌ এবাৰ আধৰুৱা তথ্যৰে আন এখন তালিকা প্ৰেৰণ কৰে ৷ অৱশ্যে এই তালিকাখনত কেইটামান প্ৰতিষ্ঠানক কিমান দামত , কি সামগ্ৰী যোগানৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল , তাৰ সামান্য উল্লেখ আছিল ৷ইয়াৰ ভিতৰত পি পি ই কীট আৰু টেষ্ট কীট ক্ৰয় কৰাৰ সামান্য তথ্য উল্লেখ আছিল ৷ ইয়াৰ পাছত ২০২২ৰ ৩১ মাৰ্চত পুনৰ এক আৰ টি আই আবেদন দাখিল কৰা হয় ৷ কিন্তু এন এইচ এমে গুৰুত্ব প্ৰদান নকৰাত ৫ মে’ত পুনৰ দ্য ক্ৰছকাৰেন্টে এন এইচ এমত আবেদন দাখিল কৰে ৷

সঠিক তথ্য প্ৰদান নকৰাত এন এইচ এমৰ সৈতে কৰা যোগাযোগ পত্ৰ

এই আবেদনৰ উত্তৰত ২৬ মে’ত এন এইচ এমে কিছুসংখ্যক ঠিকাৰ যোগান আৰু বাতিলৰ নিৰ্দেশৰ প্ৰতিলিপি প্ৰদান কৰে ৷ কিন্তু এই তথ্যখিনিৰ ভিতৰত নাছিল জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া যোগানৰ নিৰ্দেশৰ প্ৰতিলিপি ৷
দ্য ক্ৰছকাৰেন্টৰ হাতত নিশ্চিত তথ্য আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পি পি ই কীট যোগানৰ নিৰ্দেশ লাভ কৰিছিল ৷ ইয়াৰ মাজতে এন এইচ এমৰ ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমত দ্য ক্ৰছকাৰেন্টে প্ৰায় ৫০ খন প্ৰকিউৰমেন্ট অৰ্ডাৰৰ কপি ৰাজহুৱাভাৱে উপলব্ধ হোৱাটো প্ৰত্যক্ষ কৰে ৷ ইয়াৰে এখন আছিল জে চি বি ইণ্ডাষ্ট্ৰীজৰ পৰা জৰুৰীকালীনভাৱে পি পি ই কীট ক্ৰয়ৰ নিৰ্দেশ ৷ এই তথ্যৰ আধাৰতে ২০২২ চনৰ ১০ জানুৱাৰীত ১৪ খন নিৰ্দিষ্ট ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপি বিচাৰি এন এইচ এমত এখন পৃথক আৰ টি আই আবেদন দাখিল কৰা হৈছিল ৷

 

২০২২ চনৰ ১০ জানুৱাৰী তাৰিখে ১৪ খন নিৰ্দিষ্ট ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপি বিচাৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানলৈ কৰা আবেদন

কিন্তু এইবাৰ আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডৰ তৰফৰ পৰা জনোৱা হ’ল যে এই ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপি সমূহ এন এইচ এমৰ ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমত উপলব্ধ ৷ লগতে জনোৱা হ’ল যে ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড অবিহনে এই তথ্যসমূহ সংগ্ৰহ কৰাটো সম্ভৱ নহয় ৷ এন এইচ এমে এই তথ্যসমূহ দিয়াত কোনো বাধা নাই বুলি উল্লেখ কৰি আবেদনকাৰীক পোৰ্টেলৰ পৰা নিজেই সংগ্ৰহ কৰিবলৈও ক’লে ৷ বাৰম্বাৰ এন এইচ এম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত অৱশেষত ২০২২ৰ ২৯ মাৰ্চত ১৪ খন চাপ্লাই অৰ্ডাৰৰ প্ৰতিলিপি প্ৰদান কৰে ৷ এই চাপ্লাই অৰ্ডাৰৰ ভিতৰত আছিল জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া যোগানৰ নিৰ্দেশ আৰু বাতিলৰ নিৰ্দেশৰ প্ৰতিলিপি ৷
২০২২ ৰ ১০ জানুৱাৰীৰ দিনটোতেই চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰি এন এইচ এমত আৰ টি আই আবেদন দাখিল কৰা হৈছিল ৷ ১৭ জানুৱাৰীত আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডলৈ এই আবেদনখন হস্তান্তৰ কৰা হয় ৷ ইয়াৰ পাছত ১০ মাৰ্চত আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডে দিয়া উত্তৰত স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই ৷
সামগ্ৰিকভাৱে ২০২১ চনৰ ১০ ছেপ্তেম্বৰত দ্য ক্ৰছকাৰেন্টে দাখিল কৰা আৰ টি আই আবেদনৰ সম্পূৰ্ণ উত্তৰ এতিয়াও প্ৰদান কৰা নাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৷ নিবিদাৰ জাননী , অংশগ্ৰহনকাৰী প্ৰতিষ্ঠানৰ তালিকা , যোগান ধৰা সামগ্ৰীৰ গুণগত মানৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত একো তথ্যই ৰাজহুৱা কৰা নাই এন এইচ এমে ৷ আৰ টি আই যোগে লাভ কৰা আধৰুৱা তথ্যৰ আধাৰতে উন্মোচিত হৈছে কোভিডকালত ঠিকা প্ৰদানৰ নামত সংঘটিত এক ক’লা অধ্যায় ৷ সম্পূৰ্ণ তথ্য লাভ কৰিলে ইয়াতকৈও অধিক ভয়াৱহ কাহিনী নিশ্চয় উন্মোচিত হ’ব ৷ সেইবাবেই ক’ব পাৰি যে কোভিডকালত সংঘটিত অনিয়মৰ এয়া মাত্ৰ এটা সামান্য অংশহে ৷ অধিক তথ্য সংগ্ৰহৰ বাবে আকৌ আৰ টি আই আবেদনৰ সহায় ল’বলৈ সাজু হৈছে দ্য ক্ৰছকাৰেন্ট ৷

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ নিজা অনুসন্ধানত পোহৰলৈ অহা কোভিডৰ ঠিকা সম্পৰ্কীয় প্ৰতিবেদনসমূহ ইয়াত পঢ়িবলৈ পাবঃ-

 

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰিত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

 

 

এন এইচ এম অসমক ‘দ্য ৱায়াৰ’ আৰু ‘দ্য ক্ৰছকাৰেন্ট’ৰ তৰফৰ পৰা এলানি প্ৰশ্ন প্ৰেৰণ কৰা হৈছিল ৷ এই প্ৰশ্নসমূহৰ উত্তৰ পালে এই প্ৰতিবেদনৰ লগত সংযোজন কৰা হ’ব ৷
এন এইচ এমৰ সঞ্চালকলৈ তলৰ প্ৰশ্নসমূহ প্ৰেৰণ কৰা হৈছে –
Following queries related to the news report has been emailed to the office of the director, Assam National Health Mission. Any reply received from NHM shall be added to the report.
1) What we understand from the RTI reply from the National Health Mission director’s office dated March 3, 2022 is that the Assam government had notified “instantly” state, district and medical college level procurement committee for emergency supply “from all available sources either through nomination/quotation/tendering process in view of the countrywide lockdown from 24/03/2020”. Among the 14 urgent work orders approved by NHM and shared with us through RTI replies, we find two – one granted to JCB Industries on March 18, 2020, and another to Meditime Healthcare – on March 23, 2020. We also come across another urgent supply order issued to GRD Pharmaceuticals on March 18, 2020 to supply 10,000 hand sanitisers most likely without following the tendering process in the NHM’s Inventory Management System available in public domain. Why and on whose instruction were urgent supply orders through nomination granted to these three entities for emergency supplies prior to the March 24, 2020 lockdown?
2) Was there any quality check done on the emergency procurement made by NHM?
3) When prior to the lockdown announcement, on March 18, 2020, an Assam based company, NE Surgical Industries, as shown in the RTI replies, could supply PPE kits to the NHM at Rs 600 each, why were JCB Industries granted an urgent work order on the same day to supply PPE kits at Rs 990 per piece? Prior to the lockdown, why Meditime Healthcare was granted urgent supply order to provide PPE kits also at Rs 990 per piece?
4) Was NE Surgical Industries approached for supply of more such PPE kits at Rs 600 prior to approval given for urgent supply order to JCB Industries and Meditime Healthcare whose asking rate per piece was way higher at Rs 990?
5) Similarly, while on March 24, 2020, 1.60 lakh hand sanitizers were procured from Surma Distillery Limited at a nominal rate of Rs 25 and Rs 37 (post GST) for 200 ml bottle each, why was the company not asked if it could supply more and instead GRD Pharmaceuticals was opted for even though it sold to the health department a 100 ml bottle for Rs 100.30 per piece (after GST) and Rs 231.87 (after GST) per 500 ml bottle, as shown in the urgent supply order dated March 23, 2020 available on the Inventory Management System of NHM?
6) An RTI reply shows that the March 18, 2020, urgent supply order for PPE kits to JCB Industries was cancelled on April 4, 2020, citing the reason that it could provide only 1,485 numbers out of the agreed number of 5,000, and couldn’t meet the demand on time to meet the emergency. Did NHM pay for the 1,485 PPE kits to JCB Industries at the asked rate of Rs 990 per kit? A March 27, 2020, letter from the NHM director’s office acknowledged the same 1,485 PPE kits as part of JCB Industries CSR activity though. What procedure and paperwork was followed to turn the ‘failure’ shown in government record to meet the to-be-paid-for goods against an asking rate to meet a public emergency to a company’s CSR activity?
7) The government’s documents show that Meditime Healthcare, after raising the asking rate for each PPE kit from Rs 990 to Rs 1680 had stipulated the condition that the deliveries would be made at New Delhi’s Assam Bhavan. Why was it agreed while all other urgent supply deliveries were to be deposited at NHM’s warehouse at Narengi in Guwahati?
8) How much did the state spend to transport those 10,000 PPE kits supplied by Meditime Healthcare from Delhi to Assam during the lockdown and whether any private transporter was used for the purpose?

Leave A Reply

Your email address will not be published.