সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

• মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাক ৪৩১ শতাংশ অধিক দৰত ছেনিটাইজাৰৰ ঠিকা • পদমাৱতীৰ পৰা আৰ বি এছ ৰিয়েল্টৰ্ছলৈ ধানুকা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক লেনদেন

  • সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ

(এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)

 

- Donation -

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাক কোভিডকালত ৰেড কাৰ্পেটেৰে যেন আদৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৷ এন এইচ এমৰ চৰ্ত অনুসৰি নহয় , নিজৰ চৰ্তমতেহে পি পি ই যোগান ধৰিছিল ঘনশ্যাম ধানুকাই ৷ পি পি ই কীটৰ নিৰিখ ধানুকাৰ চৰ্ত অনুসৰি নিৰ্ধাৰণ কৰিছিল এন এইচ এমে ৷ আনকি দিল্লীত পি পি ই কীট যোগান ধৰাৰ চৰ্তও একেষাৰে মানি লৈছিল এন এইচ এমে ৷ সেইগৰাকী ধানুকাই এন এইচ এমত যোগান ধৰিবলগীয়া হেণ্ড ছেনিটাইজাৰৰ নিৰিখো যেন নিজেই নিৰ্ধাৰণ কৰি লৈছিল ৷ সেইবাবেই আকাশলংঘী আৰু অবিশ্বাস্য দৰত ধানুকাক দিয়া হৈছিল হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা ৷ কেৱল পি পি ই কীটেই নহয় , জৰুৰীকালীন ক্ৰয়ৰ চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই ছেনিটাইজাৰ যোগানৰ ঠিকাও লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাইদ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছে ঘনশ্যাম ধানুকাক অত্যাধিক দৰত হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা প্ৰদান কৰাৰ কেতবোৰ বিস্ফোৰক তথ্য ৷ ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷

dhanuka_with_assam_cm_himanta_biswa
ঘনশ্যাম ধানুকাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৪৩১ শতাংশ অধিক নিৰিখত ধানুকাই যোগান ধৰিলে ছেনিটাইজাৰ
এন এইচ এমৰ তথ্য অনুসৰি ধানুকাৰ প্ৰতিষ্ঠান জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৫০০ মিলিলিটাৰৰ মুঠ ৩৬ ,৬০০ টা হেণ্ড ছেনিটাইজাৰৰ বটল যোগানৰ ঠিকা লাভ কৰিছিল ৷ ২০২০ চনৰ ১১ মাৰ্চত ৫০০ মি:লি:ৰ ৪০০ টা , ১৩ মাৰ্চত ১০০০ টা , ১৬ মাৰ্চত ৫০০০ হাজাৰটা , ১৮ মাৰ্চত ১০,০০০ টা , ২৬ মাৰ্চত ২০০০০ টা ছেনিটাইজাৰৰ বটল যোগানৰ ঠিকা লাভ কৰে ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৷ আমাৰ হাতত থকা ১৮ মাৰ্চ ,২০২০ ৰ NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12303 নং আৰজেন্ট চাপ্লাই অৰ্ডাৰ মতে ধানুকাৰ প্ৰতিষ্ঠান জি আৰ ডিয়ে হেণ্ডৰাব নামৰ ৫০০ মিলিলিটাৰৰ ১০ হাজাৰটা বটল জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰিছিল ৷ একেখন ৱৰ্ক অৰ্ডাৰতে ১০০ মিলিলিটাৰৰ আন ৫ হাজাৰ বটল যোগানৰ জৰুৰীকালীন নিৰ্দেশো উল্লেখ আছে ৷ উল্লেখযোগ্য যে অসম চৰকাৰে ২৪ মাৰ্চ,২০২০ৰ পৰাহে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ইয়াৰ পাছত ২৬ মাৰ্চ, ২০২০ত NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12367 নং আৰজেন্ট চাপ্লাই অৰ্ডাৰৰ জড়িয়তে ধানুকাই আকৌ ৫০০ মিলিলিটাৰৰ ২০ হাজাৰটা হেণ্ডৰাব ছেনিটাইজাৰৰ জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰে ৷ ১৮ মাৰ্চ আৰু ২৬ মাৰ্চৰ দুয়োটা প্ৰকিউৰমেন্ট অৰ্ডাৰতে ধানুকাই ৫০০ মিলিলিটাৰৰ প্ৰতিটো বটল ২৩১.৮৭ টকা দৰত যোগানৰ ঠিকা লাভ কৰিছিল ৷ আনহাতে , ১০০ মিলিলিটাৰৰ প্ৰতিটো বটল যোগানৰ ঠিকা লাভ কৰিছিল ১০০.৩০ টকা দৰত ৷ উল্লেখযোগ্য যে জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ ৱেবছাইটৰ তথ্য অনুসৰি হেণ্ডৰাব নামৰ ছেনিটাইজাৰ প্ৰস্তুত কৰে জি আৰ ডি ফাৰ্মাচিউটিকেলছে নিজেই ৷

ঘনশ্যাম ধানুকাক অত্যাধিক দৰত ছেনিটাইজাৰ যোগানৰ নিৰ্দেশ

ইফালে ,এন এইচ এমে দিয়া তথ্যত পোৱা যায় যে ২৪ মাৰ্চ ,২০২০ৰ NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12354 নং আৰ্জেন্ট চাপ্লাই অৰ্ডাৰ অনুসৰি , সুৰমা ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডক ২০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ ২৫ টকা(জি এছ টি বাদ দি) দৰত যোগানৰ ঠিকা দিয়া হৈছিল ৷ পাছলৈ আন এক নিৰ্দেশ যোগে ২৫ টকাৰ সলনি ২০০ মিলিলিটাৰ ছেনিটাইজাৰৰ দাম ৩২ টকা (জি এছ টি বাদ দি) নিৰ্ধাৰণ কৰা হয় ৷ ১৮ শতাংশ জি এছ টি ইয়াৰ লগত যোগ কৰিলে ২০০ মিলিলিটাৰৰ প্ৰতিটো ছেনিটাইজাৰৰ বটলৰ দাম হ’ব ৩৭.৭৬ টকা ৷ এই দৰত ১০০ মিলিলিটাৰ ছেনিটাইজাৰৰ দাম হ’ব ১৮.৮৮ টকা ৷ আনহাতে ৫০০ মিলিলিটাৰ ছেনিটাইজাৰৰ দাম হ’ব ৯৪.৪০ টকা ৷

surma_procurement_order_crosscurrent_covid_files_assam
সুৰমা ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডক কম দৰত হেণ্ড ছেনিটাইজাৰ যোগানৰ জৰুৰী নিৰ্দেশ

 

ধানুকাৰ প্ৰতিষ্ঠান জি আৰ ডি ফাৰ্মাচিউটিকেলছক ১০০ মিলিলিটাৰ ছেনিটাইজাৰ ১০০.৩০ টকা দৰত যোগানৰ ঠিকা দিয়া হ’ল ৷ কিন্তু সুৰমা ডিষ্টিলেৰীয়ে ১০০ মিলিলিটাৰৰ হেণ্ড ছেনিতাইজাৰ যোগান ধৰিলে ১৮.৮৮ টকা দৰত ৷ অৰ্থাৎ সুৰমা ডিষ্টিলেৰীতকৈ ৮১.৪২ টকা অৰ্থাৎ ৪৩১ শতাংশ অধিক দামত ১০০ মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল ধানুকাই ৷ইফালে , সুৰমাই ৯৪.৪০ টকা দৰত ৫০০ মিলিলিটাৰ হেণ্ড ছেনিটাইজাৰ যোগান ধৰাৰ বিপৰীতে ধানুকাই ৫০০ মিলিলিটাৰ হেণ্ড ছেনিটাইজাৰ যোগান ধৰিছিল ২৩১.৮৭ টকা দৰত ৷ এইদৰে ঘনশ্যাম দাস ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিলেছে ১৩৭.৪৭ টকা অধিক দৰত ৫০০ মিলিলিটাৰৰ ছেনিটাইজাৰৰ ঠিকা লাভ কৰিছিল ৷ সুৰমা ডিষ্টিলেৰীতকৈ এই দাম ১৪৫ শতাংশ বেছি ৷
দ্য ৱায়াৰে সুৰমা ডিষ্টিলেৰীৰ সঞ্চালক অৰিন্দম হোৰৰ লগত এই সন্দৰ্ভত যোগাযোগ কৰাত তেও এইদৰে কয়,’ আমি সংকটৰ সময়ত কম দিনৰ ভিতৰতে চৰকাৰে বিচৰা ধৰণে সামগ্ৰী যোগান ধৰিবলৈ পাই সুখী ৷ আমাৰ ব্যৱসায় মূলতঃ দেশীয় সুৰাৰ ৷ কিন্তু কৰোণাৰ সময়ত আমাক জনোৱা হ’ল যে ডিষ্টিলেৰী এতিয়া বন্ধ হ’ব আৰু আমি জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হেণ্ড ছেনিটাইজাৰ যোগান ধৰিব লাগিব ৷কাৰণ , ইয়াৰ মূল উপাদান ইথানল ইতিমধ্যে আমাৰ হাতত মজুত আছে ৷ আমি বিশ্ব স্বাস্থ্য সংস্থাৰ ফৰ্মূলা অনুসৰি , এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি যোগান ধৰিলো ৷ ‘ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে পুণৰ ছেনিটাইজাৰ বিচাৰি যোগাযোগ কৰিছিল নে নাই সোধাত তেওঁ জনায় ,’আমাক বিচৰা হোৱা নাছিল ৷ কাৰণ , বজাৰলৈ ভাল পেকেটত , ভাল দেখা ছেনিটাইজাৰ অহা আৰম্ভ কৰিছিল ৷ আমিও বিষয়টোত আগ নাবাঢ়িলো ৷ কাৰণ হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰাতকৈ আমি আমাৰ মূল ব্যৱসায়লৈ ঘূৰি যাবলৈ বিচাৰিছিলো ৷’

ঘনশ্যাম ধানুকা কেনেকৈ ইমান ক্ষমতাশালী ?
জৰুৰীকালীন যোগানৰ ঠিকা লৈও সময়মতে পি পি ই কীট যোগান ধৰিব পৰা নাছিল ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমে ৷ অথচ সেইজন ঘনশ্যাম ধানুকাৰ আনটো প্ৰতিষ্ঠান জি আৰ ডি ফাৰ্মাচিউটিকেলছক ৪৩১ শতাংশ পৰ্যন্ত অধিক দৰত হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা দিয়া হৈছিল ৷ এন এইচ এমৰ পৰা লাভ কৰা তথ্যত দেখা গ’ল যে ঘনশ্যাম ধানুকাই কোভিডকালত ১০.৮৪ কৌটি টকাৰে ৬৬ হাজাৰ ৩৫ টা পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ একেদৰে বজাৰ দৰতকৈ ৮১.৪২ টকা অধিক দৰত ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল ঘনশ্যাম ধানুকাই ৷ সম্ভৱতঃ ঘনশ্যাম ধানুকাৰ একমাত্ৰ যোগ্যতা আছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে থকা তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠতা ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি বে আইনীভাৱে ক্ৰয় কৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৰ্তমান সঞ্চালকৰ পদত আছে অশোক কুমাৰ ধানুকা ৷ এই কোম্পেনীটোত সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷ এইগৰাকী অশোক কুমাৰ ধানুকাৰ পুত্ৰ হ’ল ঘনশ্যাম ধানুকা ৷ গতিকে মুখ্যমন্ত্ৰীৰ তেও কিমান ঘনিষ্ঠ হ’ব পাৰে সেয়া সহজেই অনুমেয় ৷ কেৱল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডতে নহয় , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন কোম্পেনীতো উত্তৰাধিকাৰীৰ দৰে সঞ্চালকৰ পদ লাভ কৰাৰ উদাহৰণ আছে ধানুকা পৰিয়ালৰ ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ বিত্তীয় আৰু ব্যৱসায়িক লেনদেনৰ তথ্যও পোহৰলৈ আহিছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ৷

ghanasyam_dhanuka_Ashok_himanta _biswa_sarma_covid_files
ধানুকা পৰিয়ালৰ সৈতে মাজত হিমন্ত বিশ্ব শৰ্মা

 

মণিপুৰৰ কোম্পেনী, সঞ্চালকৰ পদত ৰিণিকি ভূঞা শৰ্মা – কৈলাশ নাথ শৰ্মা
ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা ১০ লাখ টকা ধাৰলৈ লৈছে ৷ কিন্তু পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা টকা ধাৰ ল’ব পৰাকৈ কি সম্পৰ্ক আছে ৰিণিকি ভূঞা শৰ্মাৰ ?দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ হাতত পৰা মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠা হৈছিল ১৯৯১ চনৰ ২৫ মাৰ্চত ৷ কোম্পেনীটোৰ প্ৰতিষ্ঠা কালৰ সঞ্চালক কোন, সেয়া জানিব পৰা নগ’ল ৷ ৰিণিকি ভূঞা শৰ্মাই ১০ লাখ টকা ধাৰলৈ লোৱা এই কোম্পেনীটোৰ পঞ্জীয়নভুক্ত ঠিকনা হ’ল – পাওনা বজাৰ , ইম্ফল , মণিপুৰ , পিন-৭৯৫০০১ ৷ কিন্তু টকা ধাৰলৈ লোৱাতেই পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ লগত ৰিণিকি ভূঞা শৰ্মাৰ সম্পৰ্ক শেষ হোৱা নাই ৷ মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছত দাখিল কৰা তথ্য অনুসৰি ১৯৯১ চনত প্ৰতিষ্ঠা হোৱা কোম্পেনীটোত ২০০৫ চনত দুজন নতুন সঞ্চালকৰ প্ৰৱেশ ঘটে ৷ ইয়াৰে এগৰাকী আছিল ৰিণিকি ভূঞা শৰ্মা আৰু আনগৰাকী হ’ল কৈলাশ নাথ শৰ্মা ৷ প্ৰথমগৰাকী সঞ্চালক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু আনগৰাকী তেওৰ পিতৃ ৷ ৰিণিকি ভূঞা শৰ্মাই ২০০৫ চনৰ ২৪ জানুৱাৰীত পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ দায়িত্ব লোৱাৰ বিপৰীতে কৈলাশ নাথ শৰ্মাই ২০০৫ চনৰ ৫ আগষ্টত সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে ৷ ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ১৭ আগষ্ট , ২০০৫ ত পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ অথ’ৰাইজড্ শ্বেয়াৰ কেপিটেল ৩ কৌটি টকালৈ বৃদ্ধি কৰে ৷ তাৰ পাছতেই আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ দৰেই কলকাতাৰ কোম্পেনীয়ে পদমাৱতী ট্ৰেডাৰ্ছত ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে ৷

মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ তথ্যঃ পদমাৱতীৰ সঞ্চালকৰ আসনত ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মা

 

ৰিণিকিৰ আসনত বহিল অশোক ধানুকা , সকলো শ্বেয়াৰ ধানুকা পৰিয়াললৈ হস্তান্তৰ

আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত কলকাতাৰ কোম্পেনীয়ে ধন বিনিয়োগ কৰাৰ পাছতে ৰিণিকি ভূঞা শৰ্মাই সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছিল ৷ একেদৰে পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডতো কলকাতাৰ কোম্পেনীৰ ধন বিনিয়োগৰ পাছতেই একেদিনাই সঞ্চালকৰ পদ এৰে ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই ৷ তাৰিখটো আছিল ২০১০ চনৰ ১৫ এপ্ৰিল ৷ আৰ বি এছ ৰিয়েল্টৰ্ছত ৰিণিকি ভূঞা শৰ্মাই সঞ্চালকৰ পদ এৰাৰ পাছদিনাই সঞ্চালকৰ দায়িত্বত নিযুক্ত হৈছিল ফাঁচীবজাৰৰ ব্যৱসায়ী অশোক কুমাৰ ধানুকা ৷ একেদৰে পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰা ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই পদত্যাগ কৰাৰ দিনাই সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে এইগৰাকী অশোক কুমাৰ ধানুকাই ৷
ধানুকা সঞ্চালক হোৱাৰ পাছতে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ ক্ষেত্ৰত দেখা গৈছিল যে বিনিয়োগ কৰা ১৭ টা কোম্পেনীয়ে নিজা নিজা শ্বেয়াৰ শৰ্মাৰ পৰিয়ালৰ কেতবোৰ ঘনিষ্ঠ মানুহক হস্তান্তৰ কৰিছিল ৷ একেই ঘটনা ঘটিল পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ ক্ষেত্ৰতো ৷ এইবাৰ কলকাতাৰ শ্বেয়াৰ হস্তান্তৰ হ’ল অশোক কুমাৰ ধানুকাৰ পৰিয়াললৈ ৷ পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডত ২০১৩ চনত অতিৰিক্ত সঞ্চালক হিচাপে নিযুক্ত হয় অশোক কুমাৰ ধানুকাৰ পুত্ৰ ঘনশ্যাম দাস ধানুকা ৷ যি ঘনশ্যাম দাস ধানুকা জি আৰ ডি ফাৰ্মাছিউটিকেলছ আৰু ঘনশ্যাম ফাৰ্মাছিউটিকেলছৰ স্বত্বাধিকাৰী ৷

ৰিণিকি ভূঞা শৰ্মা, কৈলাশ নাথ শৰ্মাৰ পদত্যাগৰ পাছত পদমাৱতীৰ সঞ্চালকৰ পদত অশোক ধানুকা

 

এই ব্যৱসায়িক লেনদেনেই প্ৰমান কৰে যে ঘনশ্যাম দাস ধানুকা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাজত আছে দীৰ্ঘদিনীয়া ব্যৱসায়িক সম্পৰ্ক ৷ হয়তো সেই সম্পৰ্কৰ সুবাদতেই ৪৩১ শতাংশ অধিক দৰত হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা প্ৰদান কৰা হ’ল ঘনশ্যাম ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিকেলছক ৷ কেৱল ঠিকা প্ৰদানেই নহয় , ধানুকাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰদান কৰিছে ‘ৰাজ্যিক আৰক্ষীৰ বিশেষ নিৰাপত্তা’৷ যিসময়ত ৰাজ্য চৰকাৰে শাসক – বিৰোধীৰ বিভিন্ন নেতাৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে ,সেই সময়ত ঘনশ্যাম ধানুকাক প্ৰদান কৰিছে বিশেষ নিৰাপত্তা ৷ অসম আৰক্ষীৰ শীৰ্ষসূত্ৰই এই কথা জানিবলৈ দিছে ৷ গতিকে ঘনশ্যাম ধানুকা মুখ্যমন্ত্ৰীৰ বাবে কিমান প্ৰয়োজনীয় ব্যক্তি , তাক দোহাৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷

 

কোভিডকালৰ দুৰ্নীতিক লৈ নিৰুত্তৰ চৰকাৰ

২০২০ চনৰ জুলাই মাহ ৷ কোভিডৰ সংক্ৰমণৰ বাবে জনজীৱন প্ৰায় স্তব্ধ ৷ অসমত ব্যাপক তৎপৰতাৰে কোভিড নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰা দেখা গৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ সেই সময়তে ১৯ জুলাইত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন মুকলি পত্ৰ লিখি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই ৷ মুখ্যমন্ত্ৰীলৈ লিখা মুকলি পত্ৰখনত তেও উল্লেখ কৰে যে ধানুকা , জজোদিয়া, কিকি আদিৰ দৰে ঠিকাদাৰৰ বাবে ক’ৰোনা এক উৎসৱত পৰিণত হৈছে ৷ ক’ৰোনা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া ৬৩০ কৌটি টকাৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি গৰাকীয়ে ৷ তেওঁৰ অভিযোগ আছিল যে পি পি ই কিট , এন ৯৫ মাস্ককে ধৰি ছটা আইটেমৰ প্ৰায় ৭১ কৌটিটকীয়া ঠিকাত ২৯৫ টা পাৰ্টীয়ে অংশ ল’লে ৷ য’ত মফতলাল , এপ’ল’ ইন্টাৰনেচনেলৰ দৰে আন্তঃৰাষ্ট্ৰীয় পাৰ্টীয়ে অংশ লোৱাৰ পাছতো চি ভি চি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি কাক ৱৰ্ক অৰ্ডাৰ দিয়া হ’ল সেয়া অনলাইনত আপলোড নকৰিলে ৷ এয়া কেগৰ নিয়মৰ দেখ দেখ উলংঘন ৷ এনে আৰু বহু অভিযোগ উত্থাপণ কৰি অভিজিৎ শৰ্মাই লগতে কৈছিল যে লাখ লাখ মানুহক অন্ধকাৰত ৰাখি এনেকৈ কোনো জনসংযোগ কেলেংকাৰিৰ নায়ক বৰা , এজন বহু বিৰ্তকিত এ চি এছ বিষয়াৰ পত্নী , জি আৰ ডি , ঘনশ্যাম আদিৰ বাবে বিধে বিধে কৌটি কৌটি টকাৰ দুই নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱা হৈছে ৷ তাৰ পাছত ২৪ জুলাইৰ দিনা দুৰ্নীতিবিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ এই অভিযোগ অনুসৰি এন এইচ এমে গুৱাহাটীৰ আঠগাঁৱৰ ধানুকা কমপ্লেক্সত থকা জি আৰ ডি ফাৰ্মাছিউটিকেলছ নামৰ প্ৰতিষ্ঠানটোৰ পৰা ক্ৰয় কৰিছিল হেণ্ডৰাব ছেনিটাইজাৰ ৷ প্ৰকৃত মূল্যতকৈ ৮৪.৫৭ টকাকৈ অধিক দৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে একোটা ছেনিটাইজাৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ ২০২০ চনৰে ২৩ জুনত ‘অসমীয়া প্ৰতিদিন’ কাকততো জি আৰ ডি ফাৰ্মাছিউটিকেলছক অধিক দৰত ঠিকা আৱন্টন দিয়াৰ বাতৰি প্ৰকাশ পাইছিল ৷ ২০২১ চনৰ ২৭ নৱেম্বৰত সাংসদ আব্দুল খালেকেও কোভিড ব্যৱস্থাপনাৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি নিবিদা প্ৰক্ৰিয়াকে ধৰি অন্যান্য তথ্য পাতি ৰাজহুৱা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছিল ৷ কিন্তু এই বৃহৎ দুৰ্নীতিৰ অভিযোগৰ কোনো তদন্ত নহ’ল বা অসম চৰকাৰে কোভিডৰ নামত দিয়া ঠিকাৰ কোনো তথ্যও ৰাজহুৱা নকৰিলে ৷ ওলোটাই আছাম পাব্লিক ৱৰ্কছক এই বিষয়ত মাত মতাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আদালতৰ দ্বাৰস্থ হয় ৰাজীৱ কুমাৰ বৰা ৷ আদালতে এই বিষয়ত সাময়িক নিষেধাজ্ঞা প্ৰদান কৰে ৷
সমগ্ৰ বিষয়টো সন্দৰ্ভত অভিজিৎ শৰ্মাৰ লগত শেহতীয়াকৈ যোগাযোগ কৰাত তেওঁ কয় যে সংবাদ মাধ্যমত এই বিষয়ত তেওঁ অধিক মন্তব্য কৰিব নোৱাৰে ৷ কাৰণ আদালতে এক নিষেধাজ্ঞা আৰোপ কৰি থৈছে আৰু গোচৰটোৰ শুনানি চলি আছে ৷

Leave A Reply

Your email address will not be published.