সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

• চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পত্নী- পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকাক ‘জৰুৰীকালীন যোগান’ৰ ঠিকা • জীৱন ৰক্ষাকাৰী কোভিড প্ৰতিৰোধী সামগ্ৰী যোগানত প্ৰতাৰণা ৰিণিকি-ধানুকাৰ

  • সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ

(এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে)

 

- Donation -

কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই অনিছিল, তেনেসময়তো অসমত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ ঠিকা আবণ্টন চলিছিল অনেক গোপন হিচাপ-নিকাচ ৷ কোভিডৰ ঠিকা আবণ্টনত বিশেষ সুবিধা দিয়া হৈছিল কেতবোৰ প্ৰভাৱশালী লোকক ৷ এইসকল প্ৰভাৱশালী লোকৰ ভিতৰত আছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকা ৷ এইসকল ব্যক্তিয়ে অত্যাধিক দৰত কোভিড প্ৰতিৰোধী সামগ্ৰী যোগানৰ ঠিকা লাভ কৰাৰ তথ্য ফাদিল হৈছে ‘দ্য ক্ৰছকাৰেন্ট ‘ আৰু ‘দ্য ৱায়াৰ’ৰ ছমাহজোৰা অনুসন্ধানত ৷
এই অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি ,কোভিডকালত চৰকাৰে ‘জৰুৰীকালীন ক্ৰয়(emergency procurement)’ ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই ‘জৰুৰীকালীন যোগানৰ নিৰ্দেশ(urgent supply order)’ লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানে ৷ ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু ঘনশ্যাম দাস ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ আৰু জি আৰ ডি ফাৰ্মাচিউটিকেলছে লাভ কৰিছিল ৪ টা জৰুৰীকালীন যোগানৰ ঠিকা। জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মেডিটাইম হেল্থকেয়াৰে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰাৰ বিপৰীতে জি আৰ ডি ফাৰ্মাচিউটিকেলছে লাভ কৰিছিল হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা। গুৰুত্বপূৰ্ণ কথাটো হ’ল – ৬৫ শতাংশ অধিক দৰত পি পি ই কীট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজক ৷ কিন্তু ঠিকা লাভ কৰিও পি পি ই কীট যোগানত ব্যৰ্থ হ’ল ৰিণিকি ভূঞা শৰ্মা ৷ সময়মতে পি পি ই কীট যোগান ধৰিব নোৱাৰিলে ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠানেও ৷ তাৰ পাছতো ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধানুকালৈ অহেতুক দৰদ দেখুৱালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৷ কোভিডকালত ঠিকা আবণ্টনৰ নামত চলা এনে অনেক অনিয়ম আৰু বেমেজালিৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেন্ট ‘ আৰু ‘দ্য ৱায়াৰ’ৰ বিশেষ অনুসন্ধানত ৷

চৰকাৰী নিৰ্দেশৰ পূৰ্বেই ৰিণিকি -ধানুকাৰ প্ৰতিষ্ঠানক জৰুৰীকালীন যোগানৰ ঠিকা

কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল দেশজোৰা লকডাউন ৷ এই ঘোষণাই সমগ্ৰ দেশতেই এক জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰে ৷ দ্য ক্ৰছকাৰেন্টে এন এইচ এম অসম আৰু আছাম মেডিকেল চাৰ্ভিছ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা লাভ কৰা আৰ টি আই তথ্য অনুসৰি ,২০২০ চনৰ ২৪ মাৰ্চৰ পৰা হোৱা লকডাউনৰ প্ৰেক্ষাপটত অসম চৰকাৰে কোভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কোভিড প্ৰতিৰোধী সামগ্ৰী ,টেষ্ট কীট আদি ক্ৰয় কৰিবলৈ তাৎক্ষণিকভাৱে ‘জৰুৰীকালীন যোগান নিৰ্দেশ’ ৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩ মাৰ্চত জাৰি কৰা HLA.275/2020/03 নং কাৰ্যালয় স্মাৰক অনুসৰি জৰুৰীকালীন ক্ৰয়ৰ বাবে সমিতিসমূহ গঠন কৰা হৈছিল ৷ কিন্তু আৰ টি আই তথ্যত ওলাই পৰিল যে ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পূৰ্বেই জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰিছিল জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মেডিটাইম হেল্থকেয়াৰ নামৰ প্ৰতিষ্ঠান দুটাই ৷

crosscurrent_rti_covid_files_assam
অসম চৰকাৰৰ জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত

 

জে চি বি ইণ্ডাষ্ট্ৰীজৰ ঠিকনা – ইণ্ডাষ্ট্ৰীয়েল ইষ্টেট , বাইলেন নম্বৰ ৪ (২বি),বামুনীমৈদাম , গুৱাহাটী ৷ এই ফাৰ্মখন হ’ল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ৷ ২০১০ চনৰ ১২ অক্টোবৰত জে চি বি ইণ্ডাষ্ট্ৰীজৰ হৈ ৰিণিকি ভূঞা শৰ্মা আৰু এ আই আই ডি চিৰ মাজত ছেড গ্ৰহণ কৰাৰ যাৱতীয় চুক্তি সম্পন্ন হৈছিল ৷ তদুপৰি,হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি ৰিণিকি ভূঞা শৰ্মাৰ PAN নম্বৰ হ’ল- AVVPS6207P ৷ ভাৰত চৰকাৰৰ জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি এই PAN নম্বৰৰ লগত সংলগ্ন হৈ আছে এটা জি এছ টি নম্বৰ – 18AVVPS6207P1ZG ৷ এই জি এছ টি নম্বৰটো হ’ল ৰিণিকি ভূঞা শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজৰ ৷ গতিকে, জে চি বি ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই হয় , সেয়া ইয়াৰ পৰাই স্পষ্ট হৈ পৰে ৷

gst_number_jcb
GST পোৰ্টেলৰ মতে জে চি বি ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মা

 

ইফালে , ভাৰত চৰকাৰৰ জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি , মেডিটাইমৰ জি এছ টি নম্বৰ হ’ল 18AATFM2250M1ZR৷ ঠিকনা – ২১১, ব্লক এ, ধানুকা কমপ্লেক্স, এছ জে ৰোড , আঠগাঁও , কামৰূপ-৭৮১০০১ ৷ উল্লেখযোগ্য যে , ভূমি কেলেংকাৰি সংঘটিত কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰো ঠিকনা- ২১১, ব্লক এ, ধানুকা কমপ্লেক্স, এছ জে ৰোড , আঠগাঁও , কামৰূপ-৭৮১০০১৷ আৰ বি এছ ৰিয়েল্টৰ্ছৰ বৰ্তমান অন্যতম সঞ্চালক হ’ল অশোক কুমাৰ ধানুকা ৷ এই কোম্পেনীটোত সম্প্ৰতি সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷ আজিৰ তাৰিখতো ধানুকা আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ব্যৱসায়িক সহযোগী ৷ অশোক কুমাৰ ধানুকাৰ পুত্ৰ হ’ল ঘনশ্যাম ধানুকা ৷ এন এইচ এমৰ ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমত উপলব্ধ তথ্য অনুসৰি , মেডিটাইল হেল্থকেয়াৰৰ দায়িত্বত আছে ঘনশ্যাম ধানুকা ৷

এই বিষয়ে সবিশেষ পঢ়িবলৈ এই লিংকত ক্লিক কৰক-বে আাইনী , অবৈধ : সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পেনীৰ বৃহৎ ভূমি কেলেংকাৰি

এইদৰে কেৱল ৰিণিকি ভূঞা শৰ্মাই নহয় লকডাউনৰ পূৰ্বেই এন এইচ এমৰ পৰা পি পি ই কীট যোগানৰ জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাৰ মেডিটাইম হেল্থকেয়াৰে ৷ চিকিৎসা সামগ্ৰী যোগানৰ পূৰ্বৰ অভিজ্ঞতা নথকা ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজক এন এইচ এমে দিছিল কোভিড প্ৰতিৰোধী সামগ্ৰীৰ জৰুৰীকালীন যোগানৰ ঠিকা ৷

 

৬৫ শতাংশ অধিক দৰত ৰিণিকি ভূঞা শৰ্মাক পি পি ই কীটৰ ঠিকা

এন এইচ এমে ১৮ মাৰ্চ ,২০২০ত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজক ৫০০০ পি পি ই কীট যোগান ধৰিবলৈ দিছিল ৷ জৰুৰীকালীন যোগানৰ নিৰ্দেশত প্ৰতিটো পি পি ই কীট ৯৯০ টকা দৰত মুঠ ৪৯ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত যোগান ধৰিবলৈ দিয়া হৈছিল ৷ আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডে দিয়া আৰ টি আই তথ্যতে উল্লেখ কৰে যে ২০২০ চনৰ ১৮ মাৰ্চৰ দিনটোতে নৰ্থ ইষ্টাৰ্ণ চাৰ্জিকেল ইণ্ডাষ্ট্ৰীজক ৬০০ টকা দৰত ১৭৯০ টা পি পি ই কীট যোগানৰ ঠিকা প্ৰদান কৰিছিল ৷ কেৱল সেয়াই নহয় , ৬০০ টকা দৰতে প্ৰতিষ্ঠানটোৱে সময়মতে পি পি ই কীট যোগানো ধৰিছিল ৷ অৰ্থাৎ একেটা দিনতে নৰ্থ ইষ্টাৰ্ণ চাৰ্জিকেল ইণ্ডাষ্ট্ৰীজতকৈ ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ৩৯০ টকা অধিক দামত পি পি ই কীট যোগানৰ ঠিকা আবণ্টন দিয়া হৈছিল ৷ শতাংশ হিচাপত ১৮ মাৰ্চ,২০২০ৰ দিনটোত আন প্ৰতিষ্ঠানতকৈ ৬৫ শতাংশ অধিক দামত পি পি ই কীট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক ৷ আনহাতে , ২০২১ চনৰ ৩০ ছেপ্তেম্বৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালত প্লাষ্টি চাৰ্জ ইণ্ডাষ্ট্ৰীজক ২৫০ টকা দৰত ৩০ হাজাৰটা পি পি ই কীট যোগানৰ ঠিকা দিয়া হৈছিল ৷ অৰ্থাৎ , প্লাষ্টি চাৰ্জ ইণ্ডাষ্ট্ৰীজতকৈ ২৯৬ শতাংশ অধিক দৰত পি পি ই কীট যোগান ধৰিছিল ৰিণিকি ভূঞা শৰ্মাই ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, অত্যাধিক দামত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিও সঠিক সময়ত যোগান নধৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷

jcb_procurement_order
ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানক পি পি ই কীট যোগানৰ বাবে দিয়া নিৰ্দেশ

 

জীৱন ৰক্ষাকাৰী কোভিড প্ৰতিৰোধী সামগ্ৰী সময়ত যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা, ঘনশ্যাম ধানুকা

এন এইচ এম আৰু আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ৩ মাৰ্চ, ২০২২ ত লাভ কৰা আৰ টি আই তথ্যত উল্লেখ কৰা মতে , ‘ অসম চৰকাৰে তাৎক্ষণিকভাৱে দিয়া জাননী অনুসৰি , ২০২০ চনৰ ২৪ মাৰ্চৰ পৰা দেশজুৰি বলবৎ হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক , জিলা আৰু চিকিৎসা মাহাবিদ্যালয় পৰ্যায়ৰ ক্ৰয় সমিতিয়ে উপলব্ধ সকলো উৎসৰ পৰা নমিনেশ্যন , কোটেশ্যন , টেণ্ডাৰিঙৰ জড়িয়তে জৰুৰীকালীন ক্ৰয় (emergency procurement)কৰিব পাৰিব ৷’ লকডাউনৰ প্ৰেক্ষাপটত এক আতংকময় পৰিস্থিতিৰ কথা উল্লেখ কৰি কোৱা হৈছে যে মানুহৰ জীৱন ৰক্ষা আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিকভাৱে বেছিভাগ ক্ৰয়েই মনোনয়নৰ ভিত্তিত বা বজাৰ সমীক্ষা কৰি ক্ৰয় কৰা হৈছিল ৷
কিন্তু দ্য ক্ৰছকাৰেন্টে ২৯ মাৰ্চ ,২০২২ ত এন এইচ এমৰ পৰা লাভ কৰে আন এক আৰ টি আই তথ্য ৷ এই তথ্যত আছিল ১৪ টা নিৰ্দিষ্ট যোগানৰ নিৰ্দেশ আৰু আনুসংগিক নথি ৷ তথ্য অনুসৰি , ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজক ১৮ মাৰ্চ,২০২০ ত ৫ হাজাৰ পি পি ই কীট , ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমক ২২ মাৰ্চ ২০২০ত ১০ হাজাৰ আৰু ২৩ মাৰ্চ, ২০২০ ত পুণৰ ১০ হাজাৰ পি পি ই কীট যোগানৰ নিৰ্দেশ দিয়া হৈছিল ৷ এই তিনিওটা নিৰ্দেশ আছিল জৰুৰীকালীন যোগানৰ ৷ ইয়াৰ বাবে কোনো নিবিদা আহ্বান কৰা হোৱা নাছিল ৷ কিন্তু ২৫ মাৰ্চৰ পৰাহে জৰুৰীকালীন ক্ৰয়ৰ নিৰ্দেশ দিয়া হৈছিল ৷
জে চি বি ইণ্ডাষ্ট্ৰীজক ১৮ মাৰ্চত দিয়া NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12300 নং আৰজেন্ট চাপ্লাই অৰ্ডাৰ(urgent supply order)ত ১০০০ টা পি পি ই কীট ১৯ মাৰ্চত আৰু ৪০০০ টা পি পি ই কীট ২৩ মাৰ্চৰ ভিতৰত যোগান ধৰাৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু ৰিণিকি ভূঞা শৰ্মাই পি পি ই কীট যোগানৰ ঠিকা লাভ কৰে যদিও কেৱল ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰে ৷ যাৰ বাবে এন এইচ এমৰ সঞ্চালক ড: লক্ষ্মননে ৪ এপ্ৰিল ,২০২০ তাৰিখৰ NHM-18012/3/2020/PROC-NHM/ECF/137250/328 নং অৰ্ডাৰৰ জড়িয়তে জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া চাপ্লাই অৰ্ডাৰ বাতিল কৰে ৷ বাতিলৰ নিৰ্দেশত কোৱা হয় যে ,” আপোনাৰ কোম্পেনী মেচাৰ্চ জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া ৫০০০ কভাৰ অল প্ৰটেকশ্যন কীট যোগানৰ নিৰ্দেশৰ বিপৰীতে আপুনি কেৱল ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিছে ৷ এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে ক’ৰোনা সংক্ৰমিত লোকৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় জীৱনৰক্ষা কাৰী কভাৰ অল প্ৰটেকশ্যন কীট সময়মতে যোগান ধৰিব নোৱাৰা বাবে আপোনাৰ যোগানৰ নিৰ্দেশ বাতিল কৰা হ’ল ৷”

jcb_cancel_purchase_order_covid
PPE Kit যোগান যোগান ধৰিব নোৱাৰাত ৰিণিকি ভূঞা শৰ্মাৰ ঠিকা বাতিল

২২ মাৰ্চ, ২০২০ত NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12319 নম্বৰৰ জৰুৰী নিৰ্দেশৰ জৰিয়তে ধানুকাৰ মেডিটাইম হেল্থকেয়াৰক ১০ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা প্ৰদান কৰা হয়। তাৰ পাছদিনাই অৰ্থাত্ ২৩ মাৰ্চ, ২০২০ৰ NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12339 নম্বৰৰ আৰ্জেন্ট চাপ্লাই অৰ্ডাৰ(urgent supply order)ৰ জৰিয়তে আকৌ ধানুকাৰ প্ৰতিষ্ঠানক জৰুৰীকালীনভাৱে ১০ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা দিয়া হৈছিল । দুয়োটা যোগানৰ নিৰ্দেশত ২৭ মাৰ্চ,২০২০ ৰ ভিতৰত ৫ হাজাৰটা আৰু ৩১ মাৰ্চৰ ভিতৰত ৫ হাজাৰটাকৈ পি পি ই কীট যোগানৰ চৰ্ত উল্লেখ কৰা হয় ৷ অৰ্থাত্ মুঠ ২০ হাজাৰ পি পি ই কীট জৰুৰীকালীনভাৱে যোগানৰ ঠিকা লাভ কৰে ঘনশ্যাম ধানুকাই। কিন্তু ধানুকাইও সময়মতে পি পি ই কীট যোগানত ব্যৰ্থ হয় ৷ তেওঁ মাত্ৰ ১০৩৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সমৰ্থ হয় ৷ যাৰ বাবে তেওৰ যোগানৰ নিৰ্দেশ বাতিল কৰা হয় ৷ এন এইচ এমৰ মিছন সঞ্চালক ডঃ লক্ষ্মননে ২০২০ চনৰ ৩ এপ্ৰিলত দিয়া NHM-18012/3/2020/PROC-NHM/ECF/139106 /12650-P নং নিৰ্দেশ মৰ্মে মেডিটাইমৰ ২২ আৰু ২৩ মাৰ্চ, ২০২০ৰ চাপ্লাই অৰ্ডাৰ বাতিল কৰে ৷

ppe_kit_dhanuka_order
ধানুকাক পি পি ই কীট যোগানৰ জৰুৰীকালীন নিৰ্দেশ

কোভিডক লৈ হেতালি খেলা ৰিণিকি ভূঞা শৰ্মা , ধানুকাৰ প্ৰতিষ্ঠানলৈ এন এইচ এমৰ অহেতুক দৰদ

যিসময়ত কোভিডক লৈ সামান্যতম অসাৱধানতা দেখুৱালেই নাগৰিকক শাস্তি বিহা হৈছিল , একেটা সময়ত কোভিডক লৈ চূড়ান্ত দায়িত্বজ্ঞানহীন আচৰণ কৰিছিল ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠানে ৷ এহাতে , তেওঁলোকে অসম চৰকাৰৰ জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্তৰ পূৰ্বেই জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰিছিল। আনহাতে ঠিকা লাভ কৰিও সময়মতে যোগান ধৰিব পৰা নাছিল কোভিড প্ৰতিৰোধী পি পি ই কীট ৷ কিন্তু জীৱন ৰক্ষাকাৰী কোভিড প্ৰতিৰোধী সামগ্ৰী সময়ত যোগানত ব্যৰ্থ হৈও কোনোধৰণৰ শাস্তিৰ সন্মুখীন নহ’ল ৰিণিকি ভূঞা শৰ্মা আৰু ঘনশ্যাম ধানুকা ৷ তাৰ সলনি লাভ কৰিলে অহেতুক দৰদ ৷
চাপ্লাই অৰ্ডাৰ অনুসৰি সময়মতে পি পি ই কীট যোগান ধৰিব নোৱাৰা জে চি বি ইণ্ডাষ্ট্ৰীজৰ ক্ষেত্ৰত সংঘটিত হয় অসমৰ ইতিহাসত এক নোহোৱা নোপোজা ঘটনা ৷ ২৩ মাৰ্চ,২০২০ৰ ভিতৰত ৫ হাজাৰটা পি পি কীট যোগানৰ নিৰ্দেশ দিয়া হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানক ৷ সময়মতে যোগান ধৰিব নোৱাৰাৰ বাবে ক্ৰয়ৰ নিৰ্দেশ বাতিল কৰা হৈছিল ৷ এই নিৰ্দেশত কোৱা হৈছিল যে জে চি বি ইণ্ডাষ্ট্ৰীজে মাত্ৰ ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ৰহস্যজনকভাৱে , জে চি বি ইণ্ডাষ্ট্ৰীজে ২৬ মাৰ্চ, ২০২০ত এন এইচ এমক ১৪৮৫ টা পি পি ই কীট কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ অধীনত দান কৰা বুলি পত্ৰযোগে অৱগত কৰে ৷এন এইচ এমেও ২৭ মাৰ্চত ইয়াৰ প্ৰাপ্তি স্বীকাৰ কৰে ৷ কিন্তু ইয়াৰ পাছতো মিছন সঞ্চালকে ৪ এপ্ৰিলত জে চি বি ইণ্ডাষ্ট্ৰীজক যোগানৰ নিৰ্দেশ বাতিল কৰি দিয়া পত্ৰই গভীৰ ৰহস্যৰ সৃষ্টি কৰে ৷
উল্লেখযোগ্য যে পত্নীৰ প্ৰতিষ্ঠানে পি পি ই কীট যোগানৰ ঠিকা আৰু সময়মতে যোগান ধৰিব নোৱাৰা সকলো কথা হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে হৈছিল ৷ কিয়নো , যোগানৰ নিৰ্দেশ আৰু বাতিলৰ নিৰ্দেশৰ প্ৰতিলিপি তেতিয়াৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ ব্যক্তিগত সচিবলৈ প্ৰেৰণ কৰা হৈছিল ৷ পূৰ্বৰ চিকিৎসা সামগ্ৰী যোগানৰ অভিজ্ঞতা নথকা এটা প্ৰতিষ্ঠানক পি পি ই কীট যোগানৰ জৰুৰীকালীন নিৰ্দেশ কিয় দিয়া হৈছিল , সেয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷
আনহাতে,২০২০ চনৰ ২২ মাৰ্চ আৰু ২৩ মাৰ্চত ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমে ১০ হাজাৰকৈ মুঠ ২০ হাজাৰটা পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু মুঠ ২০ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা ধানুকাৰ মেডিটাইমে যোগান ধৰে কেৱল ১০৩৫ টা পি পি কীট ৷ ৩ এপ্ৰিল , ২০২০ ত মেডিটাইমে নতুন এক প্ৰস্তাৱহে এন এইচ এমৰ ওচৰত দাঙি ধৰে ৷ ধানুকাৰ প্ৰতিষ্ঠানে প্ৰথমতে অৰ্থাৎ ২২ মাৰ্চ আৰু ২৩ মাৰ্চ ,২০২০ত ৯৯০ টকা দৰত পি পি ই কীট যোগানৰ নিৰ্দেশ লাভ কৰিছিল ৷ কিন্তু ৩ এপ্ৰিলত তেওঁলোকে জনায় যে ৯৯০ টকা দৰত নহয় , জি এছ টি বাদ দি ১৫০০ টকা দৰতহে তেওলোকে পি পি ই কীট যোগান ধৰিব পাৰিব ৷ সেই দিনাই এন এইচ এমেও ধানুকাৰ প্ৰস্তাৱ মানি লয় ৷ বৰ্ধিত দামত পি পি ই কীট যোগানৰ এই নিৰ্দেশত ধানুকাক দিয়া হয় অন্য এক সুবিধা ৷ এন এইচ এমৰ নাৰেংগীৰ ৱেৰহাউচৰ সলনি নতুন দিল্লীৰ অসম ভৱনত অৱশিষ্ট ১৮৯৬৫ টা পি পি কীট যোগানৰ সুবিধা দিয়া হয় ৷ নাৰেংগীৰ পৰিৱৰ্তে দিল্লীৰ অসম ভৱনত কোভিড সামগ্ৰী যোগানৰ সুবিধা লাভ কৰা একমাত্ৰ প্ৰতিষ্ঠানটোৱে হ’ল ধানুকাৰ মেডিটাইম ৷

crosscurrent-assam_covid_files
দিল্লীৰ অসম ভৱনত পি পি ই কীট যোগানৰ বিশেষ সুবিধা ধানুকাৰ

 

১৬৮০ টকা দৰত ধানুকাই যোগান ধৰিলে ৬৬,০৩৫ টা পি পি ই কীট

আছাম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেশ্যন লিমিটেডে দ্য ক্ৰছকাৰেন্টক দিয়া তথ্য অনুসৰি মেডিটাইম নামৰ প্ৰতিষ্ঠানটোৱে ১০ কৌটি ৮৪ লাখ ৮৫ হাজাৰ ৮৫০ টকাৰ পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ ভাৰত চৰকাৰৰ জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি , মেডিটাইমৰ স্বত্বাধিকাৰী হ’ল ঘনশ্যাম দাস ধানুকা ৷ প্ৰতিষ্ঠানটোৰ ঠিকনা – ২১১, ব্লক এ, ধানুকা কমপ্লেক্স, এছ জে ৰোড , আঠগাও , কামৰূপ-৭৮১০০১ ৷ এন এইচ এমৰ পৰা লাভ কৰা প্ৰকিউৰমেন্ট অৰ্ডাৰ অনুসৰি ,মেডিটাইমে ২০২০ চনৰ ২২ মাৰ্চত ৯৯০ টকা দৰত ১০৩৫ টা , ৩ এপ্ৰিলত ১৬৮০ টকা দৰত ১৮৯৬৫ টা , ৯ এপ্ৰিলত ১৬৮০ টকা দৰত ২০ হাজাৰটা , ১১ এপ্ৰিলত ১৬৮০ টকা দৰত ২৫ হাজাৰটা পি পি ই কীট এন এইচ এমক যোগান ধৰিলে ৷ নৰ্থ ইষ্ট চাৰ্জিকেল ইণ্ডাষ্ট্ৰীজৰ ৬০০ টকা দৰৰ পি পি কীটতকৈ ধানুকাৰ মেডিটাইমে যোগান ধৰা পি পি ই কীটত প্ৰতিটোৰ দাম ৬৯০ টকা বেছি ৷ প্ৰথমাৱস্থাত সময়মতে পি পি কীট যোগান ধৰিব নোৱাৰা ঘনশ্যাম ধানুকাক কিয় ১০.৮৪ কৌটি টকাৰ পি পি ই কীট যোগান ধৰিবলৈ দিয়া হ’ল , সেয়াও এক গভীৰ ৰহস্যৰ বিষয় ৷

ppe_kit_assam_covid_files
৯৯০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি ধানুকাৰ পি পি ই কীটৰ দৰ

 

দ্য় ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰে যুটীয়াভাৱে এন এইচ এমক পি পি ই কীট ক্ৰয় সন্দৰ্ভত ১৫ মে’, ২০২২ত এলানি প্ৰশ্ন প্ৰেৰণ কৰিছে। এই প্ৰশ্নসমূহত মেডিটাইম হেল্থকেয়াৰে নতুন দিল্লীৰ অসম ভৱনত যোগান ধৰা পি পি ই কীটৰ অসমলৈ কৰা পৰিবহন ব্য়য় কোনে বহন কৰিছিল, এই সন্দৰ্ভতো সোধা হৈছে। নৰ্থ ইষ্টাৰ্ণ ছাৰ্জিকেল ইণ্ডাষ্ট্ৰীজতকৈ বহু বেছি দামত জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মেডিটাইম হেল্থকেয়াৰক পি পি ই কীট যোগানৰ ঠিকা আবণ্টন কৰা হৈছিল। নৰ্থ ইষ্টাৰ্ণ ছাৰ্জিকেল ইণ্ডাষ্ট্ৰীজক একে দৰত পি পি ই কীট যোগান ধৰিব পাৰিবনে নাই, এই সন্দৰ্ভত এন এইচ এমে যোগাযোগ কৰিছিলনে- এন এইচ এমক এই প্ৰশ্নও সোধা হৈছে। নিৰ্দেশ অনুসৰি পি পি ই কীট যোগানত ব্যৰ্থ জে চি বি ইণ্ডাষ্ট্ৰীজে যোগান ধৰা পি পি ই কীট কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ অধীনত দান কৰা বুলি কোৱা হৈছে। এইক্ষেত্ৰত কি প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছিল, এই প্ৰশ্নও এন এইচ এমলৈ প্ৰেৰণ কৰা হৈছে। এন এইচ এমক পি পি ই কীটৰ কোৱালিটী টেষ্ট কৰা হৈছে নে নাই, এই সন্দৰ্ভতো প্ৰশ্ন প্ৰেৰণ কৰা হৈছে। ১৫ মে’তেই প্ৰেৰণ কৰা প্ৰশ্নাৱলীৰ উত্তৰ এই প্ৰতিবেদন যুগুত কৰালৈকে লাভ কৰা হোৱা নাই। এই সন্দৰ্ভত এন এইচ এমৰ পৰা উত্তৰ লাভ কৰিলে পৰৱৰ্তী সময়ত এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হ’ব।

Leave A Reply

Your email address will not be published.