সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ

চীনৰ পৰা পোনপটীয়াকৈ ৫০ হাজাৰ পি পি ই কীট ক্ৰয়ৰ প্ৰসংগৰে এক সুকীয়া ভাৱমূৰ্তি নিৰ্মাণ কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMয়ে ক’লে- চীনৰ পৰা কোনো পি পি ই কীট কিনাই হোৱা নাছিল। এই বিষয়ে কোনো কথাই নাজানে এন এইচ এমে। দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত এই তথ্য সদৰী কৰিছে NHM-এ ৷

crosscurrent
                                                          ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বৰঝাৰ বিমানবন্দৰত হিমন্ত বিশ্ব শৰ্মা

- Donation -

দিনটো আছিল ১৫ এপ্ৰিল, ২০২০ ৷ অসমত তেতিয়ালৈকে ৩২ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি ৷ সেইদিনা  নিশা বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ৷ চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পি পি ই কীট নিজে সংগ্ৰহ কৰিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ সংবাদমাধ্যমৰ আগত তেওঁ সগৌৰৱে ঘোষণা কৰে যে নিজাববীয়াকৈ চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা অসমেই হৈছে প্ৰথমখন ৰাজ্য ৷ কিন্তু তাৰ দুবছৰ পাছত চীনৰ পৰা পি পি ই কীট ক্ৰয় সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে  সদৰী কৰিছে এক চাঞ্চল্যকৰ তথ্য ৷ কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰাৰ দায়িত্বত থকা চৰকাৰী সংস্থা এন এইচ এমে এক আৰ টি আই আবেদনৰ উত্তৰত স্পষ্টকৈ উল্লেখ কৰিছে যে এন এইচ এমে চীনৰ পৰা কোনো ধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই ৷ এন এইচ এমৰ এই উত্তৰে চীনৰ পৰা পি পি কীট ক্ৰয়ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে ৷ কিয়নো কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ দাবী অধিক শক্তিশালী কৰি তুলিছিল ৷ অথচ ডঃ শৰ্মাৰ সেই কৃতিত্বক লৈ এতিয়া সৰ্বত্ৰ সন্দেহ আৰু ৰহস্যৰ সৃষ্টি হৈছে ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে বিগত  ১০ মে’ত খানাপাৰাত এখন বিশাল জনসভা সম্বোধন কৰিলে  গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিগত বৰ্ষত সেই  সময়ছোৱাতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পদবীৰ সবল দাবীদাৰ হৈ উঠিছিল আৰু ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই লৈছিল মুখ্যমন্ত্ৰিত্বৰ শপত ৷ তাৰ আগলৈকে মুখ্যমন্ত্ৰীৰ আসনত আছিল সৰ্বানন্দ সোণোৱাল আৰু নিৰ্বাচনতো বিজেপি দলে এক মসৃণ বিজয় সাব্যস্ত কৰিছিল ৷ কিন্তু জনসাধাৰণৰ মাজত হিমন্ত বিশ্ব শৰ্মাক লৈ গঢ় লৈছিল এক সুকীয়া ধাৰণা ৷ কোভিড বিৰোধী যুঁজখনক সন্মুখৰ পৰা সফলভাৱে নেতৃত্ব দিয়াৰ এটা ধাৰণা জনসাধাৰণৰ মাজত বিয়পি পৰিছিল ৷ অসমৰ লগতে দেশৰ টেলিভিছন আৰু সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ ‘কৃতিত্ব’ৰ বিষয়ে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল ৷ য’ত হিমন্ত বিশ্ব শৰ্মাক মাজনিশা দেখা গৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত চীনৰ পৰা আহি পোৱা ৫০ হাজাৰ পি পি ই কীট তেওঁ নিজে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ সংগ্ৰহ কৰিছিল  ৷ চীনৰ পৰা আহি পোৱা কাৰ্গো বিমানৰ সন্মুখত থিয় হৈ তেওঁ দুখন ফটো উঠিছিল ৷ টুইটাৰত সেই ফটো আপলোড কৰি ডঃ শৰ্মাই এয়া ‘উল্লাসৰ কাৰণ ‘ হিচাপে অভিহিত কৰিছিল ৷

 

ডঃ হিমন্ত বিশ্ব শৰ্মা মাজনিশা নিজে বিমানবন্দৰত উপস্থিত হোৱা দৃশ্য সংবাদমাধ্যমত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল ৷  নিজে সেইদিনা সংবাদমাধ্যমৰ আগত ডঃ শৰ্মাই কৈছিল ,’ভাৰত চৰকাৰে চীনৰ পৰা ১.৭০ লাখতকৈ অধিক পি পি ই কীট ক্ৰয় কৰিছে ৷ অসমেও চীনৰ গুৱাঙহোৰ পৰা ক্ৰয় কৰিছে ৫০ হাজাৰ পি পি ই কীট ৷ সম্ভৱতঃ এখন ৰাজ্যই নিজৰ বাবে এইদৰে পি পি ই কীট ক্ৰয় কৰাৰ এইটোৱে প্ৰথম ঘটনা ৷’

নিশা সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত তেও ঘোষণা কৰিছিল যে এই পি পি ই কীটখিনি আহি পোৱাৰ লগে লগে অসমৰ এটা ডাঙৰ অভাৱ পূৰণ হ’ল ৷ এইখিনি অতি উচ্চ মানদণ্ডৰ পি পি কীট ৷ যাক ভাল কামত ব্যৱহাৰ কৰিব পৰা যাব ৷ (Video Courtesy: News Live)

অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যৰ প্ৰশংসা কৰি ‘ইণ্ডিয়া টুডে’ত লিখা হৈছিল এইদৰে, ‘যিসময়ত বিশ্বত কাৰ্গো পৰিবহণ সীমিত হৈ পৰিছে, বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত পি পি ই কীটৰ চাহিদা বৃদ্ধি পাইছে , তেনেসময়ত এখন ৰাজ্যই চৰকাৰী নিয়ম অতিক্ৰমি পোনপটীয়াকৈ পি পি ই কীট ক্ৰয় কৰাটো সীমাৰ পৰিধি অতিক্ৰম কৰা চিন্তা ৷’

সেইবাবেই এই বিষয়টোক গুৰুত্বসহকাৰে লৈ চীনৰ পৰা অহা ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ওচৰত এখন আবেদন দাখিল কৰা হৈছিল ৷কাৰণ কোভিডৰ মোকাবিলা কৰিবলৈ পি পি ই কীটৰ পৰা আৰম্ভ কৰি সকলো ক্ৰয়- বিক্ৰয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তেই কৰা হৈছিল ৷ বিগত ১০ মাৰ্চত  দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰি কয়,’এন এইচ এম, অসমে কেতিয়াও কোনো পৰিস্থিতিত চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা নাই ৷’ একেটা উত্তৰতে এন এইচ এম, অসমে উল্লেখ কৰে,’এন এইচ এম অসমে কেৱল দেশৰ ভিতৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা পি পি ই কীট ক্ৰয় কৰিছে ৷ সেইবাবে পি পি ই কীট ক্ৰয় কৰিবলৈ কোন ব্যক্তিয়ে দেশৰ বাহিৰলৈ ধন প্ৰেৰণ কৰিছে , তাৰ কোনো তথ্য নাই ৷’

                                                                       The Crosscurrentক NHM-এ দিয়া RTI উত্তৰৰ প্ৰতিলিপি

চীনৰ পৰা পি পি ই কীট ক্ৰয়ৰ বিষয়ে এন এইচ এমে অজ্ঞতা  প্ৰকাশ কৰাৰ বিপৰীতে ২০২০ ৰ ১৭ এপ্ৰিলত ‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত এটা বাতৰিৰ শিৰোনাম আছিল – ‘হাও হিমন্ত বিশ্ব শৰ্মা ব্ৰোক ৰুলছ টু বাই পি পি কীট ফ্ৰম চাইনা ৷’ অৰ্থাৎ ‘চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰিবলৈ কিদৰে হিমন্ত বিশ্ব শৰ্মাই নিয়ম ভাঙিলে ? ‘বাতৰিটোত লিখা হৈছিল-‘ অসম চৰকাৰে ৫০ হাজাৰ পি পি কীটৰ বাবে দিল্লীস্থিত যোগানকাৰীক ২৯ মাৰ্চত অৰ্ডাৰ দিছিল ৷’  কিন্তু এন এইচ এমে অসম চৰকাৰে পি পি ই কীট ক্ৰয়ৰ তথ্য সন্নিবিষ্ট যি আৰ টি আই উত্তৰ প্ৰদান কৰিছে, তাত ১৮ মাৰ্চ, ২০২০ৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈ ৫০ হাজাৰ পি পি ই কীট যোগানৰ কোনো তথ্যই উল্লেখ নাই ৷

ইয়াৰ মাজত ২০২০ চনৰ ২৮ মাৰ্চত এম বি ট্ৰেডাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা ৯৫১.০৮ টকা দৰত ১০ হাজাৰ পি পি ই কীট ক্ৰয়ৰ তথ্য  পোৱা গ’ল ৷ তাৰ পৰৱৰ্তী ২৯ মাৰ্চত  দিল্লীস্থিত প্ৰতিষ্ঠানক ৫০ হাজাৰ পি পি ই কীট যোগান ধৰিবলৈ দিয়া বুলি ‘ইণ্ডিয়া টুডে’ত যিদৰে লিখা হৈছিল, তেনে কোনো তথ্য আৰ টি আই উত্তৰত পোৱা নগ’ল ৷

Crosscurrent
                                                                ২৮ মাৰ্চ, ২০২০ত M.B. Tradersৰ পৰা PPE-Kit ক্ৰয় কৰাৰ তথ্য

‘ইণ্ডিয়া টুডে’ৰ বাতৰিত উল্লেখ কৰাৰ দৰে দিল্লীস্থিত প্ৰতিষ্ঠানক দিয়া যোগানৰ নিৰ্দেশৰ  প্ৰতিলিপিও এন এইচ এমৰ পৰা আৰ টি আই যোগে দ্য ক্ৰছকাৰেন্টে বিচাৰিছিল ৷  নিৰ্দিষ্ট প্ৰকিউৰমেন্ট অৰ্ডাৰৰ প্ৰতিলিপি বিচৰাত এন এইচ এমে অধিক তথ্যৰ বাবে দ্য ক্ৰছকাৰেন্টক প্ৰতিষ্ঠানটোৰ নাম উল্লেখ কৰিবলৈহে কয় ৷

‘ইণ্ডিয়া টুডে’ৰ উক্ত প্ৰতিবেদনত চীনৰ পৰা পি পি ই কীট ক্ৰয়ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে  বিস্তৃতভাৱে উল্লেখ কৰা হৈছিল ৷ বাতৰিটোত লিখা অনুসৰি-‘ যোগানকাৰীয়ে ১৫ কৌটি টকাৰ এই অৰ্ডাৰ ঠিকেই গ্ৰহণ কৰিলে ৷ কিন্তু এটা চৰ্তত ৷ সেয়া হ’ল- সমুদায় ধন আগতীয়াকৈ আদায় দিব লাগিব ৷ অথচ নিয়ম অনুসৰি চৰকাৰে  কেতিয়াও আগতীয়াকৈ ধন আদায় দিব নোৱাৰে ৷’ সেইবাবেই ডঃ শৰ্মা কেইজনমান ঠিকাদাৰৰ কাষ চাপিল ৷ তেওঁলোকক ১৫ কৌটি টকা দিল্লীৰ যোগানকাৰীক আদায় দিবলৈ ক’লে ৷ লগতে ৫০ হাজাৰ পি পি কীট অসমলৈ আহি পোৱাৰ পাছত বিল মুকলি কৰি সেই ১৫ কৌটি টকা ওভতাই দিয়াৰ কথা হ’ল ৷

চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰাত এই বিশাল পৰিমানৰ ধনৰ লেনদেনৰ কথা নিশ্চিত কৰিবলৈ এন এইচ এমক সোধা প্ৰশ্নৰ উত্তৰত এইদৰে জনালে, ‘এন এইচ এম অসমে কেতিয়াও চীনৰ পৰা পি পি ই কীট ক্ৰয় বা পৰিবহণ কৰা নাই ৷ ইয়াৰ বিনিময়ত কোনো ধনো আদায় দিয়া নাই ৷’ অসম চৰকাৰে চীনৰ পৰা ৫০ হাজাৰ পি পি কীট ক্ৰয় কৰিছে বুলি ক’ব পাৰিনে বুলি সোধা প্ৰশ্নৰ উত্তৰত এন এইচ এমে এইদৰে কয়, ‘চীনৰ পৰা কোনোধৰণৰ পি পি কীট গ্ৰহণ কৰা নাই ৷ যাব বাবে এই বিষয়ৰ কোনো তথ্যও নাই ৷ এন এইচ এমৰ পৰিসৰত নপৰে ৷’

                                                                  দ্য ক্ৰছকাৰেণ্টক NHM-এ দিয়া RTI আবেদনৰ উত্তৰ

২০২০ চনৰ মাজভাগত বিদেশৰ পৰা পি পি ই কীট ক্ৰয় কৰি অনাৰ বাবে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমত প্ৰশংসাৰে ওপচাই দিয়া হৈছিল ৷ ডঃ শৰ্মাই নিজে এয়া অতি উচ্চমানৰ পি পি কীট বুলি অভিহিত কৰিছিল ৷ কিন্তু তাৰপাছতেই সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় যে এই পি পি ই কীটসমূহৰ ভিতৰত বহু নিম্নমানৰ পি পি ই কীট আছে ৷ গতিকে চিকিৎসাজনিত কাৰণত সেয়া ব্যৱহাৰ কৰিব নোৱাৰি ৷ কিয়নো চীনৰ পৰা ভাৰত চৰকাৰে ক্ৰয় কৰা ১.৭০ লাখ পি পি ই কীটৰ ভিতৰত ৫০ হাজাৰ পি পি ই কীট  DRDO( ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন)ৰ গোৱালিয়ৰৰ পৰীক্ষাগাৰৰ গুণগত পৰীক্ষাত উত্তীৰ্ণ নহ’ল ৷

সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি, ভাৰত চৰকাৰে কেৱল CE/FDA চাৰ্টিফাইড পি পি ই কীটহে ক্ৰয় কৰে ৷ কিন্তু চীনৰ পি পি ই কীটসমূহ চাৰ্টিফাইড নাছিল ৷ এই পি পি কীটসমূহ ব্যক্তিগত কোম্পেনীৰ পৰা অনুদান হিচাপেহে লাভ কৰিছিল ভাৰত চৰকাৰে ৷ সেয়ে ইয়াৰ গুণগত মানৰ পৰীক্ষা কৰা হয় ৷ পৰীক্ষাত দেখা গ’ল যে প্ৰায় ৫০ হাজাৰ পি পি ই কীট গুণগত মানসম্পন্ন নাছিল ৷

তাৰ পাছতো  ১৭ এপ্ৰিল, ২০২০ৰ এক সংবাদমেলত ডঃ হিমন্ত বিশ্ব শৰ্মাই  উল্লেখ কৰে যে চীনৰ পি পি ই কীটক লৈ অসমৰ চিকিৎসকসকল সন্তুষ্ট ৷ তেওঁলোকে জানিবলৈ দিছে যে অসমত ব্যৱহাৰ হৈ থকা পি পি ই কীটৰ ভিতৰত এইটোৱে আটাইতকৈ ভাল কীট ৷ (Video Courtesy: North East Live)

 

বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৮ এপ্ৰিল ,২০২০ ত ঘোষণা কৰে,  ‘DRDOৰ পৰীক্ষাৰ পাছত চিকিৎসকসকলে চীনৰ পি পি ই কীট ব্যৱহাৰৰ ক্ষেত্ৰত আশংকা প্ৰকাশ কৰিছে ৷ সেইবাবে যিজন ব্যক্তিয়ে চীনৰ পৰা ৫০ হাজাৰ পি পি কীট আনিছিল, তেওঁৰ গুৱাহাটীস্থিত ষ্ট’ৰত এই পি পি ই কীটসমূহ জমা ৰাখিবলৈ কোৱা হৈছে ৷’

“ আমি ক’লো যে সেইবোৰ আমি তেতিয়াহে ল’ম , যেতিয়া আমাৰ প্ৰয়োজন হ’ব ৷ আমি আমাৰ ডাক্তৰ – নাৰ্ছসকল এইটো সময়ত কোনো উদ্বেগজনক পৰিস্থিতিৰ মাজেৰে পাৰ হোৱাটো নিবিচাৰো ৷ গতিকে , ইয়াৰ বাবে কোনোবাই ধন হেৰুৱাবলগীয়া হ’ব ৷”- এয়া আছিল ড: হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ৷ চীনৰ পৰা পি পি ই কীট ক্ৰয়ক লৈ ১৫ এপ্ৰিলত ডঃ হিমন্ত বিশ্ব শৰ্মাই যি উৎসাহ ব্যক্ত কৰিছিল, গুণগত মানক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পাছতেই বিষয়টোক লৈ তেও দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে ৷ তেওঁ ৰাজ্য চৰকাৰে ইয়াৰ বাবে ধন মুকলি কৰি দিয়াৰ কথাও অগ্ৰাহ্য কৰে ৷

ইফালে, এন এইচ এমক উক্ত পি পি ই কীটসমূহৰ ডেলিভাৰী লৈছিল নেকি বুলিও সোধা হৈছিল ৷ ১০ মাৰ্চত দিয়া উত্তৰত তেওঁলোকে স্পষ্টভাৱে এয়া অগ্ৰাহ্য কৰে ৷ এন এইচ এমে কয় যে এই পি পি ই কীটসমূহ ক’ত, কেনেদৰে আছে, সেই বিষয়ে তেওঁলোকৰ হাতত কোনো তথ্য নাই। এন এইচ এমৰ এই উত্তৰৰ পাছত দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ তৰফৰ পৰা  স্বাস্থ্য আৰু বিত্ত বিভাগক ( পি পি ই কীট ক্ৰয়ৰ সময়ত দুয়োটা বিভাগ আছিল ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত) আকৌ সোধা হৈছে যে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে কোনো এটা বিভাগে দিল্লীৰ এজন যোগানকাৰীক ২৯ মাৰ্চ , ২০২০ ত ৫০ হাজাৰ পি পি ই কীটৰ অৰ্ডাৰ দিছিল নেকি? এন এইচ এমৰ সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা আন এটা ই- মেইলত সোধা হৈছে যে  কোভিড প্ৰতিৰোধী আন  সকলো  সামগ্ৰী এন এইচ এমৰ জড়িয়তেই ক্ৰয় কৰা হৈছিল ৷ তেনেস্থলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীয়ে বহুলভাৱে প্ৰচাৰ চলোৱা এই পি পি ই কীটসমূহ কিয় এন এইচ এমে ক্ৰয় নকৰিলে? এন এইচ এমৰ পৰা উত্তৰ লাভ কৰাৰ পাছতেই সেয়া এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ব ৷

এইদৰেই  চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পি পি কীটৰ বিষয়টো আজিও ৰহস্যৰ আৱৰ্তত আছে ৷ এন এইচ এমে যদি এই পি পি ই কীটসমূহ অৰ্ডাৰ কৰা নাছিল, তেনেহ’লে কোনে সেই অৰ্ডাৰ কৰিছিল, কোন যোগানকাৰীয়ে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰিছিল, পি পি ই কীট ক্ৰয় কৰাৰ ধন কোনে বহন কৰিছিল, বৰ্তমান পি পি কীটসমূহ ক’ত আৰু কাৰ জিন্মাত আছে-সেই বিষয়ে একোয়েই নাজানে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৷ অথচ এন এইচ এমৰ জড়িয়তেই কোভিড প্ৰতিৰোধী সকলো সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় কৰা হৈছিল ৷ এই চৰকাৰী সংস্থাটোক চীনৰ ৫০ হাজাৰ পি পি ই কীট সন্দৰ্ভত অন্ধকাৰত ৰখাটো এক গভীৰ ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈছে ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাজনিশাৰ বিমান বন্দৰৰ ফটো আৰু তেওৰ বক্তব্যক এসময়ত ‘বিৰল কৃতিত্ব ‘ হিচাপে অভিহিত কৰিছিল সমগ্ৰ সংবাদ মাধ্যমে ৷ কিন্তু সেই নিশা তেও চমজি লোৱা পি পি ই কীটসমূহ কোনে যোগান ধৰিছিল, এতিয়া সেই পি পি ই কীট ক’ত আছে, সেই বিষয়ে একোয়েই নাজানে কোভিড প্ৰতিৰোধৰ দায়িত্বত থকা চৰকাৰী সংস্থাই ৷ এতিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ ধনেৰে চীনৰ পৰা  পি পি ই কীট ক্ৰয় কৰিছিল, সেই পি পি ই কীট এতিয়া ক’ত আছে, সেই কথা ৰাজহুৱা কৰিবনে ?

 

Leave A Reply

Your email address will not be published.