সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

• মুখ্যমন্ত্ৰীৰ পত্নী-ধানুকা-ৰাজীৱ বৰাৰ কোম্পেনীত কলকাতাৰ পৰা ৬.১১ কৌটি বিনিয়োগ • কলকাতাৰ কোম্পেনীৰ ঠিকনাত দ্য ৱায়াৰৰ অনুসন্ধান

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ পৰিচয় শেষ নহয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত পোহৰলৈ অহা ৩৩ কৌটি টকীয়া জনসংযোগ কেলেংকাৰিৰো অন্যতম অভিযুক্ত তেওঁ ৷ নাম- ৰাজীৱ কুমাৰ বৰা ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এইগৰাকী প্ৰাক্তন ব্যৱসায়িক সহযোগীকো কোভিডকালত অত্যাধিক দৰত পি পি ই কীট যোগানৰ ঠিকা দিয়াৰ তথ্য দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে ৷ একেটা দিনত আন প্ৰতিষ্ঠানতকৈ ৪০৮ টকা বেছি দৰত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল জনসংযোগ কেলেংকাৰিত অভিযুক্ত ৰাজীৱ কুমাৰ বৰাৰ প্ৰতিষ্ঠানে ৷ কোভিডকালত দ্বিতীয় সৰ্বাধিক দৰত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা ব্যক্তিগৰাকীয়েই হ’ল ৰাজীৱ কুমাৰ বৰা ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল – মুখ্যমন্ত্ৰীৰ পত্নী , ঘনশ্যাম ধানুকা আৰু ৰাজীৱ কুমাৰ বৰাৰ কোম্পেনীত কলকাতাৰ একে স্থানৰ পৰা ধন বিনিয়োগ হোৱাৰ তথ্যও আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে ৷

দ্বিতীয় সৰ্বাধিক দৰত পি পি ই কীটৰ ঠিকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পুৰণি ব্যৱসায়িক সহযোগীক
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ হাতত থকা তথ্য অনুসৰি, এজাইল এছোছিয়েট নামৰ এটা প্ৰতিষ্ঠানক ১০ এপ্ৰিল , ২০২০ত NHM-18012/3/2020/PROC-NHM/ECF/137250/SPO-12670 নং আৰজেন্ট চাপ্লাই অৰ্ডাৰ যোগে ১০ হাজাৰ পি পি ই কীট ২২০০ টকা দামত যোগানৰ নিৰ্দেশ দিয়া হয় ৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হ’ল ৰাজীৱ কুমাৰ বৰা।

- Donation -

crosscurrent
ৰাজীৱ বৰাক ২২০০ টকা দৰত পি পি ই কীটৰ ঠিকা

 

ইফালে ,১০ এপ্ৰিল ২০২০ত এজাইল এছোছিয়েটছে ২২০০ টকা দৰত পি পি ই কীটৰ ঠিকা লাভ কৰাৰ উপৰিও অন্য দুটা প্ৰতিষ্ঠানক পি পি ই কীট যোগানৰ ঠিকা দিয়া হৈছিল ৷ ইয়াৰে দাৰ্জিলিং গাৰ্ডেনছ প্ৰাইভেট লিমিটেডক ১,৭৯২ টকা দৰত ২০ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা দিয়া হৈছিল ৷ অৰ্থাৎ একেটা দিনতে ৰাজীৱ বৰাই আন প্ৰতিষ্ঠানতকৈ ৪০৮ টকাকৈ বেছি দৰত পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ ৰাজীৱ বৰাৰ এজাইল এছোচিয়েট হ’ল দ্বিতীয় সৰ্বাধিক দৰত পিপি ই কীট যোগান ধৰা প্ৰতিষ্ঠান ৷

একেটা দিনতে দাৰ্জিলিং গাৰ্ডেনছক ১৭০০ টকা দৰত পি পি ই কীটৰ ঠিকা

 

ৰিণিকি ভূঞা শৰ্মা-ৰাজীৱ বৰাৰ পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক

জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি, এজাইল এছোচিয়েটছৰ স্বত্বাধিকাৰী হ’ল ৰাজীৱ কুমাৰ বৰা ৷ ঠিকনা -বৰা ভৱন , প্ৰথম মহলা, টি আৰ ফুকন পথ, ভৰলুমুখ , গুৱাহাটী-৭৮১০০৯৷
একেটা ঠিকনাৰ পৰাই এসময়ত পৰিচালনা হৈছিল ৰিণিকি ভূঞা শৰ্মা সঞ্চালক হিচাপে থকা আন এটা কোম্পেনী ৷ কোম্পেনীটো গঠন হৈছিল ২০০৮ চনৰ ২৯ ছেপ্তেম্বৰত ৷ নাম আছিল – ডিজিটেক মেডিয়া এণ্ড এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেড ৷ কোম্পেনীটোৰ প্ৰতিষ্ঠাপক সঞ্চালক অছিল ৰিণিকি ভূঞা শৰ্মা আৰু অঞ্জনা বৰা ৷ অঞ্জনা বৰা হ’ল ৰাজীৱ কুমাৰ বৰাৰ পত্নী ৷ ৰিণিকি ভূঞা শৰ্মা আৰু অঞ্জনা বৰাই প্ৰতিষ্ঠা কৰা ডিজিটেক মেডিয়া এণ্ড এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰো ঠিকনা আছিল- বৰা ভৱন , প্ৰথম মহলা , টি আৰ ফুকন পথ , ভৰলুমুখ , গুৱাহাটী-৭৮১০০৯ ৷ ভাৰত চৰকাৰৰ জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি , ৰাজীৱ কুমাৰ বৰাৰ নামত থকা এজাইল এছোছিয়েটছৰ ঠিকনাও এইটোৱেই ৷

ডিজিটেকৰ সঞ্চালকৰ পদত ৰিণিকি ভূঞা শৰ্মা

 

জনসংযোগ কেলেংকাৰিত অভিযুক্ত ৰাজীৱ বৰা

rajib_bora_covid_files
ফটোঃ ৩৩ কোটিটকীয়া জনসংযোগৰ কেলেংকাৰিত অভিযুক্ত ৰাজীৱ বৰা

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালত জনসংযোগ বিভাগত সংঘটিত ৩৩ কৌটি টকীয়া জনসংযোগ কেলেংকাৰিৰ অন্যতম অভিযুক্ত আছিল ৰাজীৱ বৰা আৰু তেওৰ পত্নী অঞ্জনা বৰা ৷ ভিজন আছাম , মিছন আছাম প্ৰকল্প ৰূপায়নৰ নামত সংঘটিত এই কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ২০১৬ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাম কাজৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা ‘ভিজন আছাম , মিছন আছাম’ প্ৰকল্পৰ ৰূপায়নত এই কেলেংকাৰি সংঘটিত হৈছিল ৷ ২০১৭ চনত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে জনসংযোগ কেলেংকাৰিৰ তদন্ত কৰি বিভাগটোৰ সঞ্চালকৰ লগতে কেবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷ চমন লাভ কৰিছিল ব্ৰক্ষ্মপুত্ৰ টেলিভিছন নেটৱৰ্কৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা আৰু অঞ্জনা বৰাইও ৷ কিন্তু দীৰ্ঘদিন পলাতক হৈ থাকি তেওলোকে ২০১৭ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন জামিন লাভ কৰিবলৈ সক্ষম হয় ৷ ২০২০ ৰ ছেপ্তেম্বৰ মাহত তদন্তকাৰী সংস্থাই দাখিল কৰা অতিৰিক্ত অভিযোগনামাত ৰাজীৱ বৰা আৰু অঞ্জনা বৰাৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰে ৷ বৰ্তমান তেওলোক উচ্চতম ন্যায়ালয়ৰ জামিনত আছে ৷ এটা বৃহৎ কেলেংকাৰিত অভিযুক্ত ৰাজীৱ বৰাক ২২০০ টকা দৰত পি পি ই কীট যোগানৰ ঠিকা দিছিল এন এইচ এম অসমে ৷

মুখ্যমন্ত্ৰীৰ পত্নী-ধানুকা-ৰাজীৱ বৰাৰ কোম্পেনীত কলকাতাৰ পৰা ৬.১১ কৌটি বিনিয়োগ
ভূমি কেলেংকাৰিত জড়িত ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ , ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মা সঞ্চালক হিচাপে থকা পদমাৱতী ট্ৰেডাৰ্ছ আৰু ৰিণিকি ভূঞা শৰ্মা , অঞ্জনা বৰা সঞ্চালক হিচাপে থকা ডিজিটেক মেডিয়াৰ মাজত আছে এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্ক ৷ সম্পৰ্কটো হ’ল এই আটাইকেইটা কোম্পেনীত কলকাতাৰ নিৰ্দিষ্ট স্থানৰ পৰা ধন বিনিয়োগ হৈছিল ৷
আৰ বি এছ ৰিয়েল্টৰ্ছত কলকাতাৰ ১৭ টা কোম্পেনীয়ে বিনিয়োগ কৰিছিল ২ কৌটি ১৭ লাখ ৪৫ হাজাৰ টকা ৷ এই বিনিয়োগ সম্পূৰ্ণ হোৱাৰ পাছতেই সঞ্চালকৰ পদ ত্যাগ কৰিছিল ৰিণিকি ভূঞা শৰ্মাই ৷ তেওঁৰ পদত্যাগৰ পাছতেই সঞ্চালক হিচাপে নিযুক্ত হয় ঘনশ্যাম ধানুকাৰ পিতৃ অশোক কুমাৰ ধানুকা ৷ এই কোম্পেনীটোত ব্যক্তিগত সৰ্বাধিক শ্বেয়াৰ আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷
একেই ঘটনা ঘটিছিল পদমাৱতী ট্ৰেডাৰ্ছৰ ক্ষেত্ৰতো ৷ ১৯৯১ চনত প্ৰতিষ্ঠা হোৱা পদমাৱতী ট্ৰেডাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পঞ্জীয়নভুক্ত ঠিকনা হ’ল মণিপুৰৰ পাওনা বজাৰ ৷ ২০০৫ চনত এই কোম্পেনীটোত সঞ্চালকৰ দায়িত্ব লৈছিল ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই ৷ পদমাৱতী ট্ৰেডাৰ্ছতো মুখ্যমন্ত্ৰীৰ পত্নী আৰু পিতৃ সঞ্চালক পদত নিযুক্ত হোৱাৰ পাছতেই কলকাতাৰ ১৪ টা কোম্পেনীয়ে ধন বিনিয়োগ কৰা আৰম্ভ কৰে ৷ কলকাতাৰ পৰা পদমাৱতীত ৩ কৌটি ৫০ লাখ টকা বিনিয়োগ হোৱাৰ তথ্য পোৱা গৈছে ৷ ধন বিনিয়োগৰ পাছতেই আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ দৰেই পদমাৱতী ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদৰ পৰা ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই পদত্যাগ কৰে ৷ তেওলোকৰ পদত্যাগৰ পাছতেই সঞ্চালক পদত নিযুক্ত হয় অশোক কুমাৰ ধানুকা আৰু তেওঁৰ পুত্ৰ ঘনশ্যাম দাস ধানুকা ৷
আনহাতে , ৰিণিকি ভূঞা শৰ্মা আৰু ৰাজীৱ কুমাৰ বৰাৰ পত্নী অঞ্জনা বৰাই ২০০৮ চনৰ ২৯ ছেপ্তেম্বৰত প্ৰতিষ্ঠা কৰিছিল ডিজিটেক মেডিয়া এণ্ড এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেড ৷ এই কোম্পেনীটোৰ সঞ্চালক পদৰ পৰা ২০০৯ চনৰ ১৫ জানুৱাৰীত পদত্যাগ কৰিছিল ৰিণিকি ভূঞা শৰ্মাই ৷ তেওঁৰ স্থানত কোম্পেনীটোৰ সঞ্চালক হয় ৰাজীৱ কুমাৰ বৰা ৷ এই কোম্পেনীটোত কলকাতাৰ ৯ টা কোম্পেনীয়ে ৪৩ লাখ ৯০ হাজাৰ টকা বিনিয়োগ কৰে ৷

ডিজিটেকতো কলকাতাৰ কোম্পেনীৰ বিনিয়োগ

 

ৰিণিকি ভূঞা শৰ্মা জড়িত থকা এই তিনিটা কোম্পেনীত কলকাতাৰ কোম্পেনীয়ে ৬ কৌটি ১১ লাখ ৩৫ হাজাৰ টকা বিনিয়োগ কৰাৰ তথ্য দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ অনুসন্ধানত পোহৰলৈ আহিছে ৷

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল –কলকাতাৰ ৬ টাকৈ কোম্পেনীয়ে আৰ বি এছ ৰিয়েল্টৰ্ছ আৰু পদমাৱতী ট্ৰেডাৰ্ছ উভয়তে ধন বিনিয়োগ কৰিছিল ৷ এই কোম্পেনীকেইটা হ’ল অলিয়েণ্ডাৰ মেনুফেকচাৰ্ছ এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেড , ডিংগো কমোডিয়েল প্ৰাইভেট লিমিটেড , ইকোলেক বিনিময় প্ৰাইভেট লিমিটেড , এলিগেন্স ট্ৰেড এণ্ড হোল্ডিঙ প্ৰাইভেট লিমিটেড , ৰেডিয়েন্ট মাৰ্ছেণ্ডাইজ প্ৰাইভেট লিমিটেড আৰু শ্ল’ এণ্ড চাউণ্ড ইলেক্ট্ৰ’নিকছ প্ৰাইভেট লিমিটেড ৷
আৰ বি এছত বিনিয়োগ কৰা কলকাতাৰ ৩ টাকৈ কোম্পেনীয়ে ৰাজীৱ বৰা আৰু অঞ্জনা বৰাৰ কোম্পেনী ডিজেটেক মেডিয়াতো ধন বিনিয়োগ কৰিছিল ৷ এই কোম্পেনীকেইটা হ’ল – ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড , য়ুলান মাৰ্কেটিঙ প্ৰাইভেট লিমিটেড আৰু শুভলক্ষ্মী ক’ল এণ্ড এক্সিম প্ৰাইভেট লিমিটেড ৷
কলকাতাৰ তিনিটাকৈ কোম্পেনীয়ে পদমাৱতী আৰু ডিজিটেক দুয়োটা কোম্পেনীতে ধন বিনিয়োগ কৰিছে ৷ এই কোম্পেনীকেইটা হ’ল – এম এছ ভি ফিচকেল প্ৰাইভেট লিমিটেড , ছিমপ্ৰ’ বাণিজ্য প্ৰাইভেট লিমিটেড , ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড ৷
আৰ বি এছ , পদমাৱতী আৰু ডিজিটেকত সকলোতে ধন বিনিয়োগ কৰা কলকাতাৰ এটা উমৈহতীয়া কোম্পনী হ’ল- ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড ৷ অৰ্থাৎ আটাইকেইটা কোম্পেনীত যে কলকাতাৰ নিৰ্দিষ্ট কেইটামান ঠিকনাৰ পৰা ধন বিনিয়োগ হৈছিল , সেয়া মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ তথ্যই প্ৰমাণ কৰে৷

কলকাতাৰ কোম্পেনীৰ ঠিকনাত দ্য ৱায়াৰৰ অনুসন্ধান

মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা কোম্পেনীক ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ কাৰ্যালয় বুলি উল্লেখ কৰা ঘৰৰ দৃশ্য। ফটোঃ স্নিগ্ধেন্দু ভট্টাচাৰ্য।

 

আৰ বি এছ , পদমাৱতীত আৰু ডিজিটেক মেডিয়া – এই তিনিওটা কোম্পেনীত ধন বিনিয়োগ কৰা কলকাতাৰ এটা কোম্পেনী হ’ল – ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড ৷ একেদৰে আৰ বি এছ ৰিয়েল্টৰ্ছ আৰু পদমাৱতী ট্ৰেডাৰ্ছত ধন বিনিয়োগ কৰা আন এটা কোম্পেনী হ’ল – এলিগেন্স ট্ৰেড এন্ড হোল্ডিঙ প্ৰাইভেট লিমিটেড৷দুয়োটা কোম্পেনীৰ কলকাতাৰ পঞ্জীয়নভুক্ত ঠিকনা পৰিদৰ্শন কৰে দ্য ৱায়াৰে ৷ কিন্তু পঞ্জীয়নভুক্ত ঠিকনাত দেখা পোৱা নগ’ল কোম্পেনীৰ নাম লিখা কোনো চাইনবোৰ্ড ৷ কোম্পেনীৰ কাৰ্যালয়সদৃশ কোনো পৰিৱেশ এই ঠিকনাকেইটাত দেখা পোৱা নগ’ল ৷ দুয়োটা কোম্পেনীয়ে কলকাতাৰ বৰাবাজাৰ অঞ্চলত নিজৰ ঠিকনা দেখুৱাইছে ৷ বৰাবাজাৰৰ দিগম্বৰ জৈন লেনৰ ইকোলেকৰ পঞ্জীয়নভুক্ত ঠিকনাই আকৌ অসমৰ এই তিনিটা কোম্পেনীত ধন বিনিয়োগ কৰা আন কেবাটাও কলকাতাৰ কোম্পেনীৰ ঠিকনা ৷ এলিগেন্সৰ হংসপুকুৰ লেনৰ পঞ্জীয়নভুক্ত ঠিকনা অসমৰ কোম্পেনী তিনিটাত ধন বিনিয়োগ কৰা আন কেবাটাও কোম্পেনীৰ ঠিকনা ৷দুয়োটা ঠিকনাই অতি ঠেক গলি আৰু জনাকীৰ্ণ অঞ্চলত অৱস্থিত ৷ দুয়োটা কাৰ্যালয়ত দ্য ৱায়াৰৰ প্ৰতিনিধি উপস্থিত হৈ দেখিবলৈ পায় যে দৰ্জা সম্পূৰ্ণ খোলা থকা দুটা লেতেৰা কোঠা ৷ তাত চলি আছে কাপোৰৰ ব্যৱসায় ৷ এক আচহুৱা পৰিৱেশ ৷ চৰকাৰী নথিত উল্লেখ থকা অনুসৰি বিল্ডিঙৰ প্ৰথম মহলাত আছে ইকোলাকৰ কাৰ্যালয় ৷ ইয়াৰে এটা ৰুমত এটা মন্দিৰো দেখিবলৈ পোৱা গ’ল ৷ ধাৰণা কৰিব পাৰি যে দুয়োটা কাৰ্যালয় যথেষ্ট নীৰিক্ষণৰ মাজত ৰখা হয় ৷ কাৰণ , দ্য ৱায়াৰৰ প্ৰতিনিধি উপস্থিত হোৱাৰ লগে লগে কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত একাংশ লোকে ‘ইয়ালৈ কিয় আহিছে ‘ বুলি জেৰা কৰিবলৈ আৰম্ভ কৰে ৷ ৰূমৰ ভিতৰৰ ফটো সংগ্ৰহতো তেওঁলোকে বাধা প্ৰদান কৰে ৷

কলকাতাৰ দিগম্বৰ জৈন লেনত ইকোলেক বিনিময়ৰ কাৰ্যালয় থকা বুলি উল্লেখ কৰা বিল্ডিঙৰ ছবি। ফটো- স্নিগ্ধেন্দু ভট্টাচাৰ্য।

 

পি পি কীট ক্ৰয়ত দামৰ বৃহৎ তাৰতম্য

লকডাউন ঘোষণাৰ পূৰ্বে এন এইচ এমে ১৮ মাৰ্চৰ পৰা ২৩ মাৰ্চ, ২০২০ লৈকে ৬ টা প্ৰতিষ্ঠানৰ পৰা পি পি ই কীট ক্ৰয় কৰিছিল ৷ ইয়াৰে আটাইতকৈ কম দাম আছিল নৰ্থ ইষ্ট চাৰ্জিকেল ইণ্ডাষ্ট্ৰীজৰ ৷ প্ৰতিষ্ঠানটোৱে ৬০০ টকা দৰত পি পি ই কীট যোগান ধৰিছিল ৷ সৰ্বোচ্চ দাম আছিল – টি বি এছ টেলিমেটিক এন্ড বায়’মেডিকেল চাৰ্ভিছেছ প্ৰাইভেট লিমিটেডৰ ৷ প্ৰতিষ্ঠানটোৱে ১৯৬০ টকা দৰত পি পি ই কীট যোগান ধৰে৷ এন এইচ এমে দিয়া আৰ টি আই তথ্য অনুসৰি , ইয়াৰে ধানুকাৰ মেডিটাইমৰ ক্ৰয়ৰ নিৰ্দেশ আছিল জৰুৰীকালীন ৷ আনহাতে , এই সময়ছোৱাত আটাইতকৈ কম দামত পি পি ই কীট যোগান ধৰা নৰ্থ ইষ্ট চাৰ্জিকেলে পৰৱৰ্তী সময়ত পি পি ই কীট যোগান ধৰাৰ কোনো তথ্য এন এইচ এমে উল্লেখ কৰা নাই ৷ জি এছ টি পোৰ্টেলৰ তথ্য অনুসৰি , এই প্ৰতিষ্ঠানৰ গৰাকী হ’ল ৰাজেন্দ্ৰ কুমাৰ দেওৰা ৷ এই ৰাজেন্দ্ৰ কুমাৰ দেওৰাৰে অন্য এক প্ৰতিষ্ঠান ইটাছ জি ফাৰ্মাই পৰৱৰ্তী সময়ত মেডিটাইমে যোগান ধৰা দৰত অৰ্থাৎ ১৬৮০ টকাত ১৫ হাজাৰ পি পি ই কীট যোগান ধৰাৰ তথ্য পোৱা যায় ৷
লকডাউনৰ সময়ছোৱাত ৩ এপ্ৰিল ,২০২০ত এন এইচ এমে সৰ্বোচ্চ ২৭৩০ টকা দৰত এছ ডি এছ ইলেক্ট্ৰ’নিকছ প্ৰাইভেট লিমিটেডৰ পৰা ৮০০০ পি পি ই কীট ক্ৰয় কৰিছিল৷ কিন্তু একেটা দিনতে একেটা প্ৰতিষ্ঠান এছ ডি এছ ইলেক্ট্ৰনিকছৰ পৰা ২১০০ টকা দৰত আৰু ৬ হাজাৰ পি পি ই কীট ক্ৰয় কৰিছিল এন এইচ এমে ৷ ৩ এপ্ৰিল ,২০২০ ৰ দিনটোতেই মেডিটাইমৰ পৰা ১,৬৮০ টকা দৰত ১৮,৯৬৫ টা , ইনটাৰেক্টিভৰ ১২ ৰপৰা ১,২৭৫ টকা দৰত ১০ হাজাৰটা, ট্ৰিহাষ্টিৰ পৰা ২৩১০ টকা দৰত ৩ হাজাৰটা পি পি ই কীট ক্ৰয় কৰিছিল ৷
লকডাউনৰ পূৰ্বৰে পৰা ৪ জানুৱাৰী , ২০২২ লৈ কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত দামৰ ব্যাপক তাৰতম্য আৰ টি আই তথ্যত স্পষ্ট হৈ পৰিছে ৷

(এই প্ৰতিবেদন কলকাতাৰ স্নিগ্ধেন্দু ভট্টাচাৰ্যৰ সহযোগত প্ৰস্তুত কৰা হৈছে)

Leave A Reply

Your email address will not be published.