আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ লগে লগে হলত থকা দলীয় কৰ্মীসকলে ভাংৰা নৃত্য আৰম্ভ কৰে।
দ্বিতীয়টো উদাহৰণ দেখা গৈছিল টুইটাৰত। ইয়াতো, দলটোৱে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ভগৱন্ত মানৰ নাম ঘোষণা কৰাৰ লগে লগে দলীয় কৰ্মী সকলে আনন্দ উল্লাস কৰা দেখা গ’ল।যেন এক ফিল্মি ষ্টাইলত।কিন্তু আম আদমী পাৰ্টীৰ এই আনন্দ উল্লাস উদযাপনৰ মাজতে ৰৈ গল এটা ভুল। কি এই ভুল?সৱিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.