সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি আছে মমতাৰ মিশ্যন মুম্বাইত?

মমতা বেনার্জীয়ে এটা নতুন সমীকৰন আবিস্কাৰ কৰিছে৷দিল্লীলৈ গৈ ছোনীয়া গান্ধীক সাক্ষাৎ নকৰা মমতা বেনার্জীয়ে,এইবাৰ মুম্বাইলৈ গৈ সাক্ষাৎ কৰিব উদ্ধব থাকৰে আৰু শৰদ পাৱাৰক৷মমতা বেনার্জী সোনকালেই মুম্বালৈ যাব আৰু পূর্বৰ ইগ’ পৰিহাৰ কৰি শৰদ পাৱাৰক সাক্ষাৎ কৰিব৷শৰদ পাৱাৰেও সংসদৰ শীতকালীন অধিবেশন পৰিহাৰ কৰি মমতালৈ বাট চাব৷কোনোবা দেশৰ প্ৰধানমন্ত্ৰী হব,কোনোবা ৰাষ্ট্ৰপতি৷কাৰণ মমতা বেনার্জীয়ে এটা নতুন সমীকৰণ আবিস্কাৰ কৰিছে৷সেইবাবেই শীঘ্ৰেই আৰম্ভ হব মমতাৰ মিশ্যন মুম্বাই৷

বিগত বিধানসভা নির্বাচনত পশ্চিম বংগত বিজেপিক বিধস্ত কৰিলে তৃণমূল কংগ্ৰেছে৷একেই ফলাফল উপ নির্বাচনত৷শেহতীয়া সময়ত কংগ্ৰেছ সহিতে তৃণমূল কংগ্ৰেছে দেশজুৰি ঐক্যবদ্ধ বিৰোধী শক্তি গঢ়ি তোলাৰ পোষকতা কৰিছিল যদিও,মমতা বেনার্জীয়ে এতিয়া ৰাস্তা সলনি কৰিছে৷কাৰণ মমতা বেনার্জীয়ে এটা নতুন সমীকৰণ আবিস্কাৰ কৰিছে৷বিজেপিক নির্বাচনত বিধস্ত কৰাৰ বিপৰীতে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছ দুর্গত আক্ৰমণ কৰি বিধস্ত কৰিছে কংগ্ৰেছক৷সুস্মিতা দেবৰ পিছত বিহাৰৰ কংগ্ৰেছ নেতা কীৰ্তি আজাদ , হাৰিয়ানাৰ কংগ্ৰেছ নেতা অশোক টানৱাৰ . উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজেশপাটী ত্ৰিপাঠী আৰু ললিতপাটী ত্ৰিপাঠী , গোৱাৰ কংগ্ৰেছ নেতা লুইজিনহো ফালেৰিওয়ে যোগ দিছে তৃণমূলত৷মুকুল চাংমা সহ মেঘালয়ৰ ১১ কংগ্ৰেছী বিধায়কে যোগ দিছে তৃণমূল কংগ্ৰেছত৷এই সমূহ ৰাজ্যত খেলা খেলি মমতা বেনার্জিয়ে এইবাৰ হাতত লৈছে মিশ্যন মুম্বাই৷আনন্দ বজাৰ পত্ৰিকাত প্ৰকাশিত এক বাতৰি অনুসৰি ১ ডিচেম্বৰত মুম্বাই অভিমুখে ৰাওনা হব মমতা বেনার্জী৷সাক্ষাৎ কৰিব শিভসেনাৰ নেতা উদ্ধব থাকৰে আৰু এনচিপিৰ নেতা শৰদ পাৱাৰক৷২৯ নবেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন৷সেই অনুসৰি ১ ডিচেম্বৰ শৰদ পাৱাৰ সংসদত উপস্থিত থাকিব লাগিছিল৷কিন্তু খবৰ প্ৰকাশ পাইছে,শৰদ পাৱাৰে দিল্লীৰ সলনি মুম্বাইতেই অপেক্ষা কৰিব মমতা বেনার্জীলৈ৷কাৰণ মমতা বেনার্জীয়ে আবিস্কাৰ কৰিছে এটা নতুন সমীকৰণ৷কি এই সমীকৰণ?
মমতা বেনার্জীয়ে সমীকৰন ৰচনা কৰিছে কংগ্ৰেছবিহীন বিজেপি বিৰোধী শক্তি৷সেইবাবেই ভিন্ন ৰাজ্যত হয়তু এফালে সাংগঠনিক বিস্তাৰ কৰিছে,অন্যথা সৰু সৰু আঞ্চলিক দলৰ সৈতে সু সম্পর্ক গঢ়ি তুলিছে৷মমতা বেনার্জীয়ে ইতিমধ্যে ব্যক্ত কৰিছে,যে তৃণমূল কংগ্ৰেছে সকলো ৰাজ্যতে লোকসভা নির্বাচনত প্ৰাথীত্ব প্ৰদান নকৰে৷ইয়াৰ পৰিবর্তে শক্তিশালী আঞ্চলিক শক্তিটোক সমর্থন কৰাৰ পোষকতা কৰিছে তৃণমূল কৎগ্ৰেছে৷উত্তৰ প্ৰদেশতো দলীয় ভেটি গঢ়াৰ চেষ্টাৰ কথা নাকচ কৰি সহযোগিতা পালে অখিলেশ যাদবৰ সমাজবাদী পার্টিক সমর্থনৰ ইংগিত দিছে মমতা বেনার্জীয়ে৷উল্লেখনীয় যে,লোকসভাৰ সর্বমুঠ আসনৰ ১২০ খনতেই পোনপটিয়া যুজ হয় কংগ্ৰেছ আৰু বিজেপিৰ মাজত৷এনে এক প্ৰেক্ষাপটত কংগ্ৰেছবিহীন ঐক্যবদ্ধ শক্তিৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান৷ৰাজনৈতিক বিশ্লেষক সকলে দাবী কৰিছে,যে লোকসভা নির্বাচনৰ প্ৰাক মুহুত্বত সন্মিলিত বিৰোধী শক্তি শিবিৰৰ মাজত যাতে নেতা কেন্দ্ৰীক প্ৰশ্ন উত্থাপন হব নোৱাৰে তাৰবাবেই বিভিন্ন ৰাজ্যত আঞ্চলিক শক্তিৰে সম্পর্ক গঢ়ি তুলিছে মমতা বেনার্জীয়ে৷যাতে এনে পৰিস্থিতিৰ সৃষ্টি হলেই আঞ্চলিক শক্তিসমূহৰ পৰা সমর্থন লাভ কৰিব পাৰে মমতা বেনার্জীয়ে৷এনে সমীকৰণ লৈয়ে মমতাৰ এইবাৰ মিশ্যন মুম্বাই৷মিশ্যন মুম্বাইত মমতাৰ প্ৰথম লক্ষ্য হব,কংগ্ৰেছবিহিন এটা বিজেপি বিৰোধী শক্তি যে সম্ভব,সেই সর্ন্দভত শিভসেনা আৰু এন চি পিক পতীয়ন নিওৱা৷দিত্বীয়তে গোৱা নির্বাচন সন্দর্ভতো আলোচনা হব পাৰে এই সাক্ষাৎত৷
উল্লেখনীয় যে,মহাৰষ্ট্ৰত বর্তমান কংগ্ৰেছ ,শিভসেনাৰ সৈতে এন চিপিৰ সন্মিলিত চৰকাৰ৷এনে এক প্ৰেক্ষাপটত মমতাৰ কংগ্ৰেছবিহীন বিৰোধী শিবিৰক মানি নলব পাৰে এনচিপিয়ে৷কিন্তু গোৱাৰ প্ৰেক্ষাপটত তৃণমূল আৰু এনচিপিৰ মর্চা সম্ভবপৰ হৈ ৰৈছে৷
আনহাতে আটাইতকৈ ডাঙৰ সমীকৰণটো এয়ে যে,উত্তৰ প্ৰদেশ নির্বাচনৰ পিছতেই ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচন৷উত্তৰ প্ৰদেশ নির্বাচনত বিজেপিৰ পতন হলে ৰাষ্ট্ৰপতি নির্বাচনত যুজিবলৈ সুযোগ পাব বিৰোধীয়ে৷সেই অনুসৰি শৰদ পাৱাৰক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাব আগবঢ়াব পাৰে মমতা বেনার্জীয়ে৷বিশাল পৰিমানৰ আঞ্চলিক শিবিৰৰ পিছত যদি শৰদ পাৱাৰৰ দৰে নেতাইও মমতা বেনার্জীৰ এই অভিযানত যোগ দিয়ে,তেন্তে কংগ্ৰেছৰ বাবেও মর্চাৰ পৰা দুৰত থকাটো সম্ভবপৰ হৈ নাথাকিব৷যিয়ে বাস্তব কৰি তুলিব পাৰে মমতা বেনার্জীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন৷সেই সমীকৰণ হাতত লৈয়ে এইবাৰ আৰম্ভ মমতাৰ মিশ্যন মুম্বাই৷

- Donation -

Leave A Reply

Your email address will not be published.