সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিদ্যুৎ সংশোধনী বিধয়েকক লৈ কিয় ইমান চৰ্চা?

কৃষি আইন গল৷থাকিল কা৷এইবাৰ আহিব এখন নতুন আইন৷২৯ নবেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন৷এই অধিবেশনতেই মোদী চৰকাৰে উত্থাপন কৰিব আন এখন জনবিৰোধী বিধেয়ক৷নাম বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১।
সংসদত উত্থাপনৰ পূর্বেই বির্তকত বিদ্যুৎ সংশোধনী বিধেয়ক৷পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে এই বিধেয়ক খন সংসদত উত্থাপন নকৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।দিল্লীকে আদি কৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই বিধয়েকৰ বিৰোধিতা কৰিছে৷কিন্তু কি আছে এই বিদ্যুৎ সংশোধনী বিধেয়কত?সৱিশেষ-
বিদ্যুৎ সংশোধনী আইনে ব্যক্তিগতকৰন কৰিব বিদ্যুৎ বিতৰন ব্যবস্থাক৷আইনে ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীসকলক বিদ্যুৎ বিতৰনৰ ক্ষেত্ৰত de license ক্ষমতা প্ৰদান কৰিব৷অর্থাৎ,ইয়াৰ জৰিয়তে বিদ্যুৎ বিতৰনৰ ক্ষেত্ৰত বেচৰকাৰী প্ৰতিষ্ঠানৰ আগমন ঘটিব৷ যাৰ ফলত গ্ৰাহকৰ ওচৰত বিদ্যুৎ ক্ৰয় কৰিবলৈ ব্যক্তিগত আৰু চৰকাৰী দুইধৰণৰ শক্তি বিতৰণ কোম্পানীৰ বিকল্প থাকিব। নিশ্চিতভাবে ব্যক্তিগত কোম্পানীসমূহে চৰকাৰী খণ্ডৰ শক্তি বিতৰণকাৰী কোম্পানীবোৰৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হব আৰু বিদ্যুৎ বিতৰন ব্যবস্থাটো তেওলোকে দখল কৰিব৷
ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমনে ঘোষণা কৰিছে যে কেন্দ্ৰীয় বাজেটত গ্ৰাহকৰ বাবে ইয়াৰ সম্পূৰ্ণ পৰিকাঠামো তৈয়াৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভাষ্য অনুসৰি চৰকাৰী বিদ্যুৎ যোগান কোম্পানীসমূহ কেইবাবছৰ ধৰি বৃহৎ লোকচানৰ সৈতে যুঁজি থকাৰ উপৰিও ডুবি আহিছে বৃহৎ পৰিমাণৰ ঋণৰ বোজাত৷ যদিও চৰকাৰে এই লোকচান অথবা ঋণৰ বোজা কম কৰিবলৈ সময়ে সময়ে বিভিন্ন আঁচনি হাতত লৈ আহিছে তথাপি আজিপৰ্যন্ত সম্পূৰ্ণ সুফল পাবলৈ সক্ষম নহল চৰকাৰ। সেয়েহে এই বিধেয়ক খনৰ জৰিয়তে ব্যক্তিগত খণ্ডক শক্তি বিভাগটো পাকে প্ৰকাৰে গতাই দিয়াৰ জো যা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখযোগ্য যে যদি ব্যক্তিগত খণ্ডক de license ক্ষমতা অৰ্পণ কৰা হয় তেন্তে ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে কেৱল নিজস্ব লাভৰ অংকত আবাসীক তথা কৃষিপ্ৰধান অঞ্চলৰ সলনি কেৱল ব্যৱসায়িক কেন্দ্ৰ তথা উদ্যোগ প্ৰধান অঞ্চল সমূহতহে বিদ্যুৎ যোগান ধৰিব। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছে বিধেয়ক খনে সম্পূৰ্ণ ব্যক্তিগত লাভৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ সহায়ক হব ।
আনহাতে বিদ্যুৎ বিতৰন ব্যবস্থাটো চৰকাৰী অধিনষ্ঠ প্ৰতিস্থানে পৰিচালনা কৰি থকাৰ সময়ত ৰাজসাহার্য চৰকাৰে নিদিষ্ট প্ৰতিষ্ঠানক প্ৰদান কৰিছিল৷কিন্তু ব্যক্তিগত খণ্ডৰ প্ৰবেশৰ পিছত ৰন্ধন গেছৰ দৰেই ৰাজসাহার্য আপোনাৰ বেংক একাউন্টত জমা হব৷ৰন্ধন গেছৰ ক্ষেত্ৰত ৰাজসাহার্য অনিয়মীয়া হৈ বিপৰীতে অধিক দৰদ ৰন্ধন গৰছ ক্ৰয় কৰিব লগা হৈছে গ্ৰাহকে৷অর্থাৎ এই আইন গৃহীত হোৱাৰ পিছত একেই ঘটনা ঘটিব বিদ্যুৎৰ ক্ষেত্ৰতো৷সেয়েহে এই বিধেয়ক খন সংসদত প্ৰস্তাৱিত হোৱাৰ আগতেই বিৰোধ কৰিছে দিল্লী পশ্চিমবঙ্গকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰে।কা গৃহীত হল আছে৷কৃষি আইন বাতিল হল৷তাৰপিছতো বিদ্যুৎ সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে কৃষকে৷বিদ্যুৎ সংশোধনী বিধয়েক আইনত পৰিণত হব নে বিৰোধিতাৰ বলত বিধয়েক হৈয়ে ৰব সেইয়া হব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.