সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰী জনধন যোজনাই লুটিলে দৰিদ্ৰক

প্ৰধানমন্ত্ৰীৰ এখন বিশেষ যোজনা৷যি যোজনাৰ জড়িয়তে তিনিবছৰত ১২ কোটি দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিলে ১৬৪ কোটি টকা৷
যোজনাৰ নাম প্ৰধানমন্ত্ৰী জনধন যোজনা৷২০১৪ চনৰ ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা যোজনাৰ লক্ষ্য আছিল দেশৰ দৰিদ্ৰ জনতাক বেংক সেৱাৰে জৰিত কৰা৷যোজনাৰ লক্ষ্য,দেশৰ প্ৰতিটো পৰিয়ালতেই অন্তত এটা হলেও বেংক একাউন্ট মুকলি কৰা৷কিন্তু প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত বেংক একাউন্ট খোলা দেশৰ দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই কিদৰে ১৬৪ কোটি টকা সংগ্ৰহ কৰিলে আপুনি জানেনে?
শেহতীয়াকৈ আই আই টি বোম্বে মুকলি কৰিছে এক প্ৰতিবেদন৷প্ৰতিবেদন অনুসৰি জনধন আচনিৰ অধীনত বেংক একাউন্ত খোলা ১২ কোটি লোকৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই তিনিবছৰত অর্জন কৰিলে ১৬৪ কোটি টকা৷জনধন আচনিৰ নীতি অনুসৰি এই যোজনাৰ অধীনৰ বেংক একাউন্টৰ digital transactions ৰ মাচুল সংগ্ৰহ কৰিব নোৱাৰে বেংকে৷প্ৰথম অবস্থাত জনধন যোজনাৰ একাউন্টৰ গ্ৰাহকে মাহটোত ৪ বাৰলৈ বিনামুলীয়া digital transactions কৰিব পাৰে৷পৰবর্তী সময়ত ষ্টেট বেংক অফ ইণ্ডিয়াই এই নীতি সলনি কৰি চাৰিবাৰৰ digital transactions সীমাবদ্ধতাৰ অন্ত পেলাই আৰু ইউ পি আই আৰু ডেবিত কার্ডৰ জৰিয়তে digital transactions অনির্দিষ্টবাৰলৈ বিনামুললীয়া কৰে৷কিন্তু বাস্তবত ৪ বাৰতকৈ অধিকবাৰ কৰা যিকোনো digital transactions ৰ বাবদ ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰতিটো digital transactions ৰ বিপৰীতে সংগ্ৰহ কৰিলে ১৭ টকা ৭০ পইচাকৈ৷এইদৰেই ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ মাহলৈ ১২ কোটি বেংক একাউন্টৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সৰকাই নিলে ১৬৪ কোটি টকা৷
উল্লেখনীয় যে,২০২০ চনৰ ৩০ আগষ্টত Central Board of Direct Taxes য়ে এক পৰামর্শৱালী জাৰি কৰিছিল বেংক সমূহৰ বাবে৷এই পৰামর্শ অনুসৰি ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ কর্তন হোৱা transactions মাচুল ঘূৰাই দিবলৈ নিদের্শ দিয়া হয়৷ইয়াৰ পিছতে ষ্টেট বেংক অফ ইণ্ডিয়াই ২০২১ চনৰ ১৭ ফ্ৰেবুৱাৰীত এই ধন ঘুৰাই দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে৷কিন্তু এতিয়াও জনধন একাউন্টৰ পৰা কর্তন হোৱা ১৬৪ কোটি টকা ঘূৰাই দিয়া নাই ষ্টেট বেংক অফ ইণ্ডিয়াই৷উল্লেখনীয় যে যি সময়ত বহু ভাগ বেংকতেই ইউ পি আই transactions বিনামূলীয়া,সেই সময়তে ইউ পি আই transactions ৰ নামত মাচুল সংগ্ৰহ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই৷২০২০ চনৰ এক জানুৱাৰীৰ পৰা ১৪ ছেপ্টেম্বৰলৈ ষ্টেট বেংক অফ ইণ্ডিয়াত ২২২ কোটি ইউপিআই transactions হৈছিল৷ইয়াৰে ৫.১ কোটি transactionsৰ প্ৰতিটোতে বেংকটোয়ে কর্তন কৰিছে ১৭.১৭ টকাকৈ৷অর্থাৎ এই সময়ছোয়াত বেংকটো ইউ পি আই transactions ৰ নামত সংগ্ৰহ কৰিছিল প্ৰায় ৯০ কোটি টকা৷
দৰিদ্ৰ জনগনক বেংক সেৱাৰে জৰিত কৰাৰ উদেশ্যে মোদী চৰকাৰে মুকলি কৰিছিল জনধন যোজনা৷কিন্তু এনেদৰে জনধন যোজনাৰ বেংক গ্ৰাহকৰ পৰা এতিয়া হৰলুকী হল ধন৷লুটি নিয়া ১৬৪ কোটি টকা এতিয়াও ঘূৰাই দিয়া নহল৷উল্লেখযোগ্য যে জন ধন যোজনাৰ অধীনত শূন্য ধনত বেংক একাউন্ট খোলাৰ ব্যবস্থা কৰা হৈছিল৷কিন্তু ২০২০ চনৰ মার্চ মাহত জনধন একাউন্টৰ গড় জমাধন আছিল ২৪৫৭ টকা৷ইও এক ৰহস্যৰ বিষয় বুলিয়েই এতিয়া গণ্য হৈছে৷

Leave A Reply

Your email address will not be published.