ছোনিয়া – মমতাৰ বৈঠকৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত

Share This Article

মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ৷ মূলত: ২০২৪ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰ বাবেই তেওলোক আলোচনাত মিলিত হ’ব ৷ কিন্তু তাৰ পূৰ্বে আন এক ৰাজনৈতিক লোকচানৰ সন্মুখীন হৈছে কংগ্ৰেছ দল ৷ দলটোৰ বিহাৰৰ নেতা কীৰ্তি আজাদে কংগ্ৰেছ এৰি যোগদান কৰিব তৃণমূল কংগ্ৰেছত ৷ এইগৰাকী কীৰ্তি আজাদ বিজেপিৰ প্ৰাক্তন সাংসদ আছিল ৷ ২৬ বছৰ বিজেপিত ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰাৰ পাছত ৩ বছৰ পূৰ্বে তেও যোগ দিছিল কংগ্ৰেছ দলত ৷ কিন্তু বিহাৰত কংগ্ৰেছৰ ভৱিষ্যতক লৈ সন্দিহান হৈ তেও যোগ দিব তৃণমূল কংগ্ৰেছত ৷ কীৰ্তি আজাদৰ পিতৃ ভগৱৎ ঝা আজাদ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.