সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী প্ৰচাৰৰ বিৰুদ্ধে মুঠ ২৩ টা গোচৰ ৰুজু হৈছিল চি বি আইত ৷ ইয়াৰ ভিত্তিতেই চি বি আইৰ অভিযান চলে ৷ ৮৩ জন ব্যক্তিয়ে নিজৰ মোবাইলত শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰাৰ তথ্য লাভ কৰিছিল চি বি আয়ে ৷ তেওলোকৰ সন্ধানতে দেশজুৰি তালাচী চলায় অনুসন্ধানকাৰী সংস্থাটোৱে ৷

- Donation -

ইপিনে , ওড়িশাৰ ঢেংকানলৰ কেবাটাও স্থানত অভিযান চলাবলৈ চি বি আইৰ দল আক্ৰমণৰো সন্মুখীন হয় ৷শেষত স্থানীয় পুলিচৰ হস্তক্ষেপতহে তেওলোক ৰক্ষা পৰে ৷
ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ ২০১৯ চনত চি বি আয়ে ‘শিশু যৌন নিগ্ৰহ আৰু যৌন শোষণ বিৰোধী’ শাখা গঠন কৰিছিল ৷

Leave A Reply

Your email address will not be published.