শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

Share This Article

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী প্ৰচাৰৰ বিৰুদ্ধে মুঠ ২৩ টা গোচৰ ৰুজু হৈছিল চি বি আইত ৷ ইয়াৰ ভিত্তিতেই চি বি আইৰ অভিযান চলে ৷ ৮৩ জন ব্যক্তিয়ে নিজৰ মোবাইলত শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰাৰ তথ্য লাভ কৰিছিল চি বি আয়ে ৷ তেওলোকৰ সন্ধানতে দেশজুৰি তালাচী চলায় অনুসন্ধানকাৰী সংস্থাটোৱে ৷

ইপিনে , ওড়িশাৰ ঢেংকানলৰ কেবাটাও স্থানত অভিযান চলাবলৈ চি বি আইৰ দল আক্ৰমণৰো সন্মুখীন হয় ৷শেষত স্থানীয় পুলিচৰ হস্তক্ষেপতহে তেওলোক ৰক্ষা পৰে ৷
ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ ২০১৯ চনত চি বি আয়ে ‘শিশু যৌন নিগ্ৰহ আৰু যৌন শোষণ বিৰোধী’ শাখা গঠন কৰিছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.