সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আই চি ইউত জুই : ৪ টা শিশুৰ মৃত্যু

চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷ সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হাস্পতালৰ পেডিয়েট্ৰিক আই চি ইউত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত ৫০ টা শিশু আই চি ইউত ভৰ্তি হৈ আছিল ৷ খবৰ পোৱাৰ পাছতেই ২৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও তাৰ পূৰ্বেই চাৰিটা শিশুৰ মৃত্যু হয় ৷

Leave A Reply

Your email address will not be published.