সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি প্ৰধানমন্ত্ৰীৰে কি আলোচনা কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ তিনিদিনীয়া ভ্ৰমনসূচী লৈ সোমবাৰে ড: শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে ৷ এই সময়ছোৱাত তেও গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালকো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷ এই আলোচনাত আলফাৰে শান্তি আলোচনাৰ বিষয়টোৱেও স্বাভাৱিকতে স্থান লাভ কৰিব ৷
ইপিনে সোমবাৰে মুখ্যমন্ত্ৰী ড: শৰ্মাই ৱৰ্ল্ড বেংকৰ ভাৰতৰ মুৰব্বী জুনাইদ কামাল আহমেদকো সাক্ষাৎ কৰে ৷ উল্লেখ্য যে ৱৰ্ল্ড বেংকে অসমৰ জল পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ বাবে ৭৭০ কৌটি টকাৰ ঋণ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ ঋণৰ ৮০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব ৷

Leave A Reply

Your email address will not be published.