আজি প্ৰধানমন্ত্ৰীৰে কি আলোচনা কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ?

Share This Article

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ তিনিদিনীয়া ভ্ৰমনসূচী লৈ সোমবাৰে ড: শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে ৷ এই সময়ছোৱাত তেও গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালকো সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷ এই আলোচনাত আলফাৰে শান্তি আলোচনাৰ বিষয়টোৱেও স্বাভাৱিকতে স্থান লাভ কৰিব ৷
ইপিনে সোমবাৰে মুখ্যমন্ত্ৰী ড: শৰ্মাই ৱৰ্ল্ড বেংকৰ ভাৰতৰ মুৰব্বী জুনাইদ কামাল আহমেদকো সাক্ষাৎ কৰে ৷ উল্লেখ্য যে ৱৰ্ল্ড বেংকে অসমৰ জল পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ বাবে ৭৭০ কৌটি টকাৰ ঋণ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ ঋণৰ ৮০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.