সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিমান দিনলৈ সেনাৰ হাতত প্ৰাণ গৈ থাকিব নিৰীহৰ

সেনাৰ হাতত নিহত নিৰীহ৷ঘটনাৰ পিছতেই এতিয়া জ্বলিছে নগালেণ্ড৷নগালেণ্ডৰ এই ঘটনাৰ আৰত আছে এখন আইন৷যি আইনৰ দ্বাৰা এইবাৰেই নহয়,ইতিহাসৰ বিভিন্ন সময়ত বিভিন্নজনে প্ৰাণ হেৰুৱাই আহিছে সেনাৰ হাতত৷সেইবাবেই নাগালেণ্ডৰ এই ঘটনাৰ পিছত পুনৰবাৰ এই আইন বাতিৰ দাবী উঠিছে সর্বত্ৰ৷কেনেকৈ এই আইনৰ দ্বাৰা সেনাই প্ৰাণ নাশিছে নিৰীহৰ?এক প্ৰতিবেদন৷


১৯৫৮ চনৰ ২২মে তাৰিখে ভাৰতৰ সংসদত AFSPA নামৰ সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা( অসম-মনিপুৰ) আইনখন গৃহীত হৈছিল । প্রাৰম্ভিক স্তৰত অসম আৰু মনিপুৰ ৰাজ্যত বাহাল হোৱা এই আইনখন ১৯৫৮ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমুহলৈও সম্প্রসাৰণ কৰা হ’ল। একেখন আইন ১৯৮৩চনৰ ১৫ অক্টোবৰ তাৰিখে পঞ্জাৱ আৰু চণ্ডীগড়ত বিদ্রোহ দমনৰ বাবে বলবৎ কৰা হৈছিল যদিও ১৪বছৰৰ অন্তত অৰ্থাৎ ১৯৯৭চনত এই আইনখন সেই অঞ্চল সমূহৰ পৰা বাতিল কৰা হয় । ১৯৯০চনৰ চেপ্তেম্বৰত এই আইনখন পুনৰ অশান্ত জৰ্জৰ জম্মু-কাশ্মীৰত বলবৎ কৰা হয়৷
সাম্রাজ্যবাদী বৃটিছ শক্তিৰ বিৰুদ্ধে ভাৰতবৰ্ষত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ১৯৪২চনৰ ১৫ আগষ্ট তাৰিখে The Armed Forces Special Powers Ordinance of 1942 নামৰ এখন বিধেয়ক বলবৎ কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত অৰ্থাৎ ১৯৪৭ চনৰ শেষৰফালে নিৰাপত্তা আৰু দেশৰ অস্থিৰ পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ সেই The Armed Forces Special Powers Ordinance of 1942 বিধেয়কখনৰ আধাৰতে ভাৰত চৰকাৰে চাৰিখনকে নতুন বিধেয়ক বলবৎ কৰিছিল ।
মাত্র এটা বছৰৰ পিছতেই এই চাৰিওখন আইন বাতিল কৰি পুনৰ the Armed Forces Special Powers Act of 1948 নামৰ নতুন এখন আইন বলবৎ কৰে । ৯ বছৰৰ পিছত এই আইনখন পুনৰ বাতিল কৰি ভাৰত চৰকাৰে ১৯৫৮চনৰ ২২মে তাৰিখে অনুৰূপ সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন নামৰ এখন আইন বলবৎ কৰে।কিন্তু কি আছে এই আইনত?
দেশৰ আভ্যন্তৰীণ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ অজুহাতত মানৱ অধিকাৰ ভূ-লুন্ঠিত কৰি বলৱৎ কৰা এই আইনে ভাৰতীয় সেনাক প্ৰদান কৰিছে কিছুমান বিশেষ অধিকাৰ৷এই আইন অনুসৰি আইনৰ ৩ নং ধাৰাৰ দ্বাৰা ঘোষিত অশান্ত অঞ্চলত যিকোনো আয়ুক্ত পৰ্যায়ৰ বিষয়া , অনাআয়ুক্ত বিষয়া ,পাৰোৱানা জাৰি কৰা বিষয়া তথা যিকোনো তেনে সম পৰ্যায়ৰ সেনা বিষয়াই যদি অনুভৱ কৰে যে কোনোবাই আইন অমান্য কৰিছে তেন্তে সেই ব্যক্তিৰ ওপৰত গুলীচালনা অথবা সশস্ত্র বল প্রয়োগ কৰিব পাৰিব।এনে অভিযান কালত মৃত্যু পৰ্যন্ত হ’লেও সেনা বাহিনী জগৰীয়া নহ’ব।আনহাতে বিদ্রোহীয়ে ব্যৱহাৰ কৰাৰ সন্দেহত যিকোনো গোপন ঘাটি বা সশস্ত্র প্রশিক্ষণ শিবিৰ বা যি কোনো তেনেধৰণৰ গাঁথনি সেনাবাহিনীয়ে ধংস বা নষ্ট কৰিব পাৰে।একেদৰে এই আইনৰ দ্বাৰা আইনী পৰোৱানা নোহোৱাকৈয়ে কেৱল মাত্র সন্দেহৰ ভিত্তিত এজন ব্যক্তিক অপৰাধত জড়িত বুলি আটক কৰিব পাৰে।আনকি ,ভৱিষ্যতলৈ তেনে অপৰাধ কৰিব পাৰে বুলিও এই ধাৰাৰ অধীনত যিকোনো ব্যক্তিক আটক কৰিব পাৰে। ভাৰতৰ উত্তৰ পূৰ্ব্বাঞ্চলত সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনৰ ব্যাপক অপপ্রয়োগ হোৱাৰ দাবী উথ্থাপন হোৱাত ভাৰত চৰকাৰে ২০০৪চনত উচ্চতম ন্যায়লয়ৰ প্রাক্তন ন্যায়াধীশ বি.পি.জীৱন ৰেড্ডীৰ নেতৃত্বত পাঁচজনীয়া এখন আয়োগ গঠন কৰি দিয়ে। ৰেড্ডী আয়োগে মানৱ অধিকাৰ খৰ্বৰ ঘটনাবোৰৰ চৰজমিন তদন্ত কৰি ২০০৬ চনৰ ৬জুন তাৰিখে কেন্দ্রীয় চৰকাৰক নিজৰ প্রতিবেদন দাখিল কৰে। দীঘলীয়া প্রতিবেদন খনত আয়োগে কুখ্যাত সশস্ত্র আইনখন বাতিল কৰি কেন্দ্রীয় চৰকাৰক এখন নতুন মানৱীয় আইন প্রৱৰ্তনৰ পৰামৰ্শ আগবঢ়াই। ৰাষ্ট্র সংঘৰ মানৱ অধিকাৰ পৰিষদ ,এমনেষ্টি ইন্টাৰনেচনেল ,তথা হিউমেন ৱাটচ আদিৰ দৰে আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা সমূহেও ভাৰতবৰ্ষৰ পৰা AFSPA আইনখন বাতিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰোধ জনাইছে । সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনখনে International Covenant on Civil and Political Rights ৰ ৬নং অনুচ্ছেদক অৱমাননা কৰিছে বুলি এই সংস্থা সমূহে অভিযোগ তুলিছে ।
উত্তপ্ত এতিয়া নাগালেণ্ড৷প্ৰতিবাদী জনতাই জ্বলাই দিছে সেনাৰ চাউনী৷আৰু তাৰমাজতে দাবী উঠিছে-বাতিল কৰক সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন৷

Leave A Reply

Your email address will not be published.