নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক গভীৰভাৱে অনুতপ্ত ৷ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলিও আছাম ৰাইফলছে ঘোষণা কৰিছে ৷বিবৃতিটোত লগতে এইদৰে কোৱা হয়-‘চোৰাংছোৱা সূত্ৰত খবৰ অনুসৰি সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ ওটিঙ গাঁৱত অভিযান চলাইছিল সেনাৰ দলটোৱে ৷’
উল্লেখ্য যে ওটিঙ গাঁৱৰ কিছুসংখ্যক লোক এখন পিক আপ ভানত সন্ধিয়া সময়ত ঘৰলৈ উভতিছিল ৷ সেই সময়তে তেওলোকক সন্ত্ৰাসবাদী বুলি ভাবি আছাম ৰাইফলছৰ এটা দলে গুলীচালনা কৰে ৷ এই ঘটনাত ১২ জন নীৰিহ লোকৰ মৃত্যু হয় ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.