আজাজ পেটেল! আজিৰ দিনটোত ভাৰতীয় বলাৰৰ বাবে এটা সন্ত্ৰাসৰ নাম আজাজ পেটেল। ভাৰতৰ বিৰুদ্ধে টেষ্ট মেটছৰ এটা ইনিংচতে দহটা উইকেট দখল কৰা কোন এই আজাজ ইউনুছ পেটেল? ভাৰতত জন্মগ্ৰহণ কৰা আজাজ পেটেলে কেনেকৈ স্থান লাভ কৰিলে নিউজিলেণ্ড দলত ? ভাৰতৰ লৰাই ভাৰতৰ মাটিত ভাৰতীয় দলক ধাৰাশায়ী কৰাৰ আঁৰত কি? মুম্বাইৰ ৱাংখেদে ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি আছে ৰোমাঞ্চকৰ ছেকেণ্ড টেষ্ট। এই মেটচখনত টচত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল বিৰাট কোহলি নেতৃত্বাধীন টিম ইণ্ডিয়াই। প্ৰথম দিনা বেটিং কৰি ৪ উইকেটৰ বিনিময়ত ২২১ ৰাণ সংগ্ৰহ কৰিছিল ভাৰতে আৰু ভাৰতে হেৰুওৱা আটাইকেইটা উইকেট দখল কৰিছিল নিউজিলেণ্ডৰ বিধ্বংসী স্পিনাৰ আজাজ পেটেলে। আজি পুনৰ বেটিং কৰিবলৈ আহি বাকী থকা ৬ টা উইকেটৰ বিনিময়ত সৰ্বমুঠ ৩২৫ ৰাণ সংগ্ৰহ কৰে ভাৰতে। কিন্তু ইয়াতেই ঘটিল অঘটন। আমোজনকভাৱে আজি বাকী থকা ৬টা উইকেট পুনৰ দখল কৰিলে আজাজ পেটেলে। পেটেলে এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ লগে লগে মুম্বাইৰ মাটিত স্থাপন হল নতুন অভিলেখ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত ১০টা উইকেট দখল কৰা বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হল আজাজ পেটেল। উল্লেখ্য যে ইয়াৰ পূৰ্বে ইংলেণ্ডৰ জিম লকেৰে ১৯৫৬ চনত আৰু ভাৰতৰ কিংবদয়ন্তি বলাৰ অনিল কুম্বলে ১৯৯৯ চনত টেষ্টৰ এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল। কিন্তু ভাৰতৰ মাটিত ত্রাসৰ সৃষ্টি কৰা কোন এই আজাজ পেটেল? নিউজিলেণ্ডৰ বিধ্বংসী বলাৰ আজাজ পেটেলৰ জন্ম হৈছিল ১৯৮৮ চনৰ ২১ অক্টোবৰত মহাৰাষ্ট্ৰৰ তেতিয়াৰ বোম্বাইত অৰ্থাৎ এতিয়াৰ মুম্বাইত। কিন্তু মুম্বাইৰ আজাজ পেটেলে নিউজিলেণ্ড দলৰ হৈ খেলাৰ সুযোগ পালে কেনেকৈ? প্ৰশ্ন উঠিছে – মুম্বাইৰ লৰা হোৱা বাবেই মুম্বাইৰ মাটিত ভাৰতৰ বিৰুদ্ধে উইকেট লবলৈ সহজ হৈছে নেকি আজাজৰ? প্ৰকৃততে আজাজ আঠ বছৰীয়া হৈ থাকোতেই মুম্বাইৰ এৰি নিউজিলেণ্ডলৈ গুচি গৈছিল আজাজৰ পৰিয়াল। আজাজে ফৰ্ড ট্ৰফীত অংশ গ্ৰহনেৰে ২০১৫ চনৰ ২৭ ডিচেম্বৰত ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। ২০১৫-১৬ বৰ্ষত ঘৰুৱা ক্ৰিকেটত ৪৩ টা উইকেট দখলেৰে সেইটো চিজনৰ সৰ্বাধিক উইকেট দখল কৰিছিল ভাৰতত জন্মগ্ৰহণ কৰা আজাজ পেটেলে। বিগত ২০১৮ চনৰ জুলাই মাহত পাকিস্তানৰ বিৰুদ্ধে শৃংখলাৰ বাবে নিউজিলেণ্ড টেষ্ট টিমত স্থান দিয়া হৈছিল পেটেলক। অৱশ্যে ২০১৮ চনৰ ১৬ নৱেম্বৰতহে পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ হৈ টেষ্ট অভিষেক ঘটাইছিল পেটেলে। সেই খেল খনৰ দ্বিতীয় ইনিংছত আজাজে পাঁচটা উইকেট দখল কৰিছিল আৰু নিউজিলেণ্ড চাৰি ৰাণত জয়ী হৈছিল। সেইখন মেটচত মেন অৱ দ্য মেচ হিচাপে বিবেচিত হৈছিল আজাজ। ২০১৮ চনৰ ৩১ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ হৈ টি-২০ ত আত্মপ্ৰকাশ কৰিছিল আজাজ পেটেলে। একেটা ভ্ৰমণৰ সময়তে আজাজক নিউজিলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া দলতো অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এদিনীয়া শৃংখলাটোত খেলাৰ সুযোগ পোৱা নাছিল আজাজে। ২০২০ চনৰ মে মাহত নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে কেন্দ্ৰীয় চুক্তি প্ৰদান কৰিছিল আজাজক। বিগত ২০২১ চনৰ আগষ্ট মাহত পেটেলক পাকিস্তান ভ্ৰমণৰ বাবে নিউজিলেণ্ডৰ এদিনীয়া দলত স্থান দিয়া হৈছিল। ইয়াৰ পিছতে ভাৰত ভ্ৰমনলৈ অহা নিউজিলেণ্ড দলত অন্তৰ্ভূক্ত কৰা হৈছিল মুম্বাইৰ আজাজ পেটেলক আৰু নিজৰ জন্মভূমিলৈ ঘূৰি আহি মুম্বাইৰ মাটিতে অভিলেখ ৰচিলে আজাজে। আজি এটা ইনিংছত ১৯টা উইকেট দখল কৰা বিশ্বৰ তৃতীয় গৰাকী আৰু নিউজিলেণ্ডৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হল আজাজ পেটেল। আজাজৰ এই সাফল্যৰ পিছতে এতিয়া বিশ্বজুৰি চৰ্চা চলিছে আজাজক লৈ। ভাৰতৰ মাটিত জন্মগ্ৰহণ কৰা আজাজক লৈ কৌতুহলী হৈ পৰিছে দেশবাসী। অৱশ্যে পৰৱৰ্তী সময়তো আজাজ পেটেলে নিজৰ উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে নে নোৱাৰে সেয়াহে হব লক্ষণীয়।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post