মোদীৰ অচ্ছে দিনত প্ৰতিদিনে দেউলীয়া হৈছে ১৭ টাকৈ কোম্পানী

Share This Article

দেশত বৃদ্ধি পাইছে অৰ্থনৈতিক অস্থিৰতা। দেউলীয়া কোম্পানীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। এই কোম্পানীবোৰে বিভিন্ন কাৰণত ব্যৱসায়ত টিকি থাকিব পৰা নাই। এটা দুটা নহয়, পৰিসংখ্যা দেখি আপুনিও আচৰিত হ’ব। দেশত বিগত ৬ বছৰত ৪০ হাজাৰৰো অধিক কোম্পানী দেউলীয়া হৈছে। অৰ্থাত্ প্ৰতিদিনে দেশত দেউলীয়া হৈছে গড়ে ১৭টাকৈ কোম্পানী। শেহতীয়াকৈ এই তথ্য প্ৰদান কৰিছে কৰ্পৰেট মন্ত্ৰালয়ে।

লোকসভাত বিজেপি সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীয়ে সোধী এটা লিখিত প্ৰশ্নৰ উত্তৰত বিত্ত আৰু কৰ্পৰেট এফেয়াৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰা উত্তৰত এই পৰিসংখ্যা ওলাই পৰিছে। বিজেপি সাংসদগৰাকীয়ে সুধিছিল, ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে কিমান কোম্পানীয়ে দেউলীয়া ঘোষণা কৰিছে? লগতে সাংসদগৰাকীয়ে কোম্পানীবোৰৰ শিতানো উল্লেখ কৰিবলৈ আহ্বান জনায়।

এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৪ চনৰ ছেপ্তেম্বৰ মাহলৈকে ৪০,৯৪৩ টা কোম্পানীয়ে দেউলীয়া ঘোষণা কৰিছে বুলি উল্লেখ কৰে। কৰ্পৰেট মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ মাৰ্চলৈকে ৯,২৪৩টা কোম্পানী দেউলীয়া হৈছিল। ইয়াৰ পিছত ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২০ চনৰ মাৰ্চলৈ এই সংখ্যা বৃদ্ধি পাই ১২,৩৭৩টা কোম্পানীলৈ বৃদ্ধি পাইছে। কৰ’না মহামাৰীৰ সময়ত ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত ৩,৩৯২ টা কোম্পানী দেউলীয়া হোৱাৰ বিপৰীতে ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে ৪,৮৫৫ টা কোম্পানী দেউলীয়া হৈছিল। ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৩ চনৰ মাৰ্চলৈকে ৪,৭৩০টা কোম্পানীয়ে দেউলীয়া ঘোষণা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল আৰু ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে এই সংখ্যা আছিল ৪,০১৪। চলিত বৰ্ষৰ প্ৰথম ছমাহত অৰ্থাৎ ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ২৩৩৬টা কোম্পানী দেউলীয়া ঘোষণা কৰা হৈছে। ২০১৯ চনৰ পৰা যদি ২০২৪ চনৰ মাৰ্চ মাহলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালটোলৈ লক্ষ্য কৰা হয়, তেতিয়া ওলাই পৰে যে দ্বিতীয়টো কাৰ্যকালত ২৯,৩৬৪টা কোম্পানী দেউলীয়া হৈছিল।

তথ্য অনুসৰি দেউলীয়া কোম্পানীসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। কৰ্পৰেট মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত মুঠ ৩,৩৯৬টা কোম্পানীৰ পৰা ৩,৭৪,০০০ কোটিতকৈ অধিক ধন আদায় কৰা হৈছে।

-loksabhaquestions-annex-183-AS5_w0RajI
কিন্তু কিয় ক্ৰমান্বয়ে বৃদ্ধি পাইছে দেউলীয়া কোম্পানীৰ সংখ্যা? এই দেউলীয়া কোম্পানীবোৰৰ বাবে সাধাৰণ জনতা বা ৰাজহুৱা খণ্ড কিমান ক্ষতিগ্ৰস্ত হৈছে? বা কোম্পানীবোৰক দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ক্ষেত্ৰত চৰকাৰে নীতিৰ সাল-সলনিৰ প্ৰয়োজন আছে নেকি? এই বিষয়বোৰ চৰকাৰী যন্ত্ৰই বিবেচনা কৰিছেনে? উন্নয়ণশীল দেশ এখনত এনেকৈ হাজাৰ হাজাৰ কোম্পানী দেউলীয়া হোৱাটো যে এক শুভ লক্ষণ নহয়, সেয়া উপলব্ধি কৰি চৰকাৰে সুস্পষ্ট কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো একান্তই বাঞ্চনীয়। কেৱল আদানী-আম্বানীয়েই দেশৰ উদ্যোগীকৰণৰ ভেঁটি গঢ়ি নিদিয়ে, সৰু সৰু কোম্পানীবোৰৰ বিকাশৰ প্ৰতিও চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.