সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনেকৈ কোটিপতি হৈছিল ৰতন টাটা?

ৰতন টাটালৈ অসম বৈভব সন্মান প্ৰদান কৰিছে অসম চৰকাৰে৷কেঞ্চাৰ চিকিৎসা সেৱাত অসমলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰতন টাটাক প্ৰদান কৰা হৈছে অসম বৈভব সন্মান৷দেশৰ এইজন উদ্যোগপতি বর্তমান টাটা চনচ আৰু টাটা গ্ৰুপৰ অধ্যক্ষ৷ প্ৰায় ১০০ টা কোম্পানীৰ সাম্ৰাজ্য তথা ৬৭ বিলিয়ন ডলাৰৰ ব্যবসায় পৰিচালনা কৰা ৰতন টাটা কেনেকৈ পৰিণত হল এগৰাকী সফল উদ্যোগপতিত?ভাৰতৰ অন্যতম প্ৰসিদ্ধ উদ্যোগপতি ৰতন নাভাল টাটা হৈছে টাটা চনচ আৰু টাটা গ্ৰুপৰ বৰ্তমানৰ অধ্যক্ষ। ৭৩ বছৰ বয়সটো দেশৰ অন্যতম বৃহৎ বিজনেছ গ্ৰুপ টাটাৰ দায়িত্ব চম্ভালি আছে ৰতন টাটাই। ৰতন টাটাৰ অধীনত আছে প্ৰায় শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি ৬৭ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে ৰতন টাটাই। টাটা ষ্টীল-টাটা মটৰ্চ-টাটা টেলিচাৰ্ভিচেছ পাৱাৰ-টাটা কনসালটেন্সি চাৰ্ভিচেছ-টাটা টি- টাটা কেমিকেলচ আৰু ইণ্ডিয়ান হোটেল কোম্পানীৰ দৰে টাটা গ্ৰুপৰ প্ৰধান কোম্পানী কেইটাৰ অধ্যক্ষ হৈছে ৰতন টাটা। দেশৰ অন্যতম চৰ্চিত ব্যক্তি ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত। মুম্বাইৰ এটা সম্ভ্ৰান্ত আৰু ধনী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল টাটাই। ৰতন টাটাৰ পিতামহ আছিল টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা। পিতৃ মাতৃৰ বিবাহ বিচ্ছেদে ৰতন টাটাৰ শৈশৱ দুর্বিসহ কৰি তুলিছিল। অৱশ্যে আইতাক লেডী নৱাজবাই বিলাসী টাটা পেলেচত একোৰে অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ডাঙৰ দীঘল কৰিছিল ৰতন টাটাক। যথোপযুক্ত বয়সত Architacture এণ্ড Structural ইঞ্জিনি়য়াৰিং অধ্যয়ন কৰিবলৈ আমেৰিকাৰ কৰ্ণেল বিশ্ববিদ্যালয়লৈ গুচি গৈছিল ৰতন টাটা। পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা Management Courseৰ ডিগ্ৰী অৰ্জন কৰিছিল ৰতন টাটাই। ১৯৬২ চনত ৰতন টাটাই টাটা গ্ৰুপত যোগদান কৰিছিল। প্ৰথমে জামছেদপুৰৰ টাটা ষ্টীল বিভাগৰ কাম কাজৰ সৈতে জড়িত হৈ পৰিছিল টাটা। ১৯৭১ চনত নেচনেল ৰেডিঅ এণ্ড ইলেক্ট্ৰনিক্স কোম্পানী লিমিটেড চমুকৈ নেলকোৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল ৰতন টাটাক। ৰতন টাটাই দায়িত্ব লোৱাৰ পিছতে নেলকোক নিজৰ পক্ষলৈ ঘূৰাই অনাত সফল হৈছিল টাটা গ্ৰুপ। ৰতন টাটাই পিছত টাটা ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ হোৱাৰ পথ প্ৰশস্ত কৰিছিল আৰু টাটা গ্ৰুপত বিভিন্ন ধৰণৰ সংস্কাৰ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰতন টাটাৰ পৰিচালনাত টাটা কনচাল্টেন্সি চাৰ্ভিচেছ ৰাজহুৱা হৈছিল আৰু টাটা মটৰ্চক নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছিল। ইয়াৰ ফলত টাটা গ্ৰুপে একপ্ৰকাৰ আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছিল। কৰাছ অৰ্থাৎ এংলো-ডাচ্চ ষ্টীল আৰু এলুমিনিয়াম উৎপাদক তথা ফৰ্ড কোম্পানীৰ জাগুয়াৰ আৰু লেণ্ড ৰোভাৰ ব্ৰেণ্ডৰ ক্ষেত্ৰত টাটাক সফল নিবিদাৰ নেতৃত্ব প্ৰদানকাৰী হিচাপে কৃতিত্ব দিয়া হয় ৰতন টাটাক। ৰতন টাটাৰ কাৰ্যকালত কোম্পানীটোৱে দেশৰ প্ৰথমখন গাড়ী ইণ্ডিকা মুকলি কৰিছিল। গাড়ীখনৰ কনচেপ্ত আছিল ৰতন টাটাৰ। ২০২০ চনত টাটাৰ খাদ্য বিভাগে জিবিপি ৭০ নিযুতৰ বিনিময়ত চাহ প্ৰতিষ্ঠান টেটলী অধিগ্ৰহণ কৰিছিল। ২০০৯-১০ বৰ্ষত গোটটোৰ ৰাজহ প্ৰায় ১২ গুণ বৃদ্ধি পাইছিল আৰু হৈছিলগৈ মুঠ ৬৭.৪ বিলিয়ন আমেৰিকান ডলাৰ। টাটাই ফিয়াট এছপিএ আৰু এলকোৱাৰ বোৰ্ডতো কাম কৰিছিল আৰু লগতে মিৎসুবিচি কৰ্পোৰেচন-আমেৰিকান ইণ্টাৰনেচনেল গ্ৰুপ-জে পি মৰ্গান চেজ-ৰোলছ ৰয়েছ-টেমাছেক হোল্ডিংছ আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ আন্তৰ্জাতিক পৰামৰ্শদাতা বোৰ্ডৰ সদস্যপদত আছে ৰতন টাটা। ২০২০ চনত ভাৰত চৰকাৰে ৰতন টাটাক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল। পিছত ওহাইঅ ষ্টেট ইউনিভাৰ্চিটিয়ে Business Administrationত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ইয়াৰ লগতে বেংককৰ এছিয়ান ইনষ্টিটিউট অৱ টেকনলজীয়ে প্ৰযুক্তিবিদ্যাত সন্মানীয় ডক্টৰেট আৰু ৱাৰউইক বিশ্ববিদ্যালয়ে বিজ্ঞানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ৰতন টাটাক। টাটাৰ প্ৰায় ৩০০ নিযুত ব্যক্তিগত সম্পত্তি আছে আৰু বিশাল গ্ৰুপটোৰ ১% তকৈও কম ব্যৱসায়ৰ মালিক টাটা। টাটা গ্ৰুপৰ দুই তৃতীয়াংশতকৈও অধিক দাতব্য ন্যাসৰ মালিকানাধীন অৰ্থাৎ ইয়াৰ পৰা দেশৰ হিতৰ বাবে পুঁজি যোগান ধৰা হয়। মুম্বাইৰ ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত উদাৰতাৰ এক নিখুঁত উদাহৰণ স্থাপন কৰিছিল ৰতন টাটাই। এনে এক ভয়ানক পৰিস্থিতিত তাজ হোটেলৰ বাহিৰত একেবাৰে অকলে নিৰস্ত্ৰ হৈ থিয় হৈ আছিল ৰতন টাটা। ভুক্তভোগীক উদ্ধাৰৰ কাৰ্যকলাপবোৰ তদাৰক কৰিছিল টাটাই। সন্ত্ৰাসবাদী আক্ৰমণত নিহত বা আহত হোৱা ৮০ জন কৰ্মচাৰীৰ পৰিয়ালক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানৱীয় ভঙ্গী প্ৰদৰ্শন কৰিছিল ৰতন টাটাই। টাটাই ভুক্তভোগীক সহায়ৰ বাবে চেষ্টাৰ কোনো ক্ৰুতি কৰা নাছিল। হয়টো আগন্তুক এটা বছৰৰ ভিতৰত অৱসৰ লব জীৱন্ত কিংবদয়ন্তি ৰতন টাটাই।অৱশ্যে বাতৰি অনুসৰি অৱসৰৰ পিছৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে ৰতন টাটাই। টাটাই এটা আন্তৰ্জাতিক মানদণ্ডৰ ডিজাইন চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ৰতন টাটাই ইতিমধ্যেই বহুতো অভিনৱ ডিজাইন আৰু সামগ্ৰীৰ বিকাশৰ নেতৃত্ব দিছে । ৰতন টাটাৰ আটাইতকৈ প্ৰসিদ্ধ ডিজাইনটো হৈছে নেনো কাৰ। দুচকীয়া বাহনত অহা-যোৱা কৰা মধ্যবিত্ত পৰিয়ালবোৰৰ সুৰক্ষাৰ বাবে চিন্তাৰে নেনোৰ ধাৰণাটো জন্ম হৈছিল। ৰতন টাটাই পৰামৰ্শ দিছিল যে ক্ষুদ্ৰ গাড়ীখনত মাত্ৰ এটা উইণ্ডস্ক্ৰীণ ৱাইপাৰ লগোৱা উচিত। ইয়েই গাড়ী খনৰ মূল্য আৰু মেইনটেনেনন্স ব্যয় হ্ৰাস কৰিছিল। টাটাই আনকি কম দামত পৰিষ্কাৰ খোৱা পানীও যোগান ধৰে আৰু পুনেস্থিত কেইজনমান ডিজাইনাৰক মাত্ৰ ১০০০ টকাৰ উপ-পানী পৰিশোধকৰ স্বচ্ছ বিকাশত সহায় কৰে। বাস্তৱ জীৱনৰ স্নাতক ৰতন ভাল পায় গোপনীয়তা। মিডিয়াৰ স্পটলাইটৰ পৰা আঁতৰি থাকি ভাল পায় টাটাই। ৰতন টাটাৰ সংগী হৈছে কিতাপ আৰু কুকুৰ।অৱশ্যে আচাৰ্য্যজনক কথা এই টোৱেই যে ৰতন টাটাই কেতিয়াও ফৰ্বছ বিলিয়নেয়াৰ তালিকাত স্থান পোৱা নাই। অগাধ সম্পত্তিৰ গৰাকী হৈয়ো মাটিৰ মানুহ হৈ জীয়াই থাকিবলৈ শিকা ৰতন টাটা হৈছে দেশৰ শিৰৰ মুকুট। দুখীয়া জনতাৰ কাষত সদায়েই সহায়ৰ হাত হৈ থিয় দিয়া ৰতন টাটাক এতিয়া আমনি কৰিছে বাৰ্ধক্যতাই। অৱসৰৰ পিছতো আজিৰ দৰেই চিৰ তৰুণ হৈ থাকক ৰতন টাটা-এতিয়া তাকেই কামনা কৰিছে দেশৰ জনসাধৰণে।

Leave A Reply

Your email address will not be published.