ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?

Share This Article

২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি। ঢাকা বিমানবন্দৰৰ পৰা যোৱা সোমবাৰে ইস্কন অৰ্থাৎ international society of krishna conscienceৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হয়। ৰাষ্ট্রদ্ৰোহৰ অপৰাধত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত গ্ৰেপ্তাৰ কৰা হয় ধৰ্ম গুৰু জনক। উল্লেখ্য যে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰম্ভ হোৱাৰে পৰা ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত বাঢ়িছে অত্যাচাৰ আক্ৰমণ। তাৰ সৰৱ সমালোচনা কৰি আহিছিল ধৰ্ম গুৰু চিন্ময় কৃষ্ণ দাসে। দেশখনৰ আন সংখ্যালঘু ধৰ্মৰ মানুহৰ এক সোচ্ছাৰ কণ্ঠ হিচাপে পৰিচিত হৈছিল চিন্ময় কৃষ্ণ দাস। তেওঁৰ গ্ৰেপ্তাৰৰ পাছতেই অধিক উত্তপ্ত হয় বাংলাদেশৰ পৰিস্থিতি। ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মুকলিৰ দাবীত হয় ব্যাপক প্ৰতিবাদ। ঢাকা, ৰংপুৰ আৰু ছট্টগ্ৰামত এই প্ৰতিবাদে লয় ভয়ংকৰ ৰূপ। ছট্টগ্ৰামত হোৱা প্ৰতিবাদৰ সময়তে এগৰাকী অধিবক্তা আৰু এজন আৰক্ষী বিষয়া নিহত হয়। অভিযোগ অনুসৰি ছাইফুল ইছলাম আৰিফ নামৰ অধিবক্তাগৰাকীক একাংশ হিন্দু প্ৰতিবাদকাৰীয়ে হত্যা কৰে। এই সংঘৰ্ষৰ সময়ত আহত হয় প্ৰায় অৰ্ধ শতাধিক লোক। অধিবক্তাগৰাকীৰ মৃত্যুৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে প্ৰায় ৩০জন লোক। ইফালে ইস্কনক বাংলাদেশত নিষিদ্ধ কৰাৰ দাবীৰে উত্তাল হয় ৰাজপথ তথা ন্যায়ালয়। ধৰ্মীয় মৌলবাদ বিয়পোৱা অথবা মানুহক উত্তেজিত কৰাৰ অভিযোগ উঠে ইস্কনৰ বিৰুদ্ধে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছানত আব্দুল্লাই অভিযোগ তুলি কয় যে আৱামী লীগৰ সহযোগত ইস্কনে যোৱা ১৬ বছৰ ধৰি বাংলাদেশত বিভিন্ন উচতনিমূলক কাম কৰি আহিছে। ইফালে বুধবাৰে ছট্টগ্ৰাম বিচাৰপীঠত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এটৰ্ণী জেনেৰেল মহম্মদ আছাদুজ জামানে ইস্কনক সন্ত্ৰাসবাদী সংগঠন বুলি যুক্তি প্ৰদৰ্শন কৰে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ তৰফৰ পৰা ইস্কনক নিষিদ্ধ কৰিবলৈ ন্যায়ালয়ত দাখিল কৰা হয় আবেদন। এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰৰ স্থিতি কি সেয়া বাংলাদেশৰ ন্যায়ালয়ত শপতনামা যোগে জনাবলৈ নিৰ্দেশ দিয়া হয়। অৱশ্যে বাংলাদেশত নিষিদ্ধ নহয় ইস্কন। ইস্কনক নিষিদ্ধ ঘোষণা কৰিবলৈ জনোৱা দাবী নাকচ কৰে বাংলাদেশ উচ্চ ন্যায়লয়ে। কিন্তু তথাপিও দেশখনত বৰ্ধিত ধৰ্মীয় উন্মাদনা, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ, ইস্কনক নিষিদ্ধ কৰাৰ দাবী আদিৰ পাছতে উত্থাপিত হৈছে প্ৰশ্ন। ধৰ্মনিৰপেক্ষতা অব্যাহত থাকিব নে বাংলাদেশত? সম্পূৰ্ণকৈ ধৰ্মীয় গোড়ামিৰ কবলত সোমাব নেকি বাংলাদেশ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.