কিয় আকাশলংঘী হৈছে গুৱাহাটী অভিমুখী বিমানৰ টিকট?

উৰে দেশ কা আম নাগৰিক–মোদী চৰকাৰৰ উড়ান আঁচনিৰ এয়াই সম্পূৰ্ণ নাম৷ লক্ষ্য আছিল সাধাৰণ নাগৰিককো বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰা৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰ খতিয়ান দি এইবুলি কৈছিল, ‘হাৱাই ছেণ্ডেল পিন্ধা সাধাৰণ নাগৰিকেও বিমানত যাত্ৰা কৰাৰ সুবিধা পোৱা উচিত৷ সেয়া সম্ভৱ হৈ থকা মই দেখি আছো৷’ কিন্তু প্ৰধানমন্ত্ৰীৰ এই দাবী সঁচানে? হাৱাই ছেণ্ডেল পিন্ধা সাধাৰণ নাগৰিক বাদেই মধ্যবিত্ত আৰু আৰ্থিকভাৱে সমৰ্থৱান লোকৰ বাবেও গুৱাহাটীলৈ বিমান যাত্ৰা কৰাটো দু:সাধ্য হৈ পৰিছে৷ ইয়াৰ মূল কাৰণেই হ’ল গৌতম আদানি৷ আমেৰিকাৰ আদালতত অভিযুক্ত হোৱা ধনাঢ্য গৌতম আদানিৰ মুনাফাৰ বাবেই বিমান পৰিবহণ খণ্ডলৈ এক ভয়াৱহ দুৰাৱস্থা নামি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিয়ে গুৱাহাটী বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰা গুৱাহাটী অভিমুখী বিমানৰ টিকটৰ দাম আকাশলংঘী হাৰত বৃদ্ধি পাইছে৷ আজিৰ দিনটোত দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানত টিকটৰ মূল্য ১৩ হাজাৰ টকাৰ পৰা ১৭ হাজাৰ টকা পৰ্যন্ত হৈছে৷ কোনো কোনো সময়ত ১৮-১৯ হাজাৰ টকাত বিমানৰ টিকট ক্ৰয় কৰিবলগীয়া হৈছে যাত্ৰীয়ে৷ একেদৰেই মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানৰ টিকটৰ মূল্য ১৯ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত হৈছে৷ কিন্তু কিয় এনে হৈছে?
শেহতীয়াকৈ আদানি গ্ৰুপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ লেণ্ডিং আৰু পাৰ্কিং মাচুলৰ লগতে ইউজাৰ ডেভ’ল’পমেণ্ট ফীজ দুগুণ বৃদ্ধি কৰিছে৷ আদানি গ্ৰুপে ৫০ বছৰৰ বাবে লীজত লোৱা গুৱাহাটী বিমান বন্দৰত বিগত ১৬ ছেপ্তেম্বৰৰ পৰা নিৰ্ধাৰণ কৰা হৈছে নতুন মাচুল৷ প্ৰতিটো ক্ষেত্ৰতে আদানি গ্ৰুপে দুগুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাৰ ফলত বিমান যাত্ৰী, বিমান পৰিবহণ সংস্থাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ বিগত ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হোৱা লেণ্ডিং মাচুল অনুসৰি, ২০২৫ চনৰ ৩১ মাৰ্চলৈ একোখন ঘৰুৱা বিমানে বিমানখনৰ প্ৰতি মেট্রিকটন ওজনৰ বিপৰীতে ৯৯৫ টকাকৈ আদায় দিব লাগিব৷ ২০২৫ চনৰ ১এপ্ৰিলৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈ এই মাচুল হ’ব প্ৰতি মেট্ৰিকটনত ১,১৯৫ টকাকৈ৷ অথচ ইয়াৰ পূৰ্বে গুৱাহাটী বিমান বন্দৰত বিমানৰ লেণ্ডিং মাচুল বিমানৰ ওজন অনুসৰি পৃথকে পৃথকে নিৰ্ধাৰণ কৰা হৈছিল৷ পূৰ্বৰ মাচুলৰ গাঁথনি অনুসৰি, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ১৬ ছেপ্তেম্বৰৰ আগলৈকে ১০০ মেট্ৰিকটন পৰ্যন্ত একোখন ঘৰুৱা বিমানৰ লেণ্ডিং মাচুল আছিল প্ৰতি মেট্ৰিকটনত ৩৪৭ টকা৷ ইয়াৰ লগত ১২,৫০৮ টকাৰ আন এক মাচুল আদায় লোৱা হয়৷ অৰ্থাৎ ১০০ মেট্ৰিকটন ওজনৰ এখন বিমানৰ পূৰ্বৰ লেণ্ডিং ফীজ আছিল ৪৭,২০৮ টকা৷ কিন্তু বিগত ১৬ ছেপ্তেম্বৰৰ পৰা লেণ্ডিং ফীজ নিৰ্ধাৰণ কৰা হৈছে প্ৰতি মেট্ৰিকটনত ৯৯৫ টকা৷ অৰ্থাৎ , ১০০ মেট্ৰিকটন ওজনৰ এখন বিমানৰ এতিয়াৰ লেণ্ডিং মাচুল হ’ল ৯৯,৫০০ টকা৷ এনেদৰে ১০০ মেট্ৰিকটন ওজনৰ এখন বিমানৰ লেণ্ডিং মাচুল বৃদ্ধি হ’ল ৫২,২৯২ টকাকৈ৷ যিটো দুগুণতকৈও অধিক৷ এই অস্বাভাৱিক মাচুল বৃদ্ধিৰ বোজা বিমান পৰিবহণ কোম্পানীসমূহে নিশ্চয় যাত্ৰীৰ মূৰৰ ওপৰতে পেলাব৷ এই আশংকাই এতিয়া বাস্তৱ হৈছে৷
কেৱল সেয়াই নহয়, ইউজাৰ ডেভ’লপমেণ্ট মাচুলো আদানিয়ে অস্বাভাৱিক ৰূপত বৃদ্ধি কৰিছে৷ পূৰ্বতে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰা যাত্ৰীৰ ক্ষেত্ৰত কোনো মাচুল প্ৰযোজ্য হোৱা নাছিল৷ কিন্তু এতিয়া গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰা প্ৰতিগৰাকী ঘৰুৱা যাত্ৰীৰ পৰা ২৩৫ টকাকৈ আৰু আন্তৰ্জাতিক যাত্ৰীৰ পৰা ৩৩০ টকাকৈ আদায় লোৱা হৈছে৷ এই মূল্য যাত্ৰীৰ টিকটত পোনপটীয়াকৈ সন্নিৱিষ্ট হৈ আছে৷ যাৰ বাবে দেশৰ আন প্ৰান্তৰ পৰা গুৱাহাটীলৈ বিমানযাত্ৰা কৰাটো অত্যাধিক খৰচী হৈ পৰিছে৷ উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই যে বিমান বন্দৰ ব্যক্তিগত কোম্পানীক লীজত দিয়াৰ চৰকাৰী সিদ্ধান্তৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে গৌতম আদানি৷ যি আদানিৰ বিৰুদ্ধে উৎকোচ দি অধিক দামত বিদ্যুৎ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আমেৰিকাৰ আদালতত উত্থাপণ হৈছে৷ এই উৎকোচ কাণ্ডৰ তদন্ত বিচাৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে যদিও শাসক দল আৰু চৰকাৰ ব্যস্ত আদানিক বচোৱাত৷ সেই আদানিয়ে শক্তিখণ্ডৰ পৰা বিমান পৰিবহণ খণ্ডলৈ একছত্ৰী অধিকাৰ সাব্যস্ত কৰি গৈছে৷ এই একাধিকাৰৰ সুযোগ লৈয়ে জনতাক লুণ্ঠনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে আদানি গ্ৰুপে৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা গৈছে গুৱাহাটী বিমান বন্দৰত৷ আদানিৰ লুণ্ঠনৰ ফল যে সাধাৰণ যাত্ৰীৰ পৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰইও ভুগিব লাগিব, সেয়া নিশ্চিত৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296