সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পৰেশ বৰুৱাৰ চৰম শাস্তি ৰেহাই ভাল খবৰ নে বেয়া খবৰ?

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু কোষ্টেল গাৰ্ডে এই এই অস্ত্ৰসমূহ জব্দ কৰে৷ কৰ্ণফুলী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হ’ল৷ ১১ জুনত ৪৩ জনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু ৪৫ জনৰ বিৰুদ্ধে চোৰাং চালানৰ অভিযোগত গোচৰ ৰুজু কৰা হ’ল৷ বিষয়টো বিভিন্ন ধৰণে গাপ দিয়াৰ চেষ্টাও চলিল৷ কিন্তু চট্টগ্ৰামৰ বিশেষ আদালতে বিস্তাৰিত তদন্তৰ নিৰ্দেশ দিলে৷ উচ্চ পৰ্যায়ৰ তদন্ত হ’ল৷ আৰু বহু মানুহৰ নাম সাঙোৰ খাই পৰিল৷ ১০২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে নতুনকৈ চাৰ্জশ্বীট দাখিল হ’ল৷ অস্ত্ৰ সৰবৰাহত অভিযুক্ত হ’ল ৫০ জন৷ আন ৫২ জনৰ বিৰুদ্ধে চোৰাংচালানৰ অভিযোগ৷ অভিযুক্তৰ মাজত আছিল সেই সময়ৰ বাণিজ্যমন্ত্ৰী তথা জামাত ই ইছলামৰ প্ৰধান নেতা মতিউৰ ৰহমান নিজামী, গৃহমন্ত্ৰী তথা বি এন পিৰ নেতা লুৎফুজ্জমান বাব, বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব নুৰুল আমিন, ডি জি এফ আইৰ সঞ্চালকপ্ৰধান ব্ৰিগেডিয়াৰ আব্দুৰ ৰহিম, আলফাৰ কামাণ্ডাৰ ইন ছীফ পৰেশ বৰুৱাও৷ অস্ত্ৰ আহিছিল চীনৰ পৰা৷ সৰবৰাহ কৰা হৈছিল আলফাৰ বাবে৷সেই অস্ত্ৰ যদি অসমত প্ৰৱেশ কৰিলেহঁতেন কি পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন, কোনেও কল্পনা কৰিব নোৱাৰে৷ ২০১৪ চনৰ ৩০ জানুৱাৰীত চট্টগ্ৰাম মহানগৰৰ বিশেষ ট্ৰিবুনেলে এই গোচৰৰ ৰায় প্ৰদান কৰে৷ তদানীন্তন বাণিজ্য মন্ত্ৰী মতিউৰ ৰহমান নিজামী, গৃহমন্ত্ৰী তথা বি এন পিৰ নেতা লুৎফুজ্জমান বাবৰ, আলফাৰ কামাণ্ডাৰ ইন চীফ পৰেশ বৰুৱাসহ ১৪ গৰাকীক দিয়া হ’ল ফাঁচীৰ নিৰ্দেশ৷ অন্যসকলক যাৱজ্জীৱন কাৰাদণ্ড৷ ২০১৪ চনৰ ৬ ফেব্ৰুৱাৰীত হাইকোৰ্টৰ ডেথ ৰেফাৰেন্স শাখালৈ প্ৰেৰণ কৰা হ’ল এই নিৰ্দেশৰ প্ৰতিলিপি৷ ইপিনে, কাৰাবন্দী হৈ থকা অন্য আচামীসকলে এই ৰায়ৰ বিৰুদ্ধে হাইক’ৰ্টত দাখিল কৰিলে সুকীয়া আবেদন৷ বছৰ বাগৰি গ’ল৷ দহ বছৰ ধৰি পৰেশ বৰুৱা হৈ থাকিল বাংলাদেশত ডেথ চেন্টেন্স পোৱা দুৰ্ধৰ্ষ অপৰাধী৷ কিন্তু বাংলাদেশৰ শেহতীয়া পট পৰিৱৰ্তনে পৰেশ বৰুৱাৰ ভাগ্যলৈও যেন পৰিৱৰ্তন আনিলে৷ ২০২৪ চনৰ ১৮ ডিচেম্বৰত মৃত্যুদণ্ড পোৱা আছামীসকল সন্দৰ্ভত ৰায়দান কৰিলে হাইক’ৰ্টৰ বিচাৰপীঠে৷ মৃত্যুদণ্ডৰ শাস্তি পোৱা এই গোচৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে তেতিয়াৰ গৃহমন্ত্ৰী তথা বি এন পিৰ নেতা লুৎফুজ্জমান বাবৰসহ ৬ গৰাকী অপৰাধীক৷ আন ছগৰাকীক ১০ বছৰৰ কাৰাদণ্ড দিয়া হৈছে৷ মৃত্যুদণ্ডেৰে দণ্ডিত পৰেশ বৰুৱাৰো শাস্তি ফাঁচীৰ সলনি যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে৷

এই ঘটনাবোৰ ইমানেই তৎপৰতাৰে ঘটিব লৈছে যে ভাৰতৰ বাবে ই এক শংকাৰ কাৰণ হৈ পৰিছে৷ সেই ভয়াৱহ অস্ত্ৰ সৰবৰাহৰ গোচৰৰ পৰা বহু অভিযুক্তই ৰেহাই পোৱাটো ভাৰতৰ বাবে স্বস্তিদায়ক খবৰ নহয়৷ কাৰণ, তাৰ পূৰ্বেই ভাৰতলৈ বাংলাদেশৰ পৰা আহিেছ আন কেইবাটাও বেয়া খবৰ৷ প্ৰথমটো বেয়া খবৰ আহিল ১৩ নৱেম্বৰ, ২০২৪ত৷ খবৰ অনুসৰি পাকিস্তানৰ এখন কাৰ্গো জাহাজ পোনপটীয়াকৈ চট্টগ্ৰাম ( পূৰ্বৰ চিটাগং) বন্দৰত প্ৰৱেশ কৰিছে৷ বাংলাদেশ স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এইদৰে পাকিস্তানী জাহাজ পোনপটীয়াকৈ বাংলাদেশত প্ৰৱেশ কৰিছে৷ ইয়াৰ আগলৈকে পাকিস্তানৰ পৰা সামগ্ৰী পৰিবহণ কৰা কোনো জাহাজ বাংলাদেশলৈ পোনপটীয়াকৈ যোৱাৰ উদাহৰণ নাই৷ বাংলাদেশ – পাকিস্তানৰ মাজত ব্যৱসায় সম্পন্ন হৈছিল মালয়েছিয়া নাইবা শ্ৰীলংকাৰ মাধ্যমেৰে৷ ১৯৭১ৰ যুদ্ধৰ সময়ত পাকিস্তানে বাংলাদেশৰ ওপৰত যি বৰ্বৰ আচৰণ দেখুৱাইছিল, সেয়া বাংলাদেশে সুদীৰ্ঘ ৫ টা দশক পাহৰিব পৰা নাছিল৷ কিন্তু শ্বেখ হাছিনাৰ পলায়নৰ পাছত বাংলাদেশ-পাকিস্তান পোনপটীয়া ব্যৱসায়িক বন্ধু হৈ পৰিল৷ পাকিস্তানৰ মতে এয়া ‘দ্বিপাক্ষিক ব্যৱসায়ৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ৷’কিন্তু ভাৰতৰ বাবে পাকিস্তান – বাংলাদেশৰ এই পোনপটীয়া ব্যৱসায় মুঠেও ভাল খবৰ নহয়৷ যি চিটাগং বন্দৰত পাকিস্তানী জাহাজ পোনপটীয়াকৈ প্ৰৱেশ কৰিছে, সেই চিটাগঙতেই ২০০৪ চনত উদ্ধাৰ হৈছিল এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ৷ যি অস্ত্ৰ প্ৰেৰণ কৰিবলৈ লোৱা হৈছিল উত্তৰ-পূৱৰ সীমাৰে ভাৰতলৈ৷ দক্ষিণ-পূৱ এছিয়াৰ চোৰাং অস্ত্ৰ ব্যৱসায়ৰ সৰ্ববৃহৎ ঘটনা আছিল সেয়া৷ অস্ত্ৰ সৰবৰাহত জড়িত আছিল আলফা৷ কোৱা হয়, আই এছ আইৰ সহযোগতে ভাৰতলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছিল ৪.৫ মিলিয়ন ডলাৰৰ পৰা ৭ মিলিয়ন ডলাৰৰ সেই অস্ত্ৰ ভাণ্ডাৰ৷ এই ঘটনাই ভাৰতক শংকিত কৰি তুলিছিল৷ কিন্তু তাৰ পাছৰ বছৰতেই বাংলাদেশৰ মংগলা বন্দৰ পৰিচালনাৰ দায়িত্ব ভাৰতে নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল৷ যিটো ভাৰতৰ বাবে আছিল এটা ডাঙৰ কূটনৈতিক সফলতা৷ কিন্তু চিটাগঙত পাকিস্তানী জাহাজৰ প্ৰৱেশ ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিফলতা৷ কাৰণ, এই বন্দৰ এই বন্দৰ ম্যানমাৰৰ নিচেই কাষতে অৱস্থিত৷ চিটাগঙৰ পৰা মিজোৰামৰ দূৰত্ব হ’ল মাত্ৰ ৭৫ কিলোমিটাৰ৷ আগৰতলাৰ পৰা ২২৫ কিলোমিটাৰ৷ চিটাগং বন্দৰ কেনেদৰে আলফা আৰু এন এছ চি এনে ব্যৱহাৰ কৰিছিল, সেয়া ২০০৪ চনতেই স্পষ্ট হৈ পৰিছিল৷ এইবাৰ আকৌ পাকিস্তানী জাহাজৰ চিটাগঙত নিৰ্বিবাদ প্ৰৱেশ ভাৰত, বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে৷ অস্ত্ৰ সৰবৰাহৰ গোচৰত অভিযুক্তৰ ৰেহাই আৰু চিটাগঙত পাকিস্তানী জাহাজৰ প্ৰৱেশ, এই দুয়োটা ঘটনা ভাৰতৰ বাবে, বিশেষকৈ অসম তথা উত্তৰ পূৱৰ বাবে এক অস্থিৰ সময়ৰ আগজাননী৷

- Donation -

Leave A Reply

Your email address will not be published.