সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত এৰিব মুকেশ আম্বানীয়ে !

ভাৰত এৰিব পাৰে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৷ এই বিষয়টো লৈ এতিয়া টুইটাৰত তুমুল চৰ্চা চলিছে ৷ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ‘মিড ডে’ত প্ৰকাশিত খবৰ অনুসৰি মুকেশ আম্বানীয়ে ব্ৰিটেইনত বসবাসৰ বাবে প্ৰস্তুতি চলাইছে ৷ মুম্বাইৰ উপৰি তেওলোকে ব্ৰিটেইনৰ ষ্টোক পাৰ্কৰ ওচৰতো এটা বিলাসী অট্টালিকা নিৰ্মান কৰি আছে ৷ কেৱল সেয়াই নহয় , ৫২৯ কৌটি টকাৰে আম্বানীয়ে ষ্টোক পাৰ্ক ক্ৰয় কৰাৰ খবৰো চৰ্চালৈ আহিছে ৷ লণ্ডনত আম্বানী পৰিয়ালে ঘৰ নিৰ্মান কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পাছৰে পৰা তেওলোকে তাত নিগাজীকৈ থকাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে ৷ ইয়াকে লৈ টুইটাৰত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে ৷

Leave A Reply

Your email address will not be published.