ছমাহলৈ সম্প্ৰসাৰণ নহয় অসমৰ মন্ত্ৰীসভা

Share This Article

ছমাহ পৰ্যন্ত সম্প্ৰসাৰণ নহয় ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা ৷ আজি এই কথা স্পষ্ট কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে বৰ্তমান মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই ৷ বৰ্তমান টীম এটাই কাম কৰি আছে ৷ এটা বছৰ হৈ যাওক , তাৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা হ’ব ৷
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ লগে লগে বহু বিজেপি বিধায়কৰ আশাত চেচা পানী পৰিল ৷ বহুকেইজন জে্যষ্ঠ বিধায়কে আশা কৰি আছিল যে সোণকালেই ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব আৰু তেওলোকৰ বাবে মন্ত্ৰিত্বৰ দুৱাৰ মুকলি হ’ব ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰি দিলে যে অন্তত: ছমাহলৈ মন্ত্ৰীসভাৰ কোনো সম্প্ৰসাৰণ নহয় ৷
বিগত ১০ মে’ত শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.