সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী আচনিক নির্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বিজেপিয়ে?

ভাৰত চৰকাৰৰ এখন আচনি৷আচনিৰ জৰিয়তে প্ৰদান কৰা হৈছিল বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ৷বিগত চাৰিটা বছৰত সফল ৰুপায়ন হোৱা আচনিখনক লৈ গর্বিত মোদী চৰকাৰ৷কিন্তু আচনিখনৰ ৰুপায়ন সন্দর্ভত এতিয়া পোহৰলৈ আহিছে আন এক তথ্য৷সেইয়া হৈছে,অন্যান্য সময়তকৈ নির্বাচনৰ সময়তহে অত্যাধিক গুৰুত্ব দিয়া হৈছিল আচনিখনৰ ৰুপায়নত৷সেইবাবেই প্ৰশ্ন উঠিছে,নির্বাচনত জিকিবলৈ এই আচনিখনৰ সুবিধা লৈছিল নেকি মোদী চৰকাৰে?
আচনিৰ নাম প্ৰধানমন্ত্ৰী উজলা যোজনা৷২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা আচনিৰ উদেশ্য আছিল ২০২০ চনৰ ভিতৰত দেশৰ ৮ কোটি পৰিয়ালৰ ঘৰত ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা৷প্ৰধানমন্ত্ৰী উজলা যোজনাই ইতিমধ্যে লক্ষ্য সাধন কৰিছে৷কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছৰ এক আৰ টি আইত প্ৰকাশ পাইছে,যে নির্বাচনৰ প্ৰাক কালীন সমতহে সর্বাধিক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছিল এই আচনিৰ জৰিয়তে৷
ইণ্ডিয়ান এক্সপ্ৰেছে মুকলি কৰা তথ্য অনুসৰি,প্ৰধানমন্ত্ৰী উজলা যোজনা মুকলি কৰাৰ পিছত প্ৰথম বর্ষত,অর্থাৎ ২০১৬-১৭ বর্ষত সমগ্ৰ দেশত বিতৰণ কৰা হৈছিল সর্বমুঠ ১ কোটি ৯৩ লাখ ৫ হাজাৰ ৩২৭ টা ৰন্ধন গেছ৷২০১৭-১৮ বর্ষত বিতৰন কৰা হৈছিল ১ কোটি ৫৮ লাখ ৬৯ হাজাৰ ৮৫৭ হাজাৰ৷কিন্তু লোকসভা নির্বাচনৰ প্ৰাকক্ষণত ২০১৮-১৯ বর্ষত বিতৰণ কৰা হৈছিল সর্বাধিক ৩ কোটি ৫৭ লাখ ৬৪ হাজাৰ ৪১৭ টা ৰন্ধন গেছ৷আচৰিত কথাটো এইয়াই ,যে নির্বাচন যোৱাৰ পিছত ২০১৯-২০ বর্ষত ৰন্ধন গেছৰ বিতৰণ কমি আহিল ৯০ লাখ ৬০ হাজাৰ ১২৪ টালৈ৷
অসমৰ ক্ষেত্ৰত ২০১৬-১৭ বর্ষত বিতৰন কৰা হৈছিল মাত্ৰ ২ টা ৰন্ধন গেছ৷২০১৭-১৮ বর্ষত বিতৰন হল ১০ লাখ ৮৮ হাজাৰ ১৪৫ টা৷লোকসভা নির্বাচনৰ পূর্বে ২০১৮-১৯ বর্ষত বিতৰণ কৰা হল ১৭ লাখ ১ হাজাৰ ২৯৯ টা৷কিন্তু ২০১৯-২০ বর্ষত পুনৰ কমি আহিল ৬ লাখ ৭৭ হাজাৰ ৪৯০ টালৈ৷
একেদৰে মধ্য প্ৰদেশত ২০১৬-১৭ বর্ষত ২১ লাখ,২০১৭-১৮ বর্ষত ১০ লাখ আৰু ২০১৮-১৯ বর্ষত বিতৰণ কৰা হল ৩০ লাখ ৰন্ধন গেছ৷
উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল ২০১৭ চনত৷সেই অনুসৰি ২০১৬-১৭ বর্ষত উত্তৰ প্ৰদেশত বিতৰণ কৰা হৈছিল ৫৪ লাখ ৬৪ হাজাৰ ১৯০ টা ৰন্ধন গেছ৷২০১৭-১৮ বর্ষত হ্ৰাস পালে ১০ লাখ ৭ হাজাৰ ৩৭ টালৈ৷কিন্তু লোকসভা নির্বাচনৰ প্ৰাকক্ষণত ২০১৮-১৯ বর্ষত উত্তৰ প্ৰদেশত বিতৰণ হল ৬৩ লাখ ১৭ হাজাৰ ৫২৫ টা ৰন্ধন গেছ৷যিটো ২০১৯-২০ বর্ষত কমি আহিল ১৯ লাখ ৫৭ হাজাৰ ৬৯৩ টালৈ৷
এনেদৰেই দেশৰ প্ৰতিখন ৰাজ্যতেই লোকসভা নির্বাচনৰ বছৰটোত প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত বিতৰণ কৰা হৈছিল সর্বাধিক ৰন্ধন গেছৰ সংযোগ৷অর্থাৎ প্ৰধানমন্ত্ৰী উজলা যোজনা যে বিজেপি চৰকাৰৰ এখন নির্বাচন কেন্দ্ৰীক আচনিহে আছিল সেই কথা প্ৰমাণ কৰিছে এই পৰিসংখ্যাই৷মনত ৰাখিব এবছৰ পূর্বে মাত্ৰ ২ টা ৰন্ধন গেছৰ সংযোগ হোৱা অসমত এই আচনিৰ জৰিয়তে নির্বাচনৰ বছৰত সংযোগ কৰা হৈছিল ১৭ লাখ ৰন্ধন গেছ৷

Leave A Reply

Your email address will not be published.