সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাহুল গান্ধীক বাৰম্বাৰ আক্ৰমণ কৰি কি ক’লে মমতা বেনাৰ্জীয়ে ?

কথা আছিল ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়ি তোলা ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হৈছিল তৎপৰতা ৷ কিন্তু দিন যোৱাৰ লগে লগে বিৰোধী ঐক্যৰ বিষয়টো স্থবিৰ হৈ পৰাই নহয় , বিৰোধীৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ ৷ মমতা বেনাৰ্জীৰ শেহতীয়া মুম্বাই ভ্ৰমনে কংগ্ৰেছ আৰু আন বিৰোধী দলৰ মাজত সৃষ্টি হোৱা সংঘাত অতি মুকলি ৰূপত প্ৰতিফলিত কৰিলে ৷ ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তেও কগ্ৰেছ নেতাজনক উপৰ্যুপৰি সমালোচনা কৰে ৷ আনকি কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ এতিয়া কোনো অস্তিত্ব নাই বুলিও মন্তব্য কৰে ৷ নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ কৰি তেও কয় যে কোনোবাই যদি বিদেশত গৈ বহি থাকে , ৰাস্তাত নামি যুদ্ধ নকৰে , তেনেহ’লে বাকীসকলে কিয় বিজেপিৰ টি আৰ পি বাঢ়িবলৈ দিব ? পশ্চিমবংগত কংগ্ৰেছে বাও চৰকাৰৰ বিৰুদ্ধে সঠিকভাৱে যুদ্ধ কৰা নাছিল ৷ যাৰ বাবে তৃণমূল কংগ্ৰেছ গঠন কৰা হৈছিল ৷ মানুহক কোৱা হৈছিল যে তৃণমূল কংগ্ৰেছেই প্ৰকৃত কংগ্ৰেছ ৷
ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে আক্ৰমনাত্মক মন্তব্য কৰি মমতা বেনাৰ্জীয়ে কয় ,’আপুনি যদি বেছিভাগ সময় বিদেশত বহি থাকে , মাজে মাজে মানুহৰ মাজলৈ আহে , তেনেহ’লে আপুনি ভাবে নেকি যে মানুহ বুৰ্বক ?’ মুম্বাইৰ নাগৰিক সমাজ , উদ্যোগপতিৰ সৈতে হোৱা বৈঠকত এইদৰেই ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰি যায় মমতা বেনাৰ্জীয়ে ৷আনকি এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতো তেও কংগ্ৰেছক কটাক্ষ কৰে ৷ মমতা বেনাৰ্জীয়ে কয় , শাৰদ পাৱাৰেও কৈছে যে মজবুত বিকল্প শক্তিৰ দৰকাৰ ৷যিয়ে যুদ্ধ কৰিব ৷ কোনোবাই যদি যুঁজ দিব নিবিচাৰে আমি কি কৰিম?
মেঘালয় , গোৱা আদিত কংগ্ৰেছ নেতা , বিধায়ক আদিয়ে তৃণমূলত যোগদান কৰা প্ৰসংগত তেও কয় যে কংগ্ৰেছ য’ত শক্তিশালী , তাত তেওলোকে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক ৷আমি তাত ভোট ভাগ কৰিব নাযাও ৷ কিন্তু কংগ্ৰেছে পশ্চিমবংগত আমাৰ বিৰুদ্ধে যুঁজ দিছে ৷ চিপি আই (এম ) – কংগ্ৰেছে প্ৰতিখন আসনত প্ৰাৰ্থী দিছিল ৷ উত্তৰ প্ৰদেশত অখিলেশ যাদৱে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু সেইবাবেই তৃণমূলে তাত ভোট বিভাজন কৰিব নাযায় বুলি মন্তব্য কৰে ৷
মমতা বেনাৰ্জীয়ে এই স্থিতিয়ে স্পষ্ট কৰি দিছে যে কংগ্ৰেছক বেকফুটলৈ ঠেলি তেও ভাৰতৰ ৰাজনীতিত প্ৰধান বিৰোধীৰ ভূমিকা ল’বলৈ আগবাঢ়িছে ৷

Leave A Reply

Your email address will not be published.