ৰাহুল গান্ধীক বাৰম্বাৰ আক্ৰমণ কৰি কি ক’লে মমতা বেনাৰ্জীয়ে ?

কথা আছিল ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়ি তোলা ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হৈছিল তৎপৰতা ৷ কিন্তু দিন যোৱাৰ লগে লগে বিৰোধী ঐক্যৰ বিষয়টো স্থবিৰ হৈ পৰাই নহয় , বিৰোধীৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ ৷ মমতা বেনাৰ্জীৰ শেহতীয়া মুম্বাই ভ্ৰমনে কংগ্ৰেছ আৰু আন বিৰোধী দলৰ মাজত সৃষ্টি হোৱা সংঘাত অতি মুকলি ৰূপত প্ৰতিফলিত কৰিলে ৷ ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তেও কগ্ৰেছ নেতাজনক উপৰ্যুপৰি সমালোচনা কৰে ৷ আনকি কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ এতিয়া কোনো অস্তিত্ব নাই বুলিও মন্তব্য কৰে ৷ নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ কৰি তেও কয় যে কোনোবাই যদি বিদেশত গৈ বহি থাকে , ৰাস্তাত নামি যুদ্ধ নকৰে , তেনেহ’লে বাকীসকলে কিয় বিজেপিৰ টি আৰ পি বাঢ়িবলৈ দিব ? পশ্চিমবংগত কংগ্ৰেছে বাও চৰকাৰৰ বিৰুদ্ধে সঠিকভাৱে যুদ্ধ কৰা নাছিল ৷ যাৰ বাবে তৃণমূল কংগ্ৰেছ গঠন কৰা হৈছিল ৷ মানুহক কোৱা হৈছিল যে তৃণমূল কংগ্ৰেছেই প্ৰকৃত কংগ্ৰেছ ৷
ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে আক্ৰমনাত্মক মন্তব্য কৰি মমতা বেনাৰ্জীয়ে কয় ,’আপুনি যদি বেছিভাগ সময় বিদেশত বহি থাকে , মাজে মাজে মানুহৰ মাজলৈ আহে , তেনেহ’লে আপুনি ভাবে নেকি যে মানুহ বুৰ্বক ?’ মুম্বাইৰ নাগৰিক সমাজ , উদ্যোগপতিৰ সৈতে হোৱা বৈঠকত এইদৰেই ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰি যায় মমতা বেনাৰ্জীয়ে ৷আনকি এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতো তেও কংগ্ৰেছক কটাক্ষ কৰে ৷ মমতা বেনাৰ্জীয়ে কয় , শাৰদ পাৱাৰেও কৈছে যে মজবুত বিকল্প শক্তিৰ দৰকাৰ ৷যিয়ে যুদ্ধ কৰিব ৷ কোনোবাই যদি যুঁজ দিব নিবিচাৰে আমি কি কৰিম?
মেঘালয় , গোৱা আদিত কংগ্ৰেছ নেতা , বিধায়ক আদিয়ে তৃণমূলত যোগদান কৰা প্ৰসংগত তেও কয় যে কংগ্ৰেছ য’ত শক্তিশালী , তাত তেওলোকে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক ৷আমি তাত ভোট ভাগ কৰিব নাযাও ৷ কিন্তু কংগ্ৰেছে পশ্চিমবংগত আমাৰ বিৰুদ্ধে যুঁজ দিছে ৷ চিপি আই (এম ) – কংগ্ৰেছে প্ৰতিখন আসনত প্ৰাৰ্থী দিছিল ৷ উত্তৰ প্ৰদেশত অখিলেশ যাদৱে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু সেইবাবেই তৃণমূলে তাত ভোট বিভাজন কৰিব নাযায় বুলি মন্তব্য কৰে ৷
মমতা বেনাৰ্জীয়ে এই স্থিতিয়ে স্পষ্ট কৰি দিছে যে কংগ্ৰেছক বেকফুটলৈ ঠেলি তেও ভাৰতৰ ৰাজনীতিত প্ৰধান বিৰোধীৰ ভূমিকা ল’বলৈ আগবাঢ়িছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296