কাবুলৰ পৰা বিভিন্ন দেশলৈ বিমান চলাচল কৰা আকাশী পথসমূহ বন্ধ কৰি দিয়া হৈছে ৷ যাৰ বাবে আফগানিস্তানত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী ৷ আকাশী পথ বন্ধ কৰি দিয়াৰ ফলত হামিদ কাৰজাই বিমান বন্দৰত বিমানৰ অৱতৰণৰ লগতে বিমান বন্দৰটোৰ পৰা উৰণৰ পথ অৱৰুদ্ধ হৈ পৰিছে ৷ এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জনোৱা মতে দুপৰীয়া ১২ বজাত এখন বিমান কাবুল অভিমুখে ৰাওণা হোৱাৰ কথা আছিল ৷ কিন্তু সেয়া এতিয়া বাতিল কৰি দিয়া হৈছে ৷ কাবুল বিমান বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে বিমান বন্দৰত প্ৰচুৰ ভিৰ হোৱা বাবে অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে সাময়িকভাৱে আকাশী পথসমূহ বন্ধ কৰি দিয়া হৈছে ৷ বিমান বন্দৰত উদ্ভৱ হোৱা অৰাজক পৰিস্থিতিত ৫ জন লোক মৃত্যুমুখত পৰিছে ৷