মৃত্যুৰ এবছৰৰো অধিক সময়ৰ পিছত ESI ৰাজাজীনগৰ চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হল দুজনকৈ ক’ভিড-১৯ ৰোগীৰ মৃতদেহ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা কেপি অগ্ৰহৰাৰ মুনিৰাজু (৬২) আৰু চামাৰাজপেটৰ দুৰ্গা (৪০)ৰ মৃতদেহ ২০২০ চনৰ জুলাই মাহৰ পৰা পুৰণি এটা শৱগৃহৰ ফ্ৰীজাৰত সংৰক্ষণ কৰা হৈছিল। ক’ভিডৰ প্ৰথম ঢৌৰ দৌৰত্মৰ বাবে বহু মৃতদেহ জমা হোৱাৰ লগে লগে হস্পিতাল খনত এটা নতুন শৱগৃহ স্থাপন কৰা হৈছিল আৰু মৃতদেহবোৰ তালৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এই দুটা মৃতদেহ পুৰণি শৱগৃহতে থাকি গৈছিল।
শনিবাৰে চৌহদটো পৰিষ্কাৰ কৰি থকা চাফাই কৰ্মচাৰী সকলে মৃতদেহ দুটা প্ৰত্যক্ষ কৰিছিল।দুৰ্গন্ধ নিৰ্গত হৈ থকা মৃতদেহ দুটা দেখি অধীক্ষক আৰু আৰক্ষীক ফ্ৰীজাৰত থকা মৃতদেহ দুটাৰ বিষয়ে অৱগত কৰা হৈছিল। ইতিমধ্যেই মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ভিক্টোৰিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাজাজীনগৰ ষ্টেচনৰ এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি অস্বাভাৱিক মৃত্যু হোৱা বুলি এটা গোচৰ ৰুজু কৰা হৈছে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ দ্বাৰা বিভাগীয় তদন্ত কৰাৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হব। ডেক্কান হেৰাল্ডৰ চিকিৎসালয়ৰ এক সূত্ৰই দিয়া তথ্য অনুসৰি যেতিয়া শৱগৃহটো বন্ধ কৰা হৈছিল তেতিয়া মৃতদেহবোৰ সংৰক্ষণ কৰা ফ্ৰীজাৰটো পৰিদৰ্শন কৰা হোৱা নাছিল। এইটো আছিল এটা গুৰুতৰ ত্ৰুটি। তদুপৰি সাধাৰণতে ফ্ৰীজাৰৰ দুৱাৰৰ বাহিৰত ষ্টিকাৰ লগোৱা হয় যিটোৱে সূচায় যে ভিতৰত মৃতদেহ আছে। কিন্তু তাত কোনো ষ্টিকাৰ লগোৱা হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে শৱগৃহৰ লগ-বুকত উল্লেখ কৰা হৈছিল যে মৃতদেহবোৰ নিষ্কাশনৰ বাবে বিবিএমপি (ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকা)ৰ হাতত অৰ্পন কৰা হৈছে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post