আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰা নাৱাজুদ্দিন চিদ্দিকি অভিনেতা হ’ল কেনেকৈ?

Share This Article

ভাৰতীয় ছবি জগতৰ এটা চিৰ পৰিচিত নাম হৈছে নাৱাজুদ্দিন চিদ্দিকি। নাৱাজুদ্দিন চিদ্দিকিৰ অভিনয় নোচোৱা চিনেমা প্ৰেমী হয়তো দেশত যথেষ্ট কমেই ওলাব। অনুৰাগ কাশ্যপৰ Gangs of Wasseypurত নাৱাজুদ্দিন চিদ্দিকিয়ে কৰা অভিনয়ে আজিও আকৰ্ষিত কৰে দেশৰ যুৱ চামক। কিন্তু কেনেকৈ অভিনয় জগতলৈ আহিছিল নাৱাজুদ্দিন চিদ্দিকি? আনৰ ঘৰত ৰান্ধনীৰ কাম কৰা নাৱাজুদ্দিন চিদ্দিকি বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা হল কেনেকৈ?কোৱা হয় যে এসময়ত উত্তৰ প্ৰদেশ ৰাজ্যৰ মুজাফফৰ নগৰৰ বুধনা নামৰ সৰু গাওঁখনত এজন বিশেষ লৰা বাস কৰিছিল যাৰ সপোনবোৰ তাৰ পৰিয়ালে বহন কৰিব পৰাতকৈ যথেষ্ট ডাঙৰ আছিল। যিখন গাঁৱত স্কুললৈ যোৱাটোৱেই অসম্ভৱসম আছিল সেই খন গাঁৱৰ পৰাই এই লৰা জনে স্নাতক ডিগ্ৰী লাভ কৰিছিল। গাওঁখনে মাত্ৰ তিনিটা বস্তুহে জানিছিলঃ ঘেঁহু-কুঁহিয়াৰ আৰু বন্দুক। যাৰ বাবে সেই ঠাই পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল নাৱাজুদ্দিন চিদ্দিকিৰ পৰিয়াল। কিন্তু উত্তৰ প্ৰদেশৰ এখন সৰু গাওঁত বাস কৰা নাৱাজুদ্দিন বলিউডৰ Gang Star হল কেনেকৈ? এইয়া সকলোৰে জ্ঞাত যে ভাৰতীয় ছবি জগতত নাৱাজুদ্দিন চিদ্দিকিৰ আছে এক অনন্য পৰিচয়। অভিনয়ৰ অভিনৱ ষ্টাইলে দেশৰ সৰ্বাধিক জনপ্ৰিয় আৰু চৰ্চিত তাৰকা হিচাপে পৰিগণিত কৰিছে নাৱাজুদ্দিন চিদ্দিকিক। চিদ্দিকিৰ জন্ম হৈছিল ১৯৭৪ চনৰ ১৯ মে তাৰিখে ভাৰতৰ উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ এখন সৰু চহৰ বুধানাত লাম্বৰদাৰৰ এটা জামিদাৰী মুছলমান পৰিয়ালত। আঠ গৰাকী ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ আছিল নাৱাজুদ্দিন চিদ্দিকি। চিদ্দিকিয়ে হৰিদ্বাৰৰ গুৰুকুল কাংৰি বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত নতুন চাকৰিৰ সন্ধানত দিল্লীলৈ ৰাওনা হোৱাৰ আগতে এবছৰ ৰসায়নবিদ হিচাপে ভদোদৰাত কাম কৰিছিল নাৱাজুদ্দিন চিদ্দিকিয়ে। কিন্তু পৰিস্থিতিৰ তাগিদাত দিল্লীত চকিদাৰ হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল চিদ্দিকী। এবাৰ দিল্লীত এখন নাটক চোৱাৰ পিছত লগে লগে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল নাৱাজুদ্দিন। নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামা অৰ্থাৎ এনএছডিত নামভৰ্তি কৰাৰ বাবে নামভৰ্তিৰ এটা চৰ্ত পূৰণ কৰিবলৈ ডেৰাডুনৰ এটা বন্ধুৰ গোটৰ সৈতে দহখনতকৈও অধিক নাটকত অভিনয় কৰিছিল। তাৰ পিছত চিদ্দিকী নেচনেল স্কুল অৱ ড্ৰামাত নামভৰ্তি কৰিছিল। ১৯৯৬ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সপোনৰ টোপোলা বুকুত বান্ধি ভাগ্যৰ জুৱা খেলি মুম্বাইলৈ উৰা মাৰিছিল নাৱাজুদ্দিন। ১৯৯৯ চনত আমিৰ খান অভিনীত চৰফৰোশত এটা সৰু চৰিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল নাৱাজুদ্দিন চিদ্দিকীয়ে। এই ছবি খনত এজন সন্ত্ৰাসবাদীৰ চৰিত্ৰত অভিনয় কৰিছিল নাৱাজুদ্দিনে। তাৰ পিছত ৰাম গোপাল বৰ্মাৰ ১৯৯৯ চনৰ ছবি শ্বুল আৰু ২০০০ চনৰ জংঘল চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে ২০০৩ চনত ৰাজকুমাৰ হিৰাণীৰ মুন্নাভাই এমবিবিএছত অভিনয় কৰি বলিউডত সাঁচ বহুৱাবলৈ আৰম্ভ কৰিছিল নাৱাজুদ্দিনে। মুম্বাইলৈ যোৱাৰ পিছত নাৱাজুদ্দিনে দূৰদৰ্শন ধাৰাবাহিকতো কাম কৰিবলৈ চেষ্টা কৰিছিল কিন্তু বিশেষ সফলতা অৰ্জন কৰিব পৰা নাছিল। ২০০৩ চনত দ্য বাইপাছ নামৰ এখন চুটি ছবিত অভিনয়ৰ জৰিয়তে ইৰফান খানৰ সান্নিধ্যলৈ আহিছিল চিদ্দিকী। ইয়াৰ বাহিৰেও ২০০২ৰ পৰা ২০০৫ চনলৈ কৰ্ম বিমুখ হৈ পৰিছিল চিদ্দিকী। তেতিয়া আন চাৰিজন লোকৰ সৈতে ভাগ বতৰা কৰা এটা ফ্লেট ভাড়াত লৈ মাজে মাজে অভিনয় কৰ্মশালা অনুষ্ঠিত কৰি পেটৰ ভাত মুকলাইছিল চিদ্দিকীয়ে। ২০০৪ চনটো আছিল চিদ্দিকীৰ সংগ্ৰামী জীৱনৰ আটাইতকৈ বেয়া বছৰবোৰৰ ভিতৰত এটা। সেই বছৰত চিদ্দিকীয়ে ঘৰৰ ভাড়া দিব নোৱাৰিলে। তাৰ পিছত চিদ্দিকীয়ে এজন জেষ্ঠ্য এনএছডিয়ানৰ লগত থাকিবলৈ লৈছিল। থাকিবলৈ দিয়াৰ বিনিময়ত চিদ্দিকীয়ে ঘৰৰ সকলো ৰন্ধা বঢ়াৰ কাম কৰিব লাগিছিল। ভাড়া পৰিশোধ কৰিবলৈ পৰ্যাপ্ত ধন নথকা ছিদ্দিকীয়ে ষ্টুডিঅৰ পৰা ষ্টুডিঅলৈ খোজ কাঢ়ি অহা যোৱা কৰিছিল। তাৰ পিছতো ভিৰৰ অংশ হিচাপে কেৱল সৰু চৰিত্ৰতহে অভিনয় কৰাৰ সুযোগ পাইছিল ছিদ্দিকীয়ে। দীঘলীয়া বিৰতিৰ পিছত ২০০৭ চনত অনুৰাগ কাশ্যপৰ ব্লেক ফ্ৰাইডেত আত্মপ্ৰকাশ কৰিছিল ছিদ্দিকীয়ে।বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ট্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰ লাভ কৰা ছবি পাটাঙত বিবাহৰ গায়ক হিচাপে প্ৰথম মুখ্য মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিল ছিদ্দিকীয়ে। অৱশ্যে পিপলি লাইভ চলচ্চিত্ৰৰ পৰাহে প্ৰকৃত স্বীকৃতি লাভ কৰে। এই ছবি খনত নাৱাজুদ্দিনে এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও নাৱাজুদ্দিনৰ জীৱনত আছে আন বহু গোপন কাহিনী।এটা মিডিয়া পৰ্টেলৰ সৈতে বাৰ্তালাপৰ সময়ত নৱাজুদ্দিনে প্ৰকাশ কৰিছিল যে এসময়ত নৱাজুদ্দিনে ঘৰৰ কাষৰ এজনী ছোৱালীৰ প্ৰেমত পৰিছিল।সেই সময়ত নৱাজুদ্দিনৰ বাবে চিলা আছিল তাইৰ সৈতে যোগাযোগৰ একমাত্ৰ উপায়। নৱাজুদ্দিনে কাগজত চিঠি লিখি সেইবোৰ চিলাৰ সৈতে সংলগ্ন কৰি তাইৰ বাৰান্দাৰ ফালে উৰুৱাই দিছিল। অৱশ্যে তাইৰ পৰা উত্তৰ পাবলৈ বতাহৰ দিশ সঠিক হোৱালৈ অপেক্ষা কৰিব লাগিছিল নৱাজুদ্দিনে। বহু সাক্ষাৎকাৰত নৱাজুদ্দিনে স্বীকাৰ কৰিছে যে অংকৰ শিক্ষক প্ৰেমচান্দৰ পৰাই ছিদ্দিকীয়ে সময়ানুৱৰ্তীতা শিকিছিল। এনেদৰেই জীৱনৰ কঠিন সময়কো নেওচি আজিৰ নাৱাজুদ্দিন চিদ্দিকী হৈছে এই গৰাকী যশস্বী অভিনেতা। নেপতিজিমৰ যুগত নাৱাজুদ্দিন চিদ্দিকী হৈছে Self Made Starৰ এটা অনন্য উদাহৰণ। কুশলে থাকক নাৱাজুদ্দিন চিদ্দিকী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.