সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিমুদ্ৰাকৰণ : ৰায় ২ জানুৱাৰীত

দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অহা ২ জানুৱাৰীত বিমুদ্ৰাকৰণ সম্পৰ্কত ইয়াৰ ৰায় ঘোষণা কৰিব।২০১৬ চনত চৰকাৰে বিমুদ্ৰাকৰণ সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত প্ৰায় ৩ ডজনৰো অধিক লোকে আৱেদন দাখিল কৰিছিল ন্যায়ালয়ত।বিগত ৭ ডিচেম্বৰত এই সম্পৰ্কত ন্যায়ালয়ত শুনাানি গ্ৰহণ কৰা হৈছিল।এই ৰাজহুৱা স্বাৰ্থজনিত আৱেদনবোৰত বিমুদ্ৰাকৰণক সম্পূৰ্ণ অসাংবিধানিক সিন্ধান্ত বুলি উল্লেখ কৰিছিল।তদুপৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া এক্ট অনুসৰি এই বিমুদ্ৰাকৰণ আছিল ৰিজাৰ্ভ বেংকৰ এক্টৰ পৰিপন্থী।শীতকালীন ছুটীৰ বাবে ন্যায়ালয় বন্ধ থাকিব আৰু ইয়াৰ কাম কাজ অহা ২ জানুৱাৰীৰ পৰাহে পুনৰ আৰম্ভ হ’ব।সেয়ে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে ন্যায়ালয়ৰ কামকাজ আৰম্ভ হোৱাৰ দিনা এই সম্পৰ্কে ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে।বিগত ৭ ডিচেম্বৰৰ শুনানিৰ পিছত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আৰু চৰকাৰৰ বিত্ত বিভাগত বিমুদ্ৰাকৰণ সন্দৰ্ভত সিন্ধান্ত লোৱাৰ সময়ৰ সকলো নথিপত্ৰ আৰু নিৰ্দেশাৱলী জমা দিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।উল্লেখ্য যে ২০১৬ চনৰ ৮ নবেম্বৰৰ দিনা সেই সময়ত সম্পূৰ্ণ ভাৱে বজাৰত চলি থকা ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিয়া হৈছিল৷মুঠ ৮৬% নোট অকস্মাতে বজাৰৰ পৰা নোহোৱা হৈছিল।”ৰিজাৰ্ভ বেংকৰ আইন অনুসৰি যিকোনো বিশেষ চিৰিজৰ নোটহে ন্যায়সংগত ভাৱে বন্ধ কৰিব পাৰে৷সকলো ধৰণৰ নোট বন্ধ কৰাৰ কোনো নিয়ম নাই৷সেইসময়ত ৰিজাৰ্ভ বেংকে পুৰণি নোট সমূহ জমা দিয়াৰ বাবে জনতাক ৩০ ডিচেম্বৰলৈকে সময় বান্ধি দিছিল ।ন্যায়ালয়ত আৱেদন জনোৱা লোকসকলৰ সৰহসংখ্যকেই ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া সময় অৰ্থাৎ ৩০ ডিচেম্বৰৰ ভিতৰত পুৰণি নোট জমা দিব পৰা নাছিল।সম্পূৰ্ণ ৫ দিন এই বিষয়টো সম্পৰ্কত শুনানি গ্ৰহণ কৰাৰ পিছত জ্যেষ্ঠ অধিবক্তা পি চিদাম্বৰমে কয় যে বিমুদ্ৰাকৰণ আছিল ‘সবাতোকৈ ভুল আৰু বেয়া সিন্ধান্ত’ আৰু ই ‘আইন -নীতি নিয়ম সকলোকে একপ্ৰকাৰ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন’ কৰিছিল।আৱেদকাৰীসকলে লগতে এই বুলিও জনাই যে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া সেই সময়ত জনতাৰ অসুবিধা,সমস্যা আৰু কষ্ট সম্পৰ্কত অৱগত আছিল নে সেই বিষয়টোও স্পষ্ট কৰিব লাগে সংস্থাটোৱে।উল্লেখ্য যে সেই নিৰ্দিষ্ট দিনটোত মুঠ ১৭.৯৭ লাখ কোটি টকাৰ নোট বজাৰত সঞ্চালন হৈ আছিল আৰু ইয়াৰ মূল্য আছিল ১৫.৪৪ লাখ কোটি টকা৷ইয়াৰে ১৫.৩১লাখ কোটি টকা বেংকত ঘূৰি আহি জমা হৈছিল।জ্যেষ্ঠ অধিবক্তা পি চিদাম্বৰমে কয় যে সেই সময়ত বজাৰত সঞ্চালন হৈ থকা মুঠ ৮৬.৪% টকা বেংকত জমা দিবলগীয়া হোৱাৰ ফলত সাধাৰণ জনতা,ব্যৱসায়,বাণিজ্য যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ইয়াৰ আগতেও ১৯৪৬ আৰু ১৯৭৮ চনত বিমুদ্ৰাকৰণৰ সিন্ধান্ত লোৱা হৈছিল৷কিন্তু বজাৰত সেই সময়ত প্ৰচলন হৈ থকা নোটৰ এক নগণ্য সংখ্যক নোটহে ইয়াৰ জৰিয়তে নিষিদ্ধ কৰা হৈছিল।১৯৪৬ চনত বিমুদ্ৰাকৰণৰ সময়ত মাত্ৰ ১১.৫ % মূল্যৰ ধনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছিল আৰু আনহাতে,১৯৭৮ চনত মাত্ৰ ০.৬ % মূল্যৰ ধনৰ ওপৰতহে ইয়াৰ প্ৰভাৱ পৰিছিল ।২০১৬ চনৰ বিমুদ্ৰাকৰণৰ সিন্ধান্তৰ ক্ষেত্ৰত চৰকাৰে অৱশ্যে ক’লাধন,জালনোট আৰু সন্ত্ৰাসবাদীক পুঁজি যোগান বন্ধ কৰাৰ বাবে এই সিন্ধান্ত লৈছিল বুলি জনাইছিল।আনহাতে,ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই এই সম্পৰ্কত নিজৰ সমৰ্থনত কয় যে সাধাৰণ জনতাই বিমুদ্ৰাকৰণৰ সময়ত যাতে দুৰ্ভোগ নোভোগে তাৰবাবে সকলোধৰণৰ পদক্ষেপ লৈছিল ৰিজাৰ্ভ বেংকে।

Leave A Reply

Your email address will not be published.