যোৰহাটত বেবী ফুটবল লীগ

Share This Article

ফুটবলক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ পৰা ছাত্ৰ -ছাত্ৰী সকল যাতে ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি FIFA ই ১০ বছৰ পূৰ্বে চিন্তা কৰিছিল আৰু বৰ্তমান ভাৰত বৰ্ষত গ’ল্ডেন বেবী লীগ আৰম্ভ কৰিছে।যোৰহাটতো পোন প্ৰথম বাৰৰ বাবে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ২৪ ডিচেম্বৰৰ পৰা গ’ল্ডেন বেবী লীগ আয়োজন কৰিছে।৬ বছৰৰ পৰা ১২ বছৰৰ শিশু সকলে ভাগ লব পাৰিব এই টুনামেণ্টত। ইতিমধ্যে ৭৫ টাতকৈ অধিক দলে অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এই টুৰ্নামেণ্টত।২৪ তাৰিখে এক উৎসৱ মুখৰ পৰিৱেশত অসম ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ উপস্থিতিত আৰম্ভ হ’ব এই টুৰ্নামেণ্ট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.