নিজে খুঁটি পুতি নিজেই উজুতি খালে বিজেপিয়ে

Share This Article

চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত সষ্টম হৈ পৰিছে।লগে লগে লোককে দেখুৱাই ৰাজস্থান বিজেপিয়ে ৰাজ্যখনত চলাই থকা ‘জন আক্ৰোশ যাত্ৰা’ ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে।ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনীয়াই শুকুৰবাৰে আবেলি ৩বাজি ৪ মিনিটত টুইট কৰে এনেদৰে “ ক’ৰনা পুনৰ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি জন আক্ৰোশ যাত্ৰা সাময়িকভাবে স্থগিত ৰখাৰ সিন্ধান্ত লৈছোঁ।পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ নতুন কৌশলেৰে বিজেপি পুনৰ অধিক আগ্ৰাসী ৰূপত জনতাৰ কাষ চাপিব আৰু কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে মাত মাতিব৷বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এই যাত্ৰা পিছুৱাৰ সিন্ধান্ত ল’লো।”এই টুইটাৰ বাৰ্তাৰ পিছত পুনীয়াই পুনৰ ৫ বাজি ৩৮ মিনিটত টুইট কৰে এনেদৰে “ বৰ্তমান চৰকাৰৰ ফালৰ পৰা ক’ভিড সম্পৰ্কত তেনে কোনো নিৰ্দেশাৱলী প্ৰেৰণ নকৰাৰ পৰিপ্ৰেক্ষিতত এই যাত্ৰা অব্যাহত ৰখা নৰখা সম্পৰ্কত কিছু খামখেয়ালিৰ সৃষ্টি হৈছিল।বৰ্তমান এই যাত্ৰা চলাই থকাৰ সিন্ধান্ত লোৱা হৈছে৷সেয়ে আমাৰ ‘জন আক্ৰোশ যাত্ৰা ‘ অব্যাহত থাকিব৷অৱশ্যে এই সময়চোৱাত সকলো ক’ভিড নীতি মানি চলা হ’ব৷কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে পুনৰ কোনো নিৰ্দেশ নিদিয়ালৈকে এই যাত্ৰা চলিব।”পুনীয়াৰ বাহিৰেও বিজেপিৰ ৰাজস্থানৰ ইনচাৰ্জ অৰুণ সিঙে দিল্লীত এই যাত্ৰা পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছিল।ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি গুলাবচান্দ কাটাৰীয়ায়ো দলৰ সদস্য সকলক একেলগে সমবেত নহ’বলৈ আহ্বান জনাইছিল।উল্লেখ্য যে চীনত ক’ভিড পৰিস্থিতি ভয়াবহ হোৱা বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীলৈ ‘ভাৰত জোড়ো’ যাত্ৰা স্থগিত ৰখাৰ আহ্বান জনাইছিল ।চীনৰ ক’ভিড পৰিস্থিতিৰ বাতৰি প্ৰকাশৰ লগে লগেই মাণ্ডাভিয়াৰ বিভাগৰ পৰা প্ৰথমেই ‘ভাৰত জোড়ো’ যাত্ৰা বন্ধ কৰাৰ বাবে ৰাহুল গান্ধীক আহ্বান জনোৱা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.