ভাৰতীয় টি -২০ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলিয়ে ৷ দেশৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে সদৰী কৰা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ পাছতেই নেতৃত্বৰ পৰা তেও অব্যাহতি ল’ব ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগত আলোচনা কৰিয়েই তেও এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷বিৰাট কোহলিৰ পাছত ৰোহিত শৰ্মা টি ২০ দলৰ নতুন অধিমায়ক হ’ব বুলি চৰ্চা আৰম্ভ হৈছে ৷ বিৰাট কোহলিয়ে আজি কয় যে নিজৰ সম্পূৰ্ণ ক্ষমতা অনুযা্যী ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব আৰু নেতৃত্ব দিবলৈ পাই তেও গৰ্বিত ৷ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলা সময়ছোৱাত যিসকলে সমৰ্থ জনাইছে , তেওলোক আটাইকে ধন্যবাদ ৷ সতীৰ্থ , কোচ্চ , ষ্টাফ আৰু আমাৰ বাবে যিসকলে প্ৰাৰ্থনা কৰিছে , সেই সমস্ত ভাৰতবাসীক ধন্যবাদ ৷অৱশ্যে এদিনীয়া আৰু টেষ্ট ক্ৰিকেটক ভাৰতক নেতৃত্ব দি যাব বিৰাট কোহলিয়ে ৷