সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা  কৰিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশবাসীক উদ্দেশ্যি প্ৰশ্ন কৰে যে চৰকাৰৰ ১৪ কৌটি চাকৰিৰ ভিতৰত আপোনালোকে কোনটো চাকৰি লাভ কৰিছে ৷ এক টুইটত তেও উল্লেখ কৰে- প্ৰতি বছৰে ২ কৌটি অৰ্থাৎ সাত বছৰত ১৪ কৌটি চাকৰিৰ ভিতৰত আপুনি কোনটো চাকৰি পালে ?দলটোৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই চৰকাৰক কটাক্ষ কৰি ২০১৯ চনৰ স্বাধীনতা দিৱসত মোদীয়ে দিয়া ভাষণৰ এটা ক্লিপ শ্বেয়াৰ কৰে ৷ টুইটটোত তেও লিখে যে জুমলা এৰাত কাৰ কি যা্য় ! কিন্তু এতিয়া জুমলাও পুৰণিয়ে এৰিবলগীয়া হৈছে ৷

দেওবাৰে পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহিবলগীয়া ২৫ বছৰক ‘ভাৰতৰ নিৰ্মানৰ অমৃত কাল’ বুলি অভিহিত কৰে ৷ তেও লগতে ১০০ লাখ কৌটিৰ ‘গতিশক্তি যোজনা’ , শক্তি ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰিবলৈ ‘গ্ৰীণ হাইদ্ৰ’জেন মিশ্যন’ আৰু অহা ১৫ সপ্তাহত ৭৫ খন বন্দে ভাৰত ৰে’লগাড়ী চলাচল কৰাৰ কথা ঘোষণা কৰে ৷ সৈনিক স্কুলত ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে ৷

- Donation -

Leave A Reply

Your email address will not be published.